লং জাম্পত স্বৰ্ণ পদক লাভ মুনমুন চেতিয়াৰ 

লং জাম্পত স্বৰ্ণ পদক লাভ মুনমুন চেতিয়াৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- ক্ৰীড়াক্ষেত্ৰলৈ সুখবৰ কঢ়িয়াই আনিছে অসমৰ মুনমুন চেতিয়াই।  ৰাষ্ট্ৰীয় জুনিয়ৰ ২০ বছৰ অনূর্ধ্ব ফেডাৰেচন এথলেটিকছ প্রতিযোগিতাৰ লং জাম্প ইভেন্টত স্বর্ণ পদক অর্জন কৰিছে মুনমুন চেতিয়াই। উল্লেখ্য যে, কৰ্ণাটকৰ টুমকুৰস্থিত মহাত্মা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত  হৈছিল ২৪সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ ২০ বছৰ অনুৰ্ধ্ব ফেডাৰেচন এথলেটিকছ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাতে অসমৰ প্ৰতিভাৱান খেলুৱৈ মুনমুনে অংশগ্ৰহণ কৰি শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। মহিলাৰ লং জাম্প ইভেণ্টত সোণৰ পদক অৰ্জন কৰে মুনমুনে লগতে ৬.০৩মিটাৰ জপিয়াই এই সফলতা কঢ়িয়াই আনে।ইয়াৰ পূৰ্বে এনআইএছ প্রশিক্ষক উত্তম সন্দিকৈ ৰ অধীনত এথলেটিকছৰ আদি পাঠ শিকা মুনমুনে পূব মণ্ডল এথলেটিকছত ৰূপৰ পদক জয়ৰ উপৰি অসম ৰাজ্যিক প্রতিযোগিতাত বিগত তিনি বছৰ স্বৰ্ণজয়ী সফলতাৰ লগতে শ্রেষ্ঠ জাম্পাৰৰ সন্মান আর্জিছে। ডিব্ৰুগড় ৰংছোৱাল গাঁৱৰ বেথাৰাম আৰু ফুলমাই চেতিয়াৰ কন্যা মুনমুনে তিনিচুকীয়া ছাইৰ পিছত সম্প্রতি তিনিচুকীয়া এথলেটিকছ একাডেমীত শুভাকাংক্ষীৰ অনুগ্ৰহত নিয়মীয়া প্রশিক্ষণ গ্ৰহণৰ লগতে অনুশীলন চলাই আছে।