তোমাৰ প্ৰেম
ৰুমী কলিতা দত্ত
২নং কেন্দুগুৰি,ধমন,ডিব্ৰুগড়
তোমাৰ সেউজীয়া প্ৰেমক চুই চাবলৈ
মোৰো আছে এটি মন
যদি হয় জীপাল জীৱন ।
তোমাৰ শব্দৰ ছন্দ লাগি
শিহৰিত হয় যৌৱন
তোমাৰ প্ৰেমে চকুত মায়া সানে
বাঁহীত ফুঁ দিলেই কলিজাত সাঁচ বহে
টুকুৰা-টুকুৰ হৃদয় যোৰা লাগে ।
এজাক পছোৱা হৈ
বুকুৰ খিৰিকীৰে প্ৰবেশ কৰিম
তোমাৰ মনৰ কুঠৰী,
হৃদয়ৰ ছবিখনত ৰং সিঁচিম
সেউজীয়া সপোনত নিজক বিলাই দিম।
চাই হেঁপাহ নপলোৱাকৈ
এখন ছবি আঁকিম।
প্ৰেম উন্মনা ফাগুন
প্ৰেম বিস্তীৰ্ণ মহাসাগৰ
প্ৰেম জোনাকৰ বৰষুণ
আৰু লঠঙা বিৰিখৰ কুঁহি।
তোমাৰ সেউজীয়া প্ৰেমে
দুন্দুভি বজাই.
মনৰ মাজত জোনাকে সাৰপাই.
শত সহস্ৰ আশাৰে আঁচলত মেৰিয়াই
হৃদয়ৰ বৰঘৰত প্ৰেমৰ বাগিচা সজাই
নিটোল শব্দৰ পৰশে মৌনতাৰে চুই যায় ।
