যিবোৰ বিশেষত্বই অসমীয়া জাতিক অনন্যতা প্ৰদান কৰিছে তাৰ ভিতৰত বিহু অন্যতম। অসমৰ পুৰণি অধিবাসী, বিভিন্ন ভাষা-দোৱানেৰে সমৃদ্ধ জনজাতিসকলৰো বুকুৰ কুটুম এই বিহু।এই বিহু উৎসৱৰ ভিতৰত আকৌ ব’হাগ বিহুৰ উছাহেই সুকীয়া।প্ৰকৃতিৰ ন-ৰূপৰ লগতে এক অতুলনীয় ছন্দেৰে সমৃদ্ধ বিহুৰ নাচ-গানেই সকলো জাতি-জনগোষ্ঠীৰ লোককে স্বাভাৱিকতে আকৰ্ষণ কৰে।
বিহু হ’ল কৃষি ভিত্তিক উৎসৱ, সম্প্ৰীতিৰ উৎসৱ
।বুৰঞ্জীয়ে ঢুকি নোপোৱা কালতে অসমত বিহু আৰু বিহু নামৰ উৎপত্তি হৈছিল।বিহু অসমীয়াৰ?সাংস্কৃতিক উৎসৱ।সংস্কৃতি যদি জাতীয় জীৱনৰ ধাৰা হয় তেন্তে বিহুৰ লগতো অসমীয়াৰ জাতীয় জীৱনৰ অঙ্গাংগী সম্পৰ্ক আছে বুলি , ওত:প্ৰোত ভাৱে জড়িত হৈ আছে বুলি অৱশ্যে ক’ব লাগিব।অসমৰ ইতিহাসত এক উজ্বল সময় ৰূপে পৰিগণিত হোৱা আহোম সকলৰ ৰাজত্বৰ সময়খিনিতে বিহুৱে এক সুন্দৰ সামাজিক আৰু ৰজাঘৰীয়া স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল।বোপা ককাৰ দিনৰে পৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ দুই পাৰৰ সেউজ অঞ্চলত ৰঙালী বিহু উদ্যাপন কৰা হৈছিল। সকলোৰে আদৰৰ, হেঁপাহৰ ৰঙালী বিহুটি অনাদি কালতে সৃষ্টি হোৱা অসম, প্ৰাগজ্যোতিষপুৰ,কামৰূপ ৰ কৃষ্টি বিহু পাৰ হৈ আহিছে বহুযুগীয়া পৰিৱৰ্তনৰ পথেৰে।বিহুবলীয়া ডেকা-গাভৰুৰ বিহুতলিৰ সাজপাৰ চিহ্নিত কৰাৰ আৱশ্যকতা, বিহু নামত সংস্কাৰৰ প্ৰয়োজনীয়তা তথা বাদ্য-যন্ত্ৰৰ অপৰিহাৰ্যতাই বিহুক এক নতুন ৰূপত সজাই তুলিলে।সেয়ে বিহু হৈ পৰিল সকলোৰে আদৰণীয়,কমনীয় তথা মোহনীয়।কৃষিজীৱী সমাজৰ এক গুৰুত্বপূৰ্ণ উৎসৱ , অসমীয়া লোক-সংস্কৃতি জীপাল কৰি ৰখা এই ৰঙালী বিহু মানেই যেন ৰঙৰ উৎসৱ, আনন্দৰ উৎসৱ।
চ’ত মাহত উদ্যাপন কৰা বাবে চ’তৰ বিহুক ডেকা -গাভৰুৰ বিহু বা মুকলি বিহু বুলিও কোৱা হয়। পূৰ্বতে উজনি অসমত চ’ত মাহৰ শেষৰ দিন কেইটাত সমনীয়া ডেকা- গাভৰুৱে ডাঙৰ গছৰ তলত বা নদীৰ পাৰত মুকলিকৈ নাচ-গান কৰিছিল। গানৰ যোগেদিয়ে তেওঁলোকে প্ৰিয়জনক মনৰ কথা জানিবলৈ দিছিল।চ’তত উদ্যাপন কৰা বাবেই এই বিহু চ’তৰ বিহু হ’ল।তদুপৰি গছৰ তলত বিহু মৰাৰ বাবে এই বিহুৰ অন্য এটি নাম হ’ল ‘ গছ তলৰ বিহু’।আৰম্ভনিতে কেৱল গাভৰুসকলেহে চ’তৰ বিহু পালন কৰিছিল।ডেকাসকলৰ এই বিহু চোৱাৰো অনুমতি নাছিল। তথাপি একাংশ ডেকাই লুকাই- লুকাই চাইছিল এই বিহু। সময় বাগৰাৰ লগে-লগে ডেকাসকলেও সমান্তৰালকৈ গাভৰুসকলক জোকাই নাতিদূৰতে ডেকাসকলে বিহু পাতিছিল। এনেকৈয়ে ক্ৰমশঃ ওচৰ চাপি আহিল গাভৰু বিহু আৰু ডেকাৰ বিহু।এই ডেকা-গাভৰুৰ বিহুৱেই ৰূপান্তৰিত হৈ কুৰি শতিকাৰ মঞ্চলৈ আহিল আৰু মঞ্চ বিহুৰ নাম পালে।
সময়ৰ লগে-লগে বিহুৰ আদিম সৰলতা আৰু স্বত:স্ফূৰ্ততা বহু পৰিমাণে হ্ৰাস পাইছে।যিটো উৎসৱৰ উৎস প্ৰধানত কৃষিকাৰ্য, সেই কৃষিকাৰ্যৰ সমাজত আধিপত্য হ্ৰাস পোৱাৰ লগে-লগে বিহু উৎসৱৰো ৰূপ পৰিৱৰ্তন হ’ব ধৰিছে।গ্ৰামাঞ্চলত পুঁজিবাদৰ দ্ৰুত সম্প্ৰসাৰণ, লেহেমীয়াকৈ হ’লেও যাতায়াত ব্যৱস্থাৰ উন্নয়ন, কৃষিৰ যান্ত্ৰিকীকৰণ ,গাঁওবোৰৰ পৰা চহৰলৈ দ্ৰুত প্ৰব্ৰজন, কৃষি অৰ্থনীতিৰ সংকট আদিয়ে ব’হাগ বিহুৰো গাঁৱলীয়া মনোমোহা পৰম্পৰাবোৰ দ্ৰুত গতিত হৰণ কৰি আনিছে।এনেকুৱা এক পৰিৱেশত বিহুৰ নৃত্য-গীতবোৰো চহৰৰ মঞ্চকেন্দ্ৰিক হৈ পৰাটো অৱধাৰিত নিয়ম যেন হৈ পৰিল। এতিয়া মঞ্চ বিহুৰ অনুষ্ঠানবোৰক কেন্দ্ৰ কৰিয়েই উৎসৱ উদ্যাপনৰ ৰীতি এটা গঢ় লৈ উঠিব ধৰিছে। সুসজ্জিত ৰভাৰ তলত বা মঞ্চত ৰং -বিৰঙৰ পোহৰে নিমিষতে সপোনপুৰী সৃষ্টি কৰা বিহুমঞ্চত প্ৰতিযোগিতা চলে।নগদ মোটা ধনৰ উপৰিও সোণৰ আঙুঠি, ৰঙীন টিভি, ফেন, পাটৰ কাপোৰ ,শৰাই আদিৰ দৰে আকৰ্ষণীয় তথা লোভনীয় বস্তু দিয়াৰ ধূম উঠিছে আৰু সেইবাবেই প্ৰতিযোগিতাৰ গুৰুত্ব বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে।এনে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ দল বিলাকে এমাহ কি পষেক অনুশীলন কৰা দেখা যায়। পোছাক -পৰিচ্ছদৰ পৰা আৰম্ভ কৰি এক নিৰ্দিষ্ট পদ্ধতি বিহুৰ কৰ্মশালাত অনুকৰণ আৰু অনুশীলন কৰিবলৈ শিকোৱা হয়।বহু অভিভাৱকে এই ধৰনৰ কৰ্মশালা সমূহলৈ নিজ সন্তানক যেনেতেনে হ’লেও নিয়াৰ চেষ্টা কৰে। বিচাৰকক সন্তুষ্ট কৰাৰ চেষ্টা কৰে।অপ্ৰিয় হ’লেও সত্য যে আগৰ মুকলি বিহু ,গছ তলৰ বিহু আহি মঞ্চত প্ৰৱেশ কৰাৰ লগে-লগে বিহু প্ৰতিযোগিতামুখী হৈ পৰিল।
ব’হাগী বিদায় উপলক্ষে আয়োজিত কৰা সাংস্কৃতিক অনুষ্ঠানত হেজাৰ-হেজাৰ টকা খৰচ কৰি গায়ক-গায়িকাক আমদানি কৰাটো এক প্ৰকাৰ নিয়মৰ দৰেই হৈ পৰিল।
মুকলি পথাৰৰ আঁহত গছৰ তলৰ যি বিহু আহি এদিন মঞ্চ পালেহি ।গছৰ তলত মুকলি মনেৰে আনন্দ কৰি পতা বিহু বৰ্তমান পেছাদাৰী শিল্পীৰ মঞ্চৰ বিহু হ’লহি।সেই বিহু যে এনে পৰিস্থিতিত মঞ্চৰ পৰাও বিলীন হৈ অসমীয়া জাতীয় জীৱনৰ পৰাই চিৰ বিদায় নল’ব সেই কথাত সন্দেহ নাই।অনাগত সময়ত হয়তো এনে দিন আহিব যেতিয়া বিহুৰ মঞ্চ শুৱনি কৰিব হিন্দী, ইংৰাজী ,ভোজপুৰী , বাংলাদেশী পপ ৰেপ চঙে।আগৰ দিনত চেৰা বিহু অৰ্থাৎ সাত বিহুৰ দিনাৰ পৰা সাত বা এঘাৰ দিনৰ পাছৰ এদিনত গাঁৱৰ ডেকা-ডেকেৰী সকলে পথাৰৰ গছ এজোপাৰ তলত মনৰ হেঁপাহ পলুৱাই বিহু মাৰি শেষ কৰি গছৰ ডাললৈ ঢোলৰ মাৰিডাল নাইবা টকা এটা ভাঙি দলিয়াই দি পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ ঘূৰি আহিছিল।অৰ্থাৎ বছৰটোলৈ বিহুক বিদায় দিছিল।কিন্তু আজি-কালি আহাৰ-শাওন মাহলৈকৈ বিহু পাতি সাংস্কৃতিক সন্ধিয়াৰ নামত কৰা অতপালিবোৰে বিহুৰ মৰ্যদা হানি কৰা যেন হে অনুভৱ হয়।
অলপ দিন আগলৈকে বিহু চহা লোকৰ বাপতি সাহোন হৈ আছিল। কিন্তু পথাৰৰ বিহু মঞ্চ পোৱাৰ লগে-লগে ছবিখন ওলোটা হৈ পৰিল।মঞ্চ পোৱাৰ লগে-লগে বিহু জকমকীয়া হ’ল, জনপ্ৰিয় হ’ল।ইয়াৰ সুবাদতে বিহুৰে এতিয়া অসমীয়াই পৃথিৱীৰ আগত অসমীয়া জাতিৰ পৰিচয় দিবলৈ, গৌৰৱ কৰিবলৈ সক্ষম হৈ পৰিল।
খ্যাতিমান অসমীয়া শিল্পী আৰু গায়ক-গায়িকাৰ পৰা আৰম্ভ কৰি দুখীয়া নিচলা চহা শিল্পীয়েও আজিকালি বিহুৰ সময়ত মঞ্চত প্ৰদৰ্শনৰ যোগেদি মাননি লাভ কৰাৰ লগতে নিজা এক চিনাকি গঢ়ি তোলাৰ সুযোগ লাভ কৰে।ৰাইজৰ সন্মুখত নিজৰ নৈপুণ্য দেখুওৱাৰ সুযোগ দিছে কেৱল মাত্ৰ ‘মঞ্চ বিহুৰ ‘ মঞ্চ খনে। এই সমূহ মঞ্চ বিহুৰ এক যোগাত্মক দিশ।
আমাৰ বাপতি সাহোন জাতীয় জীৱনৰ মহা অংগ ৰঙালী বিহুটিত আধুনিকতাৰ পৰশ পৰিছে। গছ তলৰ বিহু গৈ মঞ্চত প্ৰৱেশ কৰিছে।এচাম তথাকথিত প্ৰগতিবাদী শিল্পীয়ে কেৱল ধন অৰ্জন কৰা, নাম-যশস্যা বঢ়োৱাৰ আশাত বিহুৰ নাচ , গানক পন্য লৈ ৰূপান্তৰ কৰিছে। মঞ্চ বিহু পালনৰ ধুম উঠিছে।
বিহু হৈছে অসমীয়াৰ জাতীয় জীৱনৰ প্ৰাণ। সেয়েহে বিহুত অসমীয়াৰ জাতীয় জীৱন, জীৱনশৈলী আদি প্ৰকাশ পোৱা উচিত।অসমৰ মানুহৰ অৰ্থনীতিৰ ভেঁটিৰ ওপৰত আমাৰ সমাজ জীৱন একান্তই নিৰ্ভৰশীল।সেয়ে অসমৰ জাতীয় অৰ্থনীতিৰ ভেঁটি সুদৃঢ় কৰিবৰ বাবে অসমৰ গঞা কৃষিজীৱি মানুহখিনিক কৃষি কৰ্ম বিকাশৰ ক্ষেত্ৰত ,গঞা সংস্কৃতি সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা উচিত। কৰ্ষণৰ মাজেদি হোৱা সৃষ্টিয়েই হ’ল অসম আৰু অসমীয়াৰ জাতীয় কৃষ্টি-সংস্কৃতি।বিহু অসমৰ প্ৰাণ, আমাৰ মান। নতুনত্ব আমাৰ সকলোৰে কাম্য। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আধুনিকতা আৰু নতুনত্বৰ দোহাই দি আমি আমাৰ বিহুটিৰ নিজস্বতাক আত্মসমৰ্পন কৰিবলৈ বাধ্য হ’ম বা বাধ্য কৰাম।জাতীয় উৎসৱ অবিহনে সোণসৰি পৰা অতীতেৰে সমৃদ্ধ অসমীয়া জাতিৰ অস্তিত্বই বা ক’ত।সেয়ে হাজাৰ বাধা, দুখ পাহৰিও অসমীয়া ৰাইজে প্ৰতিবাৰে বিহু পালন কৰি আহিছে। ক’ৰবাত হয়তো কেতিয়াবা অৱশ্যেই হীন-দেঢ়ি হৈছে।সেয়া অস্বীকাৰ কৰিব নোৱাৰি।
বিহু আজি কেৱল অসমতে সীমাবদ্ধ হৈ থকা নাই। বিশ্বৰ দৰবাৰতো ই স্বীকৃত হৈছে। এয়া নিত্যান্তই সুখৰ খবৰ। বিহুৰ এই প্ৰসাৰতাৰ ক্ষেত্ৰত বিহু তলি বা বিহু মঞ্চৰ অৱদান অনস্বীকাৰ্য।
সামাজিক মিলনৰ স্বাক্ষৰ স্বৰূপ বিহু হৈছে অসমীয়া ৰাইজৰ।পৰিৱৰ্তিত ৰূপত বিহু ধাৱমান যদিও আজিৰ বিহুৰ লগত যাতে তাহানিৰ বিহুৰ ঐতিহ্য, পৰম্পৰা আদি বিনষ্ট নহয়, বিকৃত নহয় সেই দিশৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব।সংস্কৃতিৰ প্ৰৱাহমান গতিক ৰূদ্ধ কৰা অসম্ভৱ।ই নিৰ্দিষ্ট পথেৰে গতি কৰিয়েই থাকিব।ইয়াক বাধা দিয়াৰ শক্তি কাৰো নাই। অসমৰ গ্ৰাম্য জীৱনৰ দাপোণ স্বৰূপ বিহু গছ তলৰ পৰা আহি বিশ্ব দৰবাৰলৈকে ব্যাপ্ত হৈ পৰিছে। ইয়াৰ পৰিসৰ বৃদ্ধি হৈছে। বহু পৰিক্ৰমা অতিক্ৰম কৰি বিহুৱে যি গৌৰৱ , মান ৰক্ষা কৰিবলৈ সক্ষম হৈছে ই আমাৰ বাবে গৌৰৱৰ বিষয়। মুকলি বিহুৰ আদৰ আৰু গুৰুত্ব পূৰ্বতে যেনেদৰে আছিল আজিও ইয়াৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি। ঠিক সেইদৰে মঞ্চ বিহুৰ আগমনে বিহুৰ সৌষ্ঠৱ আৰু গৌৰৱ বঢ়োৱাৰ লগতে বিহুক আৰু অধিক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সকলো কথাৰে দুটা দিশ আছে। বিহুৰ ক্ষেত্ৰটো ই প্ৰযোজ্য। বহু সময়ত মুকলি বিহু আৰু মঞ্চ বিহু বিষয়ত আলোচনা বা সমালোচনা হৈ আহিছে। দুটা ফালে অলেখ যুক্তি নিশ্চয়কৈ ওলাব। সফলতা-বিফলতা ওলাব ।তথাপি ভিন্ন দৃষ্টি কোণৰ পৰা চাবলৈ গ’লে বিহুৰ লগত জড়িত এই দুই বিষয়ৰ গুৰুত্বও নুই কৰিব নোৱাৰি।
বিহু নৃত্য-গীতৰ সাৰ্বজনীন আবেদনে নানা জাতি-জনগোষ্ঠীৰ হাজাৰ-হাজাৰ লোকক একোখন বিহুতলীত সমবেত কৰে। অসমৰ নিচিনা জটিল জন-গাঁথনিৰ ৰাজ্য এখনত এনেকুৱা এক সমন্বয় অৱশ্যে আদৰণীয়।কিয়নো বিহুৰ আন এক উজ্বল দিশ হ’ল ইয়াৰ ধৰ্মনিৰপেক্ষ ৰূপ।বিশেষকৈ ব’হাগ বিহু উদ্যাপনৰ ক্ষেত্ৰত ধৰ্মীয় উপাদান নিচেই সীমিত।এতিয়া বিহু উদ্যাপন মঞ্চ প্ৰধান হৈ পৰাৰ ফলত ধৰ্মীয় উপাদানবোৰ একেবাৰে নগণ্য হৈ পৰিছে।ফলত হিন্দু, মুছলমান ,খ্ৰীষ্টান আদিকে কৰি ভিন্ন ধৰ্মাৱলম্বীলোক সমন্বিতে সকলোৱে এই উৎসৱক নিজৰ বুলি আঁকোৱালি লোৱাত সহায়ক হৈছে।সহায়ক হৈছে বিহু উৎসৱটিক নিজৰ বুলি নিঃসন্দেহে ,নিঃসংকোচে আঁকোৱালি লোৱাত।
সমন্বয়ৰ প্ৰতীক , অসমীয়া জাতিৰ স্বাভিমান ৰঙালী বিহু অসমীয়া জাতিৰ সঞ্জীৱনী শক্তি স্বৰূপ এই বিহুৰ সময়ৰ লগে-লগে বহু পৰিৱৰ্তন ঘটিল।মুকলিমূৰীয়া আদিম সমাজৰ মুকলি মনেৰে জন্ম দিয়া বিহু প্ৰকৃততে বিকশিত হয় মুকলি পথাৰত, বিহুৱে প্ৰাণ পাই উঠে গছৰ তলত, নৈৰ ঘাটত। বুঢ়া আহতৰ তলৰ পৰা আহি,এটা সময়ত ৰজাঘৰীয়া সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা বিহু আহি ডা-ডাঙৰীয়াৰ আগচোতাল পালেহি।চহা ডেকা-গাভৰুৱে গছৰ তলত নচা বিহু নাচ স্বৰ্গদেউ ৰূদ্ৰ সিংহৰ আমোলতেই মাৰ্জিত ভাৱে ৰংঘৰৰ বাকৰিত প্ৰদৰ্শিত হৈছিল।আজিৰ বিহুৰ এই ৰূপৰ কঠীয়া সেই আমোলতে ৰোপণ কৰা হৈছিল।এইজনা স্বৰ্গদেউৰ দিনতেই ৰাজকাৰেংলৈ ৰাইজক হুঁচৰি গাবলৈ নিমন্ত্ৰণ কৰি হুঁচৰি দলৰ আগত আঁঠু লৈ আৰ্শীবাদ লোৱাৰ পৰম্পৰা প্ৰতিষ্ঠা হৈছিল।
ৰঙালী বিহুৰ পৰম্পৰাগত আৰু পৰিৱেশগত দুটা দিশ আছে যদিও সৰ্বস্তৰৰ লোকে আঁকোৱালি ল’ব পৰা দিশটো হৈছে বিহুৰ পৰিৱেশন। অৰ্থাৎ বিহুতলীৰ মুকলি বিহু , মঞ্চ বিহুৰ বিহু নাচ , বিভিন্ন ধৰণৰ বসন্তকেন্দ্ৰিক লোক সংস্কৃতি প্ৰদৰ্শন আদিৰ মাজেৰে সৰ্বস্তৰৰ লোকে এক মানসিক আৰু সামাজিক সম্পৰ্ক বিচাৰি পায়।যাক আমি জাতীয় সমন্বয়ৰ আধাৰ হিচাপে গ্ৰহণ ব্যৱহাৰ কৰিব পাৰো। মুকলি বিহু ,মঞ্চ বিহু আদিৰ মাজেৰে পৰিৱেশ্য কলা প্ৰকাশৰ সুবিধা পোৱা যায়।য’ত সৌন্দৰ্য আৰু বৈচিত্ৰতাৰ প্ৰতিফলন ঘটা দেখা যায়।
