শোণিতপুৰৰ বালিপৰাত পথ দুর্ঘটনাত ৫ বন্ধুৰ শোকাৱহ মৃত্যু

শোণিতপুৰৰ বালিপৰাত পথ দুর্ঘটনাত ৫ বন্ধুৰ শোকাৱহ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- শোণিতপুৰ জিলাৰ বালিপৰাৰ সমীপৱৰ্তী মিট চাপ্লাইৰ নায়েৰা পেট্ৰ’ল পাম্পৰ সমীপত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই শোকাৱহ পথ দুৰ্ঘটনাটোত ঘোঁৰামাৰীৰ বটাবাৰী নামৰ গাঁওখনৰ পাঁচজন যুৱকৰ থিতাতে মৃত্যু হয় ৷ এই শোকাৱহ দুৰ্ঘটনাত পাঁচজন সৰবৰাহী যুৱকে কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে, শুকুৰবাৰৰ মাজনিশা প্রায় ১২মান বজাত বটাবাৰী গাঁৱৰ পৰা পাঁচজন যুৱকে এ এছ-১২ এ পি-৬৩০০ নম্বৰৰ এখন ইক’ গাড়ী লৈ বিশেষ কামত বালিপৰালৈ বুলি ওলাই আহোঁতেই বালিপৰা-তেজপুৰ সংযোগী ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘোঁৰামাৰীৰ বটাবাৰীৰ নায়ৰা পেট্ৰ’ল পাম্পৰ সমীপত তীব্রবেগী এ আৰ-০৪ এ-২৬৯৬ নম্বৰৰ এখন ইক ‘মেট ট্রাকে প্রচণ্ড জোৰে খুন্দা মাৰে। ফলত যুৱকেকেইজনৰ ইক’ বাহনখন পথৰ দাঁতিৰ এটা খাৱৈত ছিটিকে পৰে। ফলত আটাইকেইজন যুৱকৰে মৃত্যু হয়। পিছত যুৱকেকেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। নিহত যুৱককেইজন ক্রমে বটাবাৰী গাঁৱৰ হৰগোবিন্দ হাজোৱাৰী , নয়ন স্বর্গীয়াৰী, পাপু বৰা ওৰফে লাটুমণি বৰা, প্রাঞ্জল বণিয়া  আৰু সঞ্জয় মেচ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দুর্ঘটনাগ্রস্ত গাড়ীখনৰ গৰাকী আছিল নয়ন স্বর্গীয়াৰী। চলিত বৰ্ষৰ মে’ মাহত গাড়ীখন কিনি স্কুল ভান হিচাপে ব্যৱহাৰ কৰি পৰিয়াল পোহপাল দিছিল নয়নে।প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে যুৱককেইজনে অহা ১৭ ছেপ্টেম্বৰত উহনি পথাৰ বটাবাৰীত সমূহীয়াকৈ অনুষ্ঠিত কৰাৰ বাবে আয়োজন কৰিছিল শ্ৰীশ্ৰী বিশ্বকর্মা পূজাৰ। নিজে আয়োজন কৰা শ্ৰীশ্ৰী বিশ্বকর্মা পূজাও অনুষ্ঠিত কৰা নহ’ল দুৰ্ভগীয়া যুৱককেইজনৰ। একেখন গাঁৱৰে পাঁচজন যুৱকে অকালতে মৃত্যুক সাবটি ল’বলগীয়া হোৱা কৰুণ ঘটনাটোত বটাবাৰী গাঁওস্থিত যুৱককেইজনৰ পৰিয়াল, গঞা ৰাইজ, বন্ধুবর্গ শোকত ভাগি পৰিছে। দুর্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে নিহতসকলৰ ভিতৰত তিনিজনৰ শৰীৰৰ বিভিন্ন অংশও আনকি ছিন্ন-ভিন্ন হৈ পৰে। দুর্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত স্থানীয় লোক আৰু আৰক্ষী উপস্থিত হৈ পাঁচজনৰে মৃতদেহ উদ্ধাৰ কৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইপিনে আৰক্ষীয়ে দুর্ঘটনা সংঘটিত কৰা ট্রাকখন জব্দ কৰাৰ বিপৰীতে ট্রাকখনৰ চালকজনে পলায়ন কৰে। উল্লেখ্য যে দুর্ঘটনাটোত নিহত হৰগোবিন্দ হাজোৱাৰী এজন ব্যবসায়ী তথা পৰিয়ালটোৰ একমাত্র উপাৰ্জনকাৰী। হাজোৱাৰীৰ দোকানৰ কাষতে বিশ্বকর্মা পূজাৰ আয়োজন চলাৰ বাবে হাজোৱাৰীৰ দোকানতে তেওঁলোক লগ হৈছিল। ইপিনে ব্যবসায়ী প্রাঞ্জল বণিয়া নিজ বাসগৃহত ভাত-পানী খাই শুই থকা অৱস্থাত তেওঁলৈ চাৰি বন্ধুৱে ফোন কৰাত প্রাঞ্জল ঘৰৰ পৰা ৰাস্তালৈ ওলাই আহে আৰু আন চাৰিওজনে তেওঁক ইক’ বাহনখনত উঠাই একেলগে বালিপৰাৰ দিশে যাত্ৰা কৰে। পৰিয়ালৰ লোকে প্রকাশ কৰা অনুসৰি, সচৰাচৰ দোকান বন্ধ কৰি ঘৰলৈ অহা হাজোৱাৰী কালি বাহিৰে বাহিৰে আন চাৰিওজনৰ লগত ওলাই গৈছিল। পত্নী আৰু একমাত্ৰ সন্তানক এৰি যোৱা নয়ন স্বর্গীয়াৰীৰ পত্নীয়ে দুর্ঘটনাটোৰ খবৰ লাভ কৰাৰ পিছতে অসুস্থ হৈ পৰাত তেওঁক চিকিৎসালয়ত ভর্তি কৰোৱা হয়। ইপিনে নিশা যথেষ্ট পলম হোৱা সত্ত্বেও ঘৰলৈ নহাত হৰগোবিন্দৰ দেউতাক চিন্তিত হৈ পৰে আৰু হৰগোবিন্দৰ ৯ বছৰীয়া পুত্ৰ সন্তান পিতৃৰ অপেক্ষাত থকাৰ লগতে আন চাৰিওজনৰে পৰিয়ালে তেওঁলোকৰ বাবে অপেক্ষা কৰি থকাৰ সময়ত দুর্ঘটনাটোৰ বিষয়ে জানিব পাৰে। ইয়াৰ পিছতে হাহাকাৰ লাগে পৰিয়ালকেইটাত। উল্লেখ্য যে নিহত আটাইকেজন তেওঁলোকৰ পৰিয়ালৰ একমাত্র উপাৰ্জনকাৰী ব্যক্তি আছিল। ইয়াৰে ভিতৰত নিহত পাপু বৰাৰ জ্যেষ্ঠ ভাতৃৰ ইতিমধ্যে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটিছে। উল্লেখ্য যে যুৱককেইজন অঞ্চলটোৰ সৰবৰহী আৰু সামাজিক কাম-কাজৰে জড়িত আছিল। নিহত হাজোৱাৰী স্থানীয় ত্রিনয়ন সংঘৰ সম্পাদক আছিল। নিশা দুর্ঘটনাটো সংঘটিত হোৱাৰ পিছতে বটাবাৰীত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয়।  ইপিনে, ঘটনাস্থলীত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসসহ জিলা প্ৰশাসনৰ এটি বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ চৰজমিন তদন্ত কৰে। জিলা আয়ুক্তগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালবর্গক সমবেদনা জনাই পৰিয়ালকেইটাক চৰকাৰীভাৱে যৎপৰোনাস্তি সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে। ইপিনে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত শনিবাৰে বিয়লি নিহত পাঁচজনৰে মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হয়। চিকিৎসালয়ত উপস্থিত হৈ ৰঙ পৰাৰ বিধায়ক কৃষষ্ণকমল তাঁতীয়ে এই ঘটনা অতিশয় হহৃদয়বিদাৰক বুলি প্রকাশ কৰি তেওঁ নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। নিহত আটাইকেইজনলৈ ৰাজহুৱা শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত বটাবাৰীৰ ৰাজহুৱা শ্মশানত পাঁচজনৰে অন্ত্যেষ্টিক্রিয়া পৃথকে সম্পন্ন কৰা হয়।