নিউজিলেণ্ডৰ ডাগ ব্ৰেচৱেলক দুবছৰৰ বাবে নিষিদ্ধ
ৰঙিলী বাৰ্ত্তাসেৱা- নিষিদ্ধ কোকেইন সেৱনৰ বাবে দুবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে নিউজিলেণ্ডৰ প্ৰাক্তন তাৰকা ক্রিকেটাৰ ডাগ ব্ৰেচৱেলক। বিগত বছৰৰ শেষৰ ফালে কাউন্টী ক্রিকেট খেলি থকাৰ সময়ত ব্ৰেচৱেলে নিষিদ্ধ কোকেইন সেৱন কৰিছিল। আনকি তদন্ত চলি থকাৰ সময়ত ৩৫ বছৰীয়া বলাৰগৰাকীয়ে অৱসৰো গ্ৰহণ কৰিছিল। ২৫ ছেপ্টেম্বৰত চেলমছফ’ৰ্ডত এচেক্স ক্রিকেট ক্লাব আৰু ছমাৰছেট কাউণ্টী ক্রিকেট ক্লাবৰ মাজত অনুষ্ঠিত খেলখনৰ সময়ত তেওঁৰ নমুনা সংগ্ৰহ কৰা হৈছিল। লণ্ডনৰ বিশ্ব এন্টি ড’পিং এজেঞ্চীৰ সৈতে জড়িত এটা পৰীক্ষাগাৰে ব্ৰেচৱেলৰ শৰীৰত কোকেইনৰ উপস্থিতি নিশ্চিত কৰিছিল। মেচখনৰ প্ৰথমদিনা ২৪ ছেপ্টেম্বৰ আৰু দ্বিতীয় দিনা ২৫ ছেপ্টেম্বৰৰ পুৱা কোকেইন ব্যৱহাৰ কৰিছিল ব্ৰেচৱেলে। কিন্তু খেলপথাৰত কোকেইন ব্যৱহাৰৰ কোনো প্ৰভাৱ পৰা নাছিল বুলি জনা যায়। ড্রাগ সেৱনৰ শাস্তি হিচাপে তেওঁক দুবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তেওঁৰ নিষেধাজ্ঞা ২০২৫ চনৰ ২৪ নৱেম্বৰৰ পৰা ২০২৭ চনৰ ২৩ নৱেম্বৰলৈকে বাহাল থাকিব। নিউজিলেণ্ডৰ হৈ ২৮খন টেষ্ট আৰু ২১খন এদিনীয়া মেচ খেলা ব্ৰেচৱেলে বিগত বৰ্ষৰ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰগ্ৰহণ কৰিছিল।
