নিয়তিৰ পৰিহাস – দীপালী শইকীয়া গগৈ

pc Magnific

নিয়তিৰ পৰিহাস

দীপালী শইকীয়া গগৈ,আমগুৰি

এনেকৈনো হঠাতে মানুহ পৃথিৱীৰ পৰা নাইকীয়া হৈ যায় নে?আগদিনা নৃত্য গীতৰ অনুষ্ঠানত অংশ কৰি জনতাক মোহাচ্ছন্ন কৰি ৰখা ছোৱালীজনীয়ে পুৱা সাৰেই নাপালে৷ সকলোৱে তাইৰ নিথৰ দেহটো কৌতূহল ভৰা দৃষ্টিৰে চাই নীৰৱে চকুলো টুকিলে৷