শিক্ষা বৃত্তি– অনুভৱৰ কৰনি – মীনাশ্ৰী গোস্বামী

Pc Shutterstock

শিক্ষা বৃত্তি– অনুভৱৰ কৰনি

মীনাশ্ৰী গোস্বামী

শিক্ষকতা কেৱল এটা পেছা নহয়, ই এক অন্তহীন যাত্ৰা। ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সৈতে জড়িত হৈ থাকোঁতে আমি কেৱল শ্ৰেনী কোঠাত পাঠদানেই নকৰোঁ, বহু সময়ত ছাত্ৰ ছাত্ৰী সকলৰ বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যেৰে শিক্ষক শিক্ষয়িত্ৰী সকলে ছাত্ৰ ছাত্ৰী সকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লগতো এক সম্পৰ্ক স্থাপন কৰিব লগা হয়। কোনো কোনো ক্ষেত্ৰত ছাত্ৰ বা ছাত্ৰী এগৰাকীৰ সৰ্বাঙ্গীন উন্নয়নৰ খাতিৰত পৰিয়ালৰ বহু ভিতৰলৈও সোমাই যাব লগা হয় শিক্ষক শিক্ষয়িত্ৰী সকল।হাঁহি কান্দোনৰ মিশ্ৰিত অভিজ্ঞতাই প্ৰৌঢ় কৰা শিক্ষা বৃত্তিত নিয়োজিত সকলো লোককে শিকাই যায় জীৱনৰ প্ৰমূল্যবোৰ । জীৱনৰ এনে কিছু অভিজ্ঞতা ই মোকো চুই গৈছিল আৰু আজিও স্মৃতিৰ পৃষ্ঠাত অম্লান হৈ আছে।

চাকৰি জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱাত মই কেন্দ্ৰীয় বিদ্যালয় এখনত কিছু দিনৰ কাৰণে ঠিকাভিত্তিক শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিলোঁ। নতুন শিক্ষয়িত্ৰী হিচাপে পাঠদান, পাঠ পৰিকল্পনা আৰু বিদ্যালয়ৰ নিত্য কৰ্মত সদায় ব্যস্ত থাকিব লগা হৈছিল। কিন্তু তাৰ মাজতো মোৰ দৃষ্টি বিশেষভাৱে আকৰ্ষণ কৰিছিল ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰই।শান্ত শিষ্ট মৰম লগা ল’ৰাজন ক্লাছত সদায় শেষৰ বেঞ্চত বহি নীৰৱে নিজৰ কাম কৰি থাকিছিল।কাৰো লগত ক্লাছত মিলা মিছা নকৰিছিল। মাজে মাজে খিড়িকীৰে বাহিৰলৈ এক উদাস দৃষ্টিৰে চাই থাকিছিল।কিন্তু মই এটা কথা লক্ষ্য কৰিছিলোঁ—প্ৰতিদিনে পূৱা ১১:৩০ মান বজাত এজন মধ্যবয়সীয়া লোক আহি তাক বিদ্যালয়ৰ পৰা কৰবালৈ লৈ যায়। ফলত বিৰতিৰ পিছৰ সকলো পাঠদানৰ পৰা সি বঞ্চিত হয়।

প্ৰথমে বিষয়টো মই বিশেষ গুৰুত্ব দিয়া নাছিলোঁ। হয়তো ঘৰুৱা কোনো সমস্যা বা স্বাস্থ্যজনিত কাৰণ থাকিব পাৰে বুলি ভাবিছিলোঁ। কিন্তু দিনৰ পিছত দিন একেই ঘটনা চলি থাকিল। ক্ৰমে লক্ষ্য কৰিলোঁ, ল’ৰাটোৰ চকুত এক অদ্ভুত বিষাদ। লগৰীয়াৰ লগত খেলিবলৈও সি আগ্ৰহ নেদেখুৱায়।

এদিন সুযোগ আৰু সুবিধা চাই মই বিদ্যালয়ৰ অধ্যক্ষৰ ওচৰলৈ গ’লোঁ আৰু ল’ৰাটোৰ বিষয়ে জানিবলৈ ইচ্ছা প্ৰকাশ কৰিলোঁ।
অধ্যক্ষই কিছু সময় নীৰৱে বহি থাকি ধীৰ কণ্ঠে ক’লে—
“আপুনি যিজন ল’ৰাৰ কথা কৈছে, তেওঁ এটা ভয়ংকৰ ঘটনাৰ মাজেৰে পাৰ হৈ আহিছে।”

তাৰ পিছত তেওঁ যি কাহিনী ক’লে, সেয়া শুনি মোৰ শৰীৰ শীতল হৈ গ’ল।

কৰ্ম ক্ষেত্ৰৰ তাগিদাত দেশৰ বেলেগ এখন ৰাজ্যৰ পৰা আহি চৰকাৰী আৱাসত আছিল সেই ছাত্ৰ জন মাক আৰু দেউতাকৰ লগত।গ্ৰীষ্মকালীন বন্ধৰ কোনো এটা দিনেসেই সৰু পৰিয়ালটোলৈ অমানিশা কঢ়িয়াই আনিছিল ।এক মুহূৰ্ততে সলনি হৈ গৈছিল জীৱনৰ ৰং।কোনো পাৰিবাৰিক বিবাদৰ ফলত নিচাসক্ত পিতৃয়ে নিজৰ পত্নীক, অৰ্থাৎ ল’ৰাটোৰ মাকক, তাৰ সন্মুখতেই অগ্নি সংযোগ কৰি হত্যা কৰিছিল। সেই ভয়ংকৰ দৃশ্যৰ একমাত্ৰ প্ৰত্যক্ষ সাক্ষী আছিল সেই কণমানি শিশুটি। পৃথিৱীলৈ অহা মাত্ৰ কেইটামান বছৰহে হৈছিল তাৰ কিন্তু এই খিনি সময়তে সি যি প্ৰত্যক্ষ কৰিলে সেয়া অসহনীয় ।

পৰৱৰ্তী সময়ত ঘটনাৰ তদন্ত চলি থাকিল ।আৰক্ষী, আদালত আৰু বিভিন্ন অনুসন্ধানকাৰী সংস্থাই বাৰে বাৰে ল’ৰাটোৰ সাক্ষ্য ল’ব লগা হৈছিল । সেই কাৰণেই প্ৰতিদিনে আত্মীয় এজনে বিদ্যালয়ৰ পৰা তাক লৈ গৈছিল। সি বিদ্যালয়ত উপস্থিত থাকিলেও তাৰ মন কেতিয়াবাই আন কোনো অন্ধকাৰ জগতত হেৰাই গৈছিল।সেইদিনা অধ্যক্ষৰ কোঠাৰ পৰা ওলাই আহোঁতে মোৰ মনত গভীৰ অনুতাপ জন্মিল। মই ভাবিলোঁ—কিমান সহজে আমি ছাত্ৰ-ছাত্ৰীৰ আচৰণক “অলসতা”, “অমনোযোগী” বা “অনুশাসনৰ অভাৱ” বুলি আখ্যা দিওঁ। অথচ তেওঁলোকৰ অন্তৰৰ ভিতৰত কি ধুমুহা চলি আছে, সেয়া হয়তো আমি কল্পনাও কৰিব নোৱাৰোঁ।

কিছুদিন পিছত ল’ৰাটোক আত্মীয়-স্বজনে নিজৰ ৰাজ্যলৈ লৈ গ’ল। তাৰ পিছত আৰু কেতিয়াও তাৰ খবৰ পোৱা নহ’ল। আজি প্ৰায় পঁয়ত্ৰিশ বছৰৰ পিছতো সেই নিষ্পাপ মুখখন মোৰ মনত সজীৱ হৈ আছে। নাজানো সি এতিয়া ক’ত আছে, কেনেকৈ আছে। কিন্তু প্ৰতিবাৰেই তাৰ কথা মনলৈ আহিলে মই ঈশ্বৰৰ ওচৰত এটা প্ৰাৰ্থনা কৰোঁ— যেন জীৱনে তাক সেই সুখ, মৰম আৰু শান্তি দিয়ে, যিবোৰ শৈশৱত তাৰ পৰা নিৰ্দয়ভাৱে কাঢ়ি লোৱা হৈছিল।

সেই অভিজ্ঞতাই মোক শিকাইছিল—শিক্ষক হোৱাৰ আগতে এজন সংবেদনশীল মানুহ হোৱাটো অধিক প্ৰয়োজনীয়।