ডিব্ৰুগড়ৰ অৱসৰী প্ৰধান  শিক্ষয়িত্রী,ধৰ্ম্মপ্ৰাণ মহিলা লীলাৱতী গগৈ দেউৰীৰ মৃত্যু

ডিব্ৰুগড়ৰ অৱসৰী প্ৰধান  শিক্ষয়িত্রী,ধৰ্ম্মপ্ৰাণ মহিলা লীলাৱতী গগৈ দেউৰীৰ মৃত্যু

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ আমোলাপট্টি ৬ নং নিম্ন বুনিয়াদী বিদ্যালয়ৰ অৱসৰপ্রাপ্ত  প্ৰধান শিক্ষয়িত্রী, ধৰ্ম্মপ্ৰাণ মহিলা লীলাৱতী গগৈ দেউৰীৰ কালি ডিব্ৰুগড়ৰ চিৰিং চাপৰিৰ নিজ বাসগৃহত ৮০ বছৰ বয়সত মৃত্যু হয়। তেওঁ  কিছুদিন ধৰি চেন্নাইত চিকিৎসাধীন অৱস্থাত থাকি বিশেষ আৰোগ্য লাভ নকৰাত স্বগৃহলৈ ঘূৰি আহে আৰু কালি নিজ বাসগৃহত পৰলোক প্ৰাপ্তি ঘটে। ডিব্ৰুগড়ৰ বিদ্যালয় সমূহৰ উপপৰিদৰ্শক কাৰ্যালয়ৰ মুখ্য সহায়ক তথা প্ৰয়াত ভানুৰাম দেউৰীৰ পত্নী প্ৰয়াত লীলাৱতী দেউৰী অতি অমায়িক,নম্ৰ স্বভাৱৰ লোক আছিল।শিক্ষকতাৰ কালছোৱাত তেওঁ অতি নম্ৰতাৰে পাঠদান কৰিছিল। শিক্ষকতা জীৱনৰ পৰা ২০০৪ চনৰ ৩০ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰা লীলাৱতী দেউৰীয়ে ডিব্ৰুগড়ৰ টিংখাং সমষ্টিৰ লেঙেৰী টকৌৱনীত ১৯৪৬ চনৰ ১ মে’ত জন্ম গ্ৰহণ কৰিছিল।আনহাতে প্ৰয়াত শিক্ষয়িত্ৰী গৰাকীয়ে, ২০২৫ চনত বৰবৰুৱা প্রাথমিক শিক্ষা বিষয়াৰ পৰা কৃতী শিক্ষয়িত্রীৰ সন্মান লাভ কৰিছিল। মৃত্যুৰ সময়ত তেওঁ তিনি পুত্ৰ,জীয়ৰী আৰু বোৱাৰীসহ নাতি-নাতিনী আৰু অনেক আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।কালি নিশা ডিব্ৰুগড়ৰ চিৰিং চাপৰিৰ ৰাজহুৱা শ্মশানত অনেক গুণমুগ্ধৰ উপস্থিতিত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়।