ঈৰ্ষা জীৱনৰ বাবে প্ৰেৰণা হৈ
এটুকুৰা হীৰাৰ দৰে জিলিকি উঠাত সহায় কৰে জীৱন
নমিতা দাস,শুৱালকুছি
এটুকুৰা হীৰা যেনেকৈ মুল্যবান ঠিক সেইদৰে জীৱনত কেতিয়াবা আগবাঢ়ি যাবলৈ ঈৰ্ষাৰ সন্মুখিন হোৱাৰ অতি প্ৰয়োজন । কেতিয়াবা জীৱনত আগুৱাই যোৱাৰ মহৌষধ স্বৰূপ হৈ পৰে ঈৰ্ষা ।
অসমীয়াত এষাৰি কথা আছে “গোৰ মাৰি গংগাত পেলাই দিয়া” তাৰ অৰ্থ হৈছে ঈৰ্ষা বা হিংসা কৰি আনক বিফল কৰিবলৈ গৈ ওলোটা সফলতাৰে উপচায় পেলোৱা । সমাজত হয়তো বহু কম মানুহ ওলাব যোনে জীৱনত এবাৰো ঈৰ্ষাৰ বলি হোৱা নাই । প্ৰতি জন সফল ব্যক্তিৰ পিছতে কিছুমান ব্যক্তিৰ ঈৰ্ষা সোমাই থাকে । সেইটো সৰ্ব্বজন বিদিত । এগৰাকী নাৰী নতুবা পুৰুষৰ কৰ্মৰ জীৱনৰ বাটত প্ৰথম খোজ দিওঁতে যেতিয়া সফল হ’বলৈ আৰম্ভ হয় বাৰে বাৰে তেওঁক পিছ ফালৰ পৰা শৰ মাৰা হয়। যিকোনো উপায়ে তেওঁক সেই স্থানৰ পৰা নমাবলৈ তেওঁৰেই আশে-পাশে থকা ব্যক্তি সকলে লাগি থাকে । আকৌ আন কিছুমানে তেওঁক সুযোগ-সুবিধা দিব নিবিচাৰে নতুৱা তেওঁক সমালোচনাৰে ঠকা-সৰকা কৰে । এই সকলোবোৰ নেওঁচি মা,দেউতা আৰু ঈশ্বৰৰ আশীৰ্বাদ লৈ একাণপতিয়া ভাবে সম্পূৰ্ণকৈ নিজৰ কামত অটল থাকি আগুৱাই খোজ কাঢ়িবলৈ শিকা হয় তেতিয়াই যিকোনো কামৰ সফলতা আহিবলৈ ধৰে । সময়ত কাৰোবাৰ পৰা পোৱা ঈৰ্ষায়ো মনলৈ কঢ়িয়াই আনে নতুন উদ্দম । সেই উদ্দমেই আগুৱাই যাবলৈ সাহস দিয়ে । অহৰনিশে কিবা এটা কৰাৰ কথাই বিৱেকক আসন্ন কৰি ৰাখে, মনটোক শক্তিশালী কৰি তোলে । এষাৰি উপদেশ মুলক বাক্যৰ দৰে যেতিয়াই ঈৰ্ষাক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰা হয়, তেতিয়া উদ্দমী মনটোক প্ৰেৰণা যুগাই । মানসিক ভাবে বেছি শক্তি দিয়ে, এই শক্তিয়ে মানসিক আৰু শাৰীৰিক ভাবে সৱল কৰি ৰাখিবলৈ শক্তিশালি ৰূপত আত্ম নিয়োগ হ’ব লৈ সাহস দিয়ে। আনহাতে তেনে কামবোৰৰ বাবে যি উদ্দীপনা পায় তাৰ বাবে ইতিবাচক প্ৰভাবে নিজৰ গন্তব্য স্থান বিচাৰি ল’বলৈ সহায় কৰে। কাৰোবাৰ মৰম আৰু উৎসাহ মূলক প্ৰেৰণাই বিপথগামী মানুহকো সৎ পথলৈ ঘূৰাই আনাৰ দৰে ঈৰ্ষাম্বিত ব্যক্তিৰ কথাটোক যোগাত্মক দৃষ্টি ভংগি ৰাখি মনত সাহস আৰু প্ৰেৰণা হিচাপে লৈ জীৱনৰ পথত আগুৱাই যাবলৈ চেষ্টা কৰা অতি প্ৰয়োজন । ঈৰ্ষাম্বিত ব্যক্তিৰ ঈৰ্ষাক মৰমেৰে বা শ্ৰদ্ধা সহকাৰে আশীৰ্বাদ বিচাবে গ্ৰহণ কৰি তেওঁৰ ঈৰ্ষাক চিৰ দিনৰ বাবে জয় কৰিব পাৰি ।
জীৱন , আকাশৰ দৰে বিশাল পৰিধি ওপজাৰ পিছতে শিশুটোৰ পৰা হাঁহি আৰু কান্দোন বিচাৰোঁ সেইটো ঈশ্বৰ প্ৰদত্ত জন্মৰ লগতে দি পঠিয়াই । শিশু এটি লাহে লাহে যেতিয়া ডাঙৰ হ’বলৈ ধৰে ঠিয় হবলৈ,খোজ দিবলৈ ধৰে, বাৰে ,বাৰে পৰাৰ পিছতো আকৌ ঠিয় হ’বলৈ দি খোজ দিবলৈ শিকোৱা হয় । আৰম্ভ হয় জীৱন যুঁজৰ যাত্ৰা ।তেতিয়াৰ পৰাই আৰম্ভ হয় আত্মীয় সকলৰ মৰম আৰু প্ৰেৰণাৰে আগুৱাই যোৱাৰ প্ৰথম খোজ ।
জীৱনৰ বাটত প্ৰথম খোজ দিওঁতে যেনেকৈ বাৰে বাৰে পৰাৰ পিছত মা,দেউতা বা আত্মিয়ৰ আঙুলিত ধৰি সম্পূৰ্ণকৈ খোজ কাঢ়িবলৈ শিকা হয়। সেইদৰে যিকোনো কাম কৰাৰ সময়ত আনৰ পৰা পোৱা ঈৰ্ষাক আশীৰ্বাদ স্বৰূপ বুলি ভাবি উৎসাহেৰে মনলৈ নতুন উদ্দম আনি আগুৱাই যোৱাৰ বাবে সাহস গোটাব লাগে । কিন্ত সেই উদ্দমী মনটোৰে কাম কৰাত যদি ঈৰ্ষাৰ সম্মুখিন হ’ব লগা হয় ,আগুৱাই যাবলৈ সাহস পোৱাৰ পৰিবৰ্তে পিছ হুঁহকি যোৱা হয় আৰু মানসিক অশান্তি ভোগ কৰা হয় । তেতিয়া আগুৱাই যোৱাত বাধা আহি পৰে , সেইটো নকৰি অহৰনিশে কিবা এটা কৰাৰ কথাই বিৱেকক আসন্ন কৰি ৰাখি মনটোক শক্তিশালী কৰি তুলিবলৈ কিছু সময়ৰ প্ৰয়োজন হয় সেই সময়লৈ অপেক্ষা কৰিলে নিশ্চয় আগুৱাই যোৱাত সহায় হ’ব । এষাৰি উপদেশ মুলক বাক্যই উদ্দমী মনটোক প্ৰেৰণা যুগাই ঠিকেই ঈৰ্ষাই মানসিক শক্তি হানি কৰিলও নিজৰ মনটোক শক্তিশালী ৰূপত আগুৱাই নিবলৈ প্ৰস্তুত কৰি ৰাখিব লাগিব । এগৰাকী ব্যক্তৰ ব্যক্তিগৰাকীক, মানসিক আৰু শাৰীৰিক ভাবে ঈৰ্ষাই অসুস্থ কৰি ৰাখে । কিন্তু ঈৰ্ষাক যদি জয় কৰিবলৈ হয় তেন্তে মানসিক ভাবে শক্তিশালী হোৱাটো নিতান্তই প্ৰয়োজন । আনহাতে আনৰ নেতিবাচক কথা আৰু কামৰ পৰা নিজকে আতৰাই আনি নিজে মানসিক শক্তি গোটাই লৈ শুদ্ধ চিত্তে কৰা কামবোৰৰ বাবে যি উদ্দীপনা পায় তাৰ বাবে ইতিবাচক প্ৰভাবে নিজৰ গন্তব্য স্থান বিচাৰি ল’বলৈ সহায় কৰে। কাৰোবাৰ মৰম আৰু উৎসাহমুলক প্ৰেৰণাই বিপথগামী মানুহকো সৎ পথলৈ ঘূৰাই আনে । প্ৰেৰণা দিয়া ব্যক্তি গৰাকী জীৱনৰ বাবে হৈ পৰে পথ পদৰ্শক। ইতিবাচক চিন্তাধাৰাইয়ো ব্যক্তি গৰাকীৰ আশীৰ্বাদ হৈ সফলতাৰে চিৰ দিনৰ বাবে আগুৱাই লৈ যায় আৰু ঈৰ্ষা তেওঁৰ প্ৰেৰণা হৈ চিৰস্মৰণীয় হৈ ৰয় । গতিকে এটুকুৰা হীৰা যেনেকৈ মুল্যবান ঠিক সেইদৰে সময় সাপেক্ষে ঈৰ্ষাও প্ৰেৰণা হৈ জীৱনৰ বাবে অতি মুল্যবাদ হৈ পৰে।
