অহংকাৰ – ৰাজু কলিতা 

PC wikiHow

অহংকাৰ

ৰাজু কলিতা 
মাজুলী 
ইয়াত মই এখন পৃথিৱী তৈয়াৰ কৰিছোঁ 
এইখন পৃথিৱীৰ ময়েই অধিপতি।
ষাঠি মাহৰ বাবে মোৰ এই সাম্ৰাজ্য হৈ পৰে
বিলাসিতাৰ এক ৰম্যভূমি।
বুজি পাওঁ পয়ত্ৰিছটা চুবুৰীৰ বেদনা কি ? আশা কি?
সেইমতে তেওঁলোকক দিওঁ পতান।
কণা হাঁহক পতান দিলেই হ’ব পাৰি অজেয় সম্ৰাট।
মই উদাত্ত কণ্ঠৰে ৰোধিব পাৰোঁ অমোঘ অস্ত্ৰ !
প্ৰয়োজন মাথোঁ এটা বিষাক্ত সৰ্প।
আপুনি কোন!
আপুনি মোৰ বাবে মাথোঁ এক পদাৰ্থ।
আগতে এই সাম্ৰাজ্যৰ অধিপতি আছিল বেলেগ !
মই ভালেৰে বিচাৰোতে নিদিয়াত অস্ত্ৰ মাৰিলোঁ পিছফালেৰে।
শুনা হেৰ’ তিনি কোটি নাক-নৰ, যক্ষ-ৰক্ষ, গন্ধৰ্ব-কিন্নৰ
আৰু বহু দিনলৈ মই আছোঁ তোমালোকৰ মাজত ৰূপ ধৰি ভিন ভিন।