তুমি আহিবা বুলি – টোলন তাছা

Pc Pinterest

তুমি আহিবা বুলি

টোলন তাছা
কলিয়াবৰ,নগাঁও

তুমি আহিবা বুলি
এসাগৰ আশাৰে খুলি থৈছোঁ
পজাঁখনৰ আটাইবোৰ দুৱাৰ – খিৰিকি

মাথো খালি হাতে নাহিবা দেই
পাৰিলে সাৱটি আনিবা
এগালমান তৰাফুলীয়া জোনাক

চিৰসেউজীয়া চাহ বাগিচাৰ গলিবোৰত
হাতে হাত ধৰি আগুৱাই যাম
পাতিম আমি অন্তৰংগ আলাপ

তুমি আহিলে এজাৰ ফুলিব
সোণাৰুৰ হালধীয়াই মন উতনুৱা কৰিব
কৃষ্ণচূড়াই জুৰিব নৱ জীৱনৰ গীত।

ৰাধাচূড়াই ৰুণ দিব শিৰীষৰ ডালত
ৰ’দালিয়ে আঁকিব সোণালী সপোন
তোমাৰ কোমল গোলপীয়া গালত।

তুমি আহিবা বুলি
নিজম নিশাৰ নিৰৱতা ভেদি
বালিমাহীয়ে বজাইছে সমধুৰ বাঁহী ।