হিমাংশু ৰণ্জন ভূঞাৰ ‘জাতি মাটি ভেটি’ – এখন সময়োপযোগী গ্ৰন্থ
ললিত নাথ
কেৰাণীপাম, শোণিতপুৰ
অসমীয়া সাহিত্য, সংবাদ আৰু নাট্যক্ষেত্ৰখনত নিৰন্তৰ সাধনাৰে প্ৰতিষ্ঠা লাভ কৰা যুৱ সাহিত্যিক হিমাংশু ৰণ্জন ভূঞাৰ শেহতীয়া গ্ৰন্থ “জাতি মাটি ভেটি” এখন সময়োপযোগী গুৰুত্বপূৰ্ণ গ্ৰন্থ হিচাপে চৰ্চিত হৈছে। এই কিতাপখনত লেখকে অসমীয়া জাতিৰ বৰ্তমানৰ শোচনীয় অৱস্থা আৰু ভৱিষ্যতৰ শংকাক লৈ যি এক মননশীল আৰু যুক্তিসংগত বিশ্লেষণ আগবঢ়াইছে, সি সঁচাকৈয়ে প্ৰতিগৰাকী পঢ়ুৱৈৰ বিবেকক জোকাৰি যাব। আমি প্ৰায়েই সামাজিক বা ৰাজনৈতিক মঞ্চত ‘জাতি-মাটি-ভেটি’ শব্দকেইটাক কেৱল এটা শ্লোগান হিচাপে ব্যৱহাৰ হোৱা দেখোঁ। কিন্তু ভূঞাই নিজৰ এই গ্ৰন্থত অতি বলিষ্ঠভাৱে প্ৰতিপন্ন কৰিছে যে এইবোৰ কোনো ক্ষণস্থায়ী আৱেগ নহয়। বৰঞ্চ ই অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ এক গভীৰ সংকল্প, এক ঐতিহাসিক চেতনা। গ্ৰন্থখনৰ পৃষ্ঠাই পৃষ্ঠাই লেখকে কোনো ধৰণৰ উগ্ৰ জাতীয়তাবাদী আৱেগ বা মিছা ৰোমাণ্টিক কল্পনাৰ আশ্ৰয় লোৱা নাই। অতি সহজ, সৰল আৰু ঘৰুৱা অসমীয়া ভাষাৰে তেওঁ সমাজৰ এনে কিছুমান তিতা সত্য উন্মোচন কৰিছে, যিবোৰৰ মুখামুখি হ’বলৈ আমি সাধাৰণতে ভয় কৰোঁ বা সংকোচ বোধ কৰোঁ।
শোণিতপুৰ জিলাৰ ইতিহাসপ্ৰসিদ্ধ জামুগুৰিহাটত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰতিভাশালী লেখকে ছাত্ৰ অৱস্থাৰ পৰাই আজিকোপতি নিৰৱচ্ছিন্নভাৱে সাহিত্য চৰ্চা কৰি আহিছে। তেওঁৰ লেখনীৰ ধাৰাবাহিকতাই প্ৰমাণ কৰে যে সাহিত্য তেওঁৰ বাবে কেৱল চখ নহয়, ই এক জীৱন দৰ্শন। বৰ্তমানলৈকে তেওঁ অসমীয়া গ্ৰন্থ জগতলৈ “চিৰাজ দ্ৰৌপদী আৰু অন্যান্য গদ্য” (২০১৫), “জীয়াভৰলীৰ পলস” (২০১৭), “মোৰ প্ৰেয়সীৰ বিয়া” নামৰ কাব্যগ্ৰন্থ (২০১৭), “সাম্প্ৰতিক সময় – প্ৰাসংগিক চিন্তা” (২০১৮), আৰু ‘বিষয় – নাটক’ (২০২২) শীৰ্ষক পাঁচখন অমূল্য গ্ৰন্থ উপহাৰ দিছে। এজন নাট্যানুৰাগী হিচাপে তেওঁ ৰাজ্যৰ বিভিন্ন মঞ্চত প্ৰদৰ্শিত নাটকসমূহৰ নিৰ্মোহ সমালোচনা কৰাৰ লগতে কালজয়ী নাট্য সৃষ্টি আৰু নাট্যকাৰসকলৰ ওপৰত বিস্তৃত গৱেষণা চলাই আহিছে। এনেবোৰ নিৰলস প্ৰচেষ্টাৰ বাবেই তেওঁ চাৰিটা সন্মানীয় ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ অসম চৰকাৰে তেওঁক ‘যুৱ লেখক সন্মান ২০২৫’ প্ৰদান কৰি তেওঁৰ সাধনাৰ এক উপযুক্ত স্বীকৃতি দিছে বুলি ক’ব পাৰি ।
বৰ্তমান অসমৰ যি দ্ৰুত জনগাঁথনিৰ পৰিৱৰ্তন ঘটিছে, সেয়া আমাৰ জাতিটোৰ বাবে কিমান ভয়ংকৰ হ’ব পাৰে, তাৰ এক পুংখানুপুংখ চিত্ৰ লেখকে এই গ্ৰন্থত অংকন কৰিছে। কিতাপ খনত সন্নিবিষ্ট ষোল্লটা প্ৰবন্ধৰ প্ৰতিটোৱেই যেন আমাক এক গভীৰ আত্মবিশ্লেষণৰ দিশলৈ লৈ যায়। “অসমতে ভগনীয়া হ’ব নেকি অসমীয়া?”, “জাতীয় চেতনাৰ অৱক্ষয়”, “স্বাভিমানী অসমীয়া জাতি আৰু পৰনিৰ্ভৰশীলতা” আদি প্ৰবন্ধবোৰত তেওঁ অতি সুন্দৰকৈ বৰ্ণনা কৰিছে কেনেকৈ আমি নিজৰ কৰ্মবিমুখতা আৰু এলেহুৱা স্বভাৱৰ বাবে নিজৰ ভৰিৰ তলৰ মাটিখিনি হেৰুৱাই পেলাইছোঁ। লেখকে অতি স্পষ্টভাৱে কৈছে যে আমি প্ৰতিটো কথাতে আৱেগিক হৈ চিঞৰ-বাখৰ কৰোঁ, কিন্তু বজাৰৰ অৰ্থনীতি আৰু শ্ৰমৰ মৰ্যাদা বুজিবলৈ কোনোদিনে চেষ্টা নকৰোঁ। অসমীয়া যুৱক-যুৱতীয়ে নিজৰ মাটিত খেতি কৰিবলৈ বা সৰু ব্যৱসায় এটা কৰিবলৈ লাজ পায়। চৰকাৰী চাকৰিৰ আশাত বছৰৰ পাছত বছৰ পাৰ কৰে। ফলস্বৰূপে অনা-অসমীয়া লোকসকলে আমাৰ এই মানসিক দুৰ্বলতা আৰু কৰ্মবিমুখতাৰ পূৰ্ণ সুযোগ লৈ আমাৰ বজাৰ আৰু অৰ্থনীতি সম্পূৰ্ণৰূপে দখল কৰিছে। এয়া আমাৰ সমাজৰ এক নিৰ্দয় বাস্তৱ, যিটোক অস্বীকাৰ কৰাৰ কোনো উপায় নাই।
কিতাপখনত কেৱল সমস্যাৰ কথাখিনি কৈয়েই লেখকে দায়িত্ব সামৰা নাই। আমাৰ জাতিটোৰ ভৱিষ্যত কেনেকৈ সুৰক্ষিত কৰিব পাৰি, তাৰো চিন্তা-চৰ্চা ইয়াত দেখা গৈছে। লেখকৰ মতে, মাটি হেৰুওৱা মানে কেৱল এক ব্যক্তিগত সম্পত্তি হেৰুওৱা নহয়, ই এক সমগ্ৰ জাতিৰ ৰাজনৈতিক ক্ষমতা আৰু অৰ্থনৈতিক শক্তি হেৰুওৱাৰ সমাৰ্থক। যি জাতিয়ে নিজৰ ভূমিৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায়, বজাৰৰ নিয়ন্ত্ৰণ আনৰ হাতত গতাই দিয়ে, সেই জাতি এদিন নিজৰ দেশতেই আলহীৰ দৰে হ’বলৈ বাধ্য। ভূঞাই বৰ দুখেৰে আক্ষেপ কৰিছে যে অসমৰ মাটিত আজি অনা-অসমীয়াৰ দপদপনি বাঢ়িছে কেৱল আমাৰ নিজৰ দোষৰ বাবেই। আমি সৰু কাম কৰিবলৈ কুণ্ঠাবোধ কৰোঁ, কিন্তু সেই একেবোৰ কাম বাহিৰৰ পৰা অহা শ্ৰমিকে কৰি আমাৰ চকুৰ আগতে বিশাল সাম্ৰাজ্য গঢ়ি তুলিছে। “অত্যধিক আৱেগপ্ৰৱণতা” নামৰ প্ৰবন্ধটোত লেখকে অতি সুন্দৰকৈ ফঁহিয়াই দেখুৱাইছে যে আৱেগ মানুহৰ থাকিব লাগে, কিন্তু আৱেগে যেতিয়া যুক্তিৰ বাট ভেটি ধৰে, তেতিয়া সি জাতিৰ বাবে কাল হৈ পৰে। আমি প্ৰতিটো কথাতে আৱেগিক হৈ প্ৰতিবাদ কৰোঁ, কিন্তু দীৰ্ঘম্যাদী পৰিকল্পনা কৰিবলৈ আমি অক্ষম।
ভাষিক আৰু সাংস্কৃতিক আগ্ৰাসনৰ বিষয়টো কিতাপখনৰ আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ। অসমীয়া ভাষাৰ প্ৰতি আমাৰ নিজৰেই যি অৱহেলা, তাকে লৈ লেখকে ক্ষুৰধাৰ সমালোচনা কৰিছে। নিজৰ সন্তানক ঘৰৰ ভিতৰত অসমীয়া শিকোৱাৰ পৰিৱৰ্তে ইংৰাজী বা হিন্দী কোৱাত বেছি গৌৰৱ অনুভৱ কৰা সমাজ এখনৰ ভৱিষ্যত আচলতে কি হ’ব পাৰে? আমি ভাষা ৰক্ষাৰ নামত ৰাজপথত আন্দোলন কৰোঁ, সভা-সমিতিত বক্তৃতা দিওঁ, কিন্তু নিজৰ ঘৰতেই মাতৃভাষাৰ চৰ্চা নকৰোঁ। ইণ্টাৰনেটৰ দৰে এক বিশাল মাধ্যমত অসমীয়া ভাষাৰ সমল কিমান নিচেই তাকৰ, সেই বিষয়েও কিতাপখনত আলোচনা কৰা হৈছে। ডিজিটেল পৃথিৱীখনত আমি নিজৰ ভাষাটোক সবল ৰূপত প্ৰতিষ্ঠা কৰিব নোৱাৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পিছতো আমাৰ ভাষাৰ প্ৰকৃত বিকাশ সম্ভৱ নহয়। “অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা আৰু ইয়াৰ প্ৰায়োগিক সম্ভাৱনা” নামৰ লেখাটোত এই বিষয়ে এক বিজ্ঞানসন্মত আলোচনা আগবঢ়োৱা হৈছে।
“উৎসৱপ্ৰিয় অসমীয়া” নামৰ বিষয়টোৱে আমাৰ সমাজৰ এক ডাঙৰ ফোপোলা স্বৰূপ উদঙাই দিছে। আমি ক্ৰমান্বয়ে এক এনেকুৱা উৎসৱপ্ৰিয় জাতিত পৰিণত হৈছোঁ, য’ত গভীৰ বৌদ্ধিক চৰ্চা বা জ্ঞানৰ সন্ধানতকৈ বাহ্যিক আড়ম্বৰ, নাচ-গান আৰু হুলস্থূলৰ গুৰুত্ব বেছি। বৌদ্ধিক দৈন্যই আমাক গ্ৰাস কৰিছে। শিপাবিচ্ছিন্ন নৱপ্ৰজন্মক লৈও লেখকে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। যিটো প্ৰজন্মই নিজৰ শিপা চিনি নাপায়, নিজৰ ইতিহাস নাজানে, তেওঁলোকে কেনেকৈ ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’ব? এই গ্ৰন্থখনে প্ৰমাণ কৰে যে হিমাংশু ৰণ্জন ভূঞা কেৱল এজন কাহিনীকাৰ বা প্ৰবন্ধকাৰেই নহয়, তেওঁ এজন অতি সচেতন আৰু সমাজ নিৰীক্ষক সমালোচক। তেওঁৰ কলমৰ মাজেৰে নিগৰি অহা প্ৰতিটো শব্দই সমাজৰ প্ৰতি থকা তেওঁৰ গভীৰ দায়বদ্ধতা আৰু অকৃত্ৰিম দেশপ্ৰেমৰ কথা সোঁৱৰাই দিয়ে।
কিতাপখনৰ ভাষা অতি প্ৰাঞ্জল, পোনপটীয়া আৰু আকৰ্ষণীয়। জটিল অৰ্থনৈতিক আৰু ৰাজনৈতিক কথাবোৰকো লেখকে অতি সহজে, সাধাৰণ পঢ়ুৱৈয়ে বুজি পোৱাকৈ উপস্থাপন কৰিছে। বাক্যৰ গাঁথনিৰ ক্ষেত্ৰত তেওঁ এক সুন্দৰ বৈচিত্ৰ্য ৰক্ষা কৰিছে। কেতিয়াবা দীঘল বিশ্লেষণাত্মক বাক্য, আকৌ কেতিয়াবা একেবাৰে চুটি আৰু তীক্ষ্ণ বাক্যৰে তেওঁ পঢ়ুৱৈৰ মনত প্ৰশ্নৰ উদয় কৰিছে। যাৰ বাবে কিতাপখন পঢ়ি গ’লে অকণো আমনি নালাগে বা একঘেয়ামী অনুভৱ নহয়। কোনো কৃত্ৰিমতাৰ আশ্ৰয় নোলোৱাকৈ, কোনো ধৰণৰ আন ভাষাৰ শব্দৰ অবাবত ব্যৱহাৰ নকৰাকৈ তেওঁ সমাজৰ বাস্তৱ ছবিখন দাঙি ধৰিছে। অসমীয়া ব্যাকৰণৰ শুদ্ধ প্ৰয়োগ আৰু ঘৰুৱা শব্দৰ ব্যৱহাৰে গ্ৰন্থখনক অধিক প্ৰাণৱন্ত কৰি তুলিছে। এই গ্ৰন্থখন প্ৰকৃততে অসমীয়া জাতীয় জীৱনৰ এক নিৰ্মম দাপোণ, য’ত আমি নিজৰ কৰ্মবিমুখতা, আৱেগপ্ৰৱণতা আৰু পৰনিৰ্ভৰশীলতাৰ স্বৰূপটো অতি স্পষ্টকৈ দেখিবলৈ পাওঁ।
অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজখনত হিমাংশু ৰণ্জন ভূঞাৰ “জাতি মাটি ভেটি” গ্ৰন্থখনে এক গুৰুত্বপূৰ্ণ বৌদ্ধিক অস্ত্ৰ হিচাপে কাম কৰিব। গ্ৰন্থখনৰ সমালোচনাত্মক দিশবোৰে আমাক কেৱল নিৰাশ বা হতাশ নকৰে, বৰঞ্চ নিজৰ ভুলবোৰ শুধৰাই আগবাঢ়ি যাবলৈ এক নতুন উদ্যম আৰু প্ৰেৰণা যোগায়। আমি সকলোৱে এই কথাটো মৰ্মে মৰ্মে উপলব্ধি কৰা উচিত যে কেৱল আবেগৰে বা শ্লোগানৰে জাতি ৰক্ষা নপৰে। জাতি এটা জীয়াই থাকিবলৈ হ’লে লাগে কঠোৰ পৰিশ্ৰম, অৰ্থনৈতিক স্বাৱলম্বিতা, জ্ঞানৰ চৰ্চা আৰু নিজৰ মাটিৰ প্ৰতি অকৃত্ৰিম কৰ্মমুখী প্ৰেম। এই সুন্দৰ, মননশীল আৰু সময়োপযোগী গ্ৰন্থখন অসমীয়া সমাজলৈ আগবঢ়োৱাৰ বাবে লেখক হিমাংশু ৰণ্জন ভূঞা সঁচাকৈয়ে প্ৰশংসাৰ পাত্ৰ। ভৱিষ্যতলৈকো তেওঁৰ এনে বলিষ্ঠ আৰু নিৰ্ভীক লেখনিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল আৰু অধিক চহকী কৰিব বুলি আমি দৃঢ়তাৰে বিশ্বাস কৰিব পাৰোঁ।
