তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত প্ৰচুৰ প্ৰতিভাৱান বিহুৱতী নিশামণি হালৈ

তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত প্ৰচুৰ প্ৰতিভাৱান বিহুৱতী নিশামণি হালৈ

ৰঙিলী বাৰ্ত্তাসেৱা- বহাগৰ ৰং আৰু ৰঙালীৰ আনন্দৰ মাজতে আহিল বিষাদৰ বতৰা। বিহু নাচিবলৈ গৈ বিহুৰ সাজেৰে অজান দেশলৈ গুচি গ’ল নিশামণি হালৈ।  ৰঙালী বিহুৰ উলাহৰ মাজতে তামুলপুৰ জিলাৰ অন্তৰ্গত নোৱাখাট  পুৱতি নিশা প্রায় ২.৩০ বজাত এক মর্মান্তিক পথ দুর্ঘটনাই তামুলপুৰৰ লগতে সমগ্র ৰাজ্যতে এক শোকৰ ছাঁ পৰে। তামুলপুৰ-নাগ্ৰীজুলি পথৰ নোৱাখাটত সংঘটিত এই শোকাৱহ দুর্ঘটনাত নলবাৰীৰ হাৰিভাঙাৰ ‘ভাস্কৰজ্যোতি বিহু হুঁচৰি দল’ৰ এগৰাকী প্রতিভাশালী নাচনী তথা জনপ্রিয় নাগাৰা নামৰ পাঠিকা নিশামণি হালৈৰ অকাল মৃত্যু ঘটে। উল্লেখ্য যে নলবাৰী জিলাৰ হাৰিভাঙাত গঢ় লৈ উঠা ভাস্কৰজ্যোতি বিহু হুঁচৰি দলে শুকুৰবাৰে নিশা তামুলপুৰৰ বাঙালীপাৰাত বিহু প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে তামুলপুৰ-ওদালগুৰি পথেৰে গৈ আছিল। ৩০জনীয়া বিহু দলটো কঢ়িয়াই নিয়া এ এছ ২৫ ডিচি ৫৮৯৩ নম্বৰৰ ট্রেভেলাৰ বাহনখন নোৱাখাট পোৱাৰ লগে লগে বিপৰীত দিশৰ পৰা অহা পিবি ০৩ এ পি ৬৬৮১ নম্বৰৰ ট্ৰেইলাৰখনৰ সৈতে মুখামুখি সংঘর্ষ হয়। বিহু দলটোৰ অন্যতম সদস্য নাগাৰা নামৰ উদীয়মান পাঠক তথা বিহুৱতী ২৫ বছৰীয়া নিশামণি হালৈয়ে এই মর্মান্তিক দুর্ঘটনাটোত ঘটনাস্থলীতে শেষ নিশ্বাস ত্যাগ কৰে। দুৰ্ঘটনাৰ ফলত বাহনখনত থকা মুঠ ৩০ গৰাকী বিহুৱা-বিহুৱতীৰ ভিতৰত ১০গৰাকী গুৰুতৰভাৱে আহত হয়। ইয়াৰে বৰপেটাৰ অৰুণ মেধি , সৰভোগৰ বিদ্যুৎ দাস , পাটিলাদহাৰ জগত ৰায় , ট্রেভেলাৰ চালক পংকজ বৈশ্য, ৰঙিয়াৰ অংকিতা দাস ) আৰু ৰতন কলিতা, শিৱসাগৰৰ নিতু বৰুৱা, লখিমপুৰৰ শিৱানী বৰুৱা , চৰাইদেউৰ কাব্যশ্রী বৰুৱা  আৰু গোলাঘাটৰ দিবাকৰ মৰাণক ) তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভর্তি কৰোৱা হয়। আহতসকলৰ ভিতৰত ৫জনৰ অৱস্থা অতি সংকটজনক হোৱাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। বিশেষকৈ কাব্যশ্ৰী বৰুৱা আৰু নিতু বৰুৱাৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে। ইফালে, তামুলপুৰ আৰক্ষীয়ে মর্মান্তিক ঘটনাটোৰ তদন্ত অব্যাহত ৰাখি ট্ৰেইলাৰখনৰ চালক শৰতজিৎ সিঙক আটক কৰিছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি চালকজনৰ বিৰুদ্ধে তামুলপুৰ থানাত ৭৮/২৬ নম্বৰৰ এটা গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ (BNS) ২৮১/১০৫/১২৫ (বি) ধাৰাৰ অধীনত সোধা-পোছা চলাই থকা হৈছে। আনহাতে ভয়ংকৰ দুৰ্ঘটনাটোৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্য শোকস্তব্ধ হৈ পৰে। প্রতিভাৱান নিশামণি হালৈৰ অকাল বিয়োগত শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সামাজিক মাধ্যমযোগে তেওঁ কয় যে এক অতি দুখৰ খবৰ পুৱাই শুনি মনটো গভীৰভাৱে ব্যথিত হ’ল। নলবাৰী জিলাৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলটোৱে কালি নিশা তামুলপুৰৰ নোৱাখাটত এক ভয়াৱহ দুর্ঘটনাত পতিত হ’ল। দুর্ঘটনাস্থলীতে কৰুণ মৃত্যুক আঁকোৱালি লয় দলটোৰ মূল বিহুৱতী, গায়িকা তথা নাগাৰা নামৰ জনপ্রিয় পাঠক নিশামণি হালৈয়ে। এক প্ৰচুৰ সম্ভাৱনা কলিতে মৰহি গ’ল। এই মৃত্যু সঁচাকৈয়ে আমাৰ বাবে বৃহৎ ক্ষতি। তেওঁৰ স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে দুর্ঘটনাটোত গুৰুতৰভাৱে আহত হৈ বর্তমান চিকিৎসাধীন অৱস্থাত থকা প্ৰতিগৰাকী বিহুৱা-বিহুৱতীৰ আশু আৰোগ্য কামনা কৰিলোঁ। ভুক্তভোগী পৰিয়ালকেইটিলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।