বান্ধোন
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি, অসম
নমিতা উঠা উঠা পাঁচটা বাজি গল,আনফালেদি দেউতাক গাম্ভীর্যপূর্ণ মাত। নমিতাই খৰ,ধৰ কৰি বিচনাখন এৰি উঠিছোঁ দেউতা বুলি দেউতাক সম্বোধন কৰিলে। দেউতাক,হাত,মুখ ভালকৈ ধুই উঠি পঢ়িবলৈ বহিবি আৰু শুন আজি তাই কলেজলৈ অকলে স্কুটি লৈ যাব নালাগে মোৰ গাড়ীতে বহি যাবি।মই অফিচত ওলাই যাওঁতে থৈ দিম তোক। বাপেকৰ লগত ডাঙৰ ডাঙৰ কেতবোৰ কথা শুনি শুনি নমিতাক গাড়ীত বহি যাবলৈ মন নাই।তথাপিও দেউতাকৰ কথা মতে নচলিলে বহু দিগদাৰ আছে বুলি নমিতাই কিছুপৰ পিছত হব,হব দেউতা ঠিক আছে বুলি উত্তৰ দিলে। নমিতা এতিয়া গাভৰু ছোৱালী ।তাইক জানো ঘৰৰ বান্ধোনৰ মাজত থাকিবলৈ মন যায় । আকৌ নমিতাৰ মাকো দেউতাকে কোৱা কথাবোৰৰ আগত এক কথা মুখেদি নোলায়। আচলতে নমিতাৰ মাকে নিজ গিৰিয়েকৰ আগত ভয় কৰে তেনে কোনো কথা নহয়। বৰং নমিতাৰ মা আৰু দেউতাকে এজনে আনজনক বহু মৰম কৰাৰ লগতে ইজনে খিজনক সন্মানো যথেষ্ট কৰে।
নমিতাই কিছুপৰ পঢ়ি উঠি ভাত,পানী খাই মেলি দেউতাকক মাত লগালে।সময় তেতিয়া দহটালৈ পোন্ধৰ মিনিট আছে। দেউতাকে গাড়ী খন ওলাই নমিতাক কলেজলৈ এৰি দিবলৈ মাতিলে। গাড়ী খন লাহে লাহে আগুৱাই গৈছে।ঠিক তেতিয়া নমিতালৈ চাই কবলৈ লৈছে। তোক চাগে অকলে সকলোখিনি কৰিবলৈ মন যায় ন’ । মই আৰু তোৰ মায়ে মিলি তোক বান্ধোনত ৰখাৰ দৰে ভাবিব ধৰিছ নেকি। নমিতাই আনফালেদি ভয়ে,ভয়ে,নাই, নাই দেউতা তেনে কোনো কথা নহয়। দেউতাক, আচলতে মই এই যে গাড়ীখন চলাই গৈছোঁ ইয়াৰ বান্ধোন মোৰ লগত আছে বাবে ভালদৰে একো বিপদ,আপদ নোহোৱাকৈ একেবাৰে সুৰক্ষিত নিজ নিজ গন্তব্যস্থান পাবলৈ সক্ষম হওঁ। কেতিয়াবা কাতচিত নিজে নিজে যান্ত্ৰিক বিজুতি ঘটি দুৰ্ঘটনা ঘটে এইটো নিজ নিজ কপালৰ কথা। কিন্তু মই যদি জানি শুনি এই গাড়ীৰ হেণ্ডেলখন এৰি দিওঁ তেন্তে কি হব বাৰু কচোন ? নমিতা আমাৰ দুৰ্ঘটনা ঘটিব। দেউতা, ঠিকেই তেন্তে দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ হলে ইয়াক(গাড়ী) এক বান্ধোনৰ মাজৰে পৰিচালিত কৰিব লাগিব নহয়নে ?আৰু শুন, আমাৰ জীৱন বান্ধোনৰ লগত যদি সৎ চিন্তাধাৰাবোৰ অন্তৰ্নিহিত হৈ থাকে তেন্তে তেনেবোৰ বান্ধোন গঠনযূলক,ৰচনাত্মক হয়। এনেদৰে বহু বুজাই বুজাই গৈ থাকোতে অন্তিমত নমিতাৰ কলেজখন আহি পালে। নমিতা গাড়ীৰ পৰা নামিব ধৰোতে দেউতাকে পকেটৰ পৰা টকা এশ উলাই নমিতালৈ আগবঢ়াই হো ল’ তোৰ আজিৰ পকেট মানি ।কিন্তু ৰাতিকে মোক চব হিচাপ দিবি কত কি কি খৰচ কৰিলি। নমিতাই অতি আনন্দ মনেৰে টকাটো লৈ লৰা, লৰালৰিকৈ হব দেউতা ঠিক আছে বুলি কলেজৰ পিনে আগবাঢ়ি গল।
