পথভ্ৰষ্ট যৌৱন আৰু বৰ্তমানৰ ছাত্ৰ ৰাজনীতি
জ্যোতিমণি মাহত্ব, যোৰহাট
যৌৱন কোনো আপোচৰ নাম নহয়,যৌৱন হ’ল এক প্ৰচণ্ড ধুমুহা, যাৰ বুকুত স্পন্দিত হয় সমাজ পৰিৱৰ্তনৰ অদম্য সাহস। ইতিহাসৰ প্ৰতিটো সংকটকালত, যেতিয়াই গণতন্ত্ৰক কণ্ঠৰোধ কৰাৰ চেষ্টা কৰা হৈছে, তেতিয়াই ছাত্ৰ সমাজে শাসকৰ ৰক্তচক্ষুক নেওচি ৰাজপথলৈ নামি আহিছে। ছাত্ৰ ৰাজনীতি কেৱল নিৰ্বাচন খেলা বা ক্ষমতাৰ খোপনি পোতাৰ খেলা নহয়,ই হ’ল সমাজৰ বিবেক, অন্যায়ৰ বিৰুদ্ধে গৰ্জন কৰি উঠা এক চিৰন্তন অগ্নি। কিন্তু আজি একবিংশ শতিকাৰ এই ভোগবাদী যুগত থিয় হৈ প্ৰশ্ন হয়—যি ছাত্ৰ ৰাজনীতিয়ে সমাজক পথ দেখুৱাব লাগিছিল, সি আজি নিজে পথভ্ৰষ্ট হৈ পৰা নাইনে? কেনে হোৱা উচিত আছিল আমাৰ ছাত্ৰ ৰাজনীতি আৰু আজি ইয়াৰ বুকুত কেনে কালধুমুহা নামি আহিছে?
এসময়ত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন বুলি ক’লেই মনলৈ আহিছিল সুস্থ বৌদ্ধিক তৰ্ক, মতাদৰ্শৰ যুঁজ, ছাত্ৰ-ছাত্ৰীৰ অধিকাৰৰ সংগ্ৰাম আৰু কেম্পাছৰ শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ এক সুস্থ প্ৰতিযোগিতা। উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ এই ছাত্ৰ ৰাজনীতিক সদায় ভৱিষ্যতৰ সুস্থ সমাজ গঠন আৰু যোগ্য নেতৃত্ব গঢ়াৰ প্ৰথমখোজ বুলি গণ্য কৰা হয়। কিন্তু বৰ্তমান সময়ত প্ৰযুক্তি আৰু সামাজিক মাধ্যমৰ অবাধ ব্যৱহাৰে এই পবিত্ৰ প্ৰক্ৰিয়াটোক এক তৰল প্ৰতিযোগিতালৈ পৰিণত কৰিছে। আজিকালি মহাবিদ্যালয়ৰ ৰ নিৰ্বাচনত নীতি-আদৰ্শৰ চৰ্চাতকৈ সামাজিক মাধ্যমত ‘ৰীলছ’ত কোন বেছি ভাইৰেল, তাক লৈহে প্ৰতিযোগিতা চলিবলৈ ধৰিছে। যোগ্যতাৰ প্ৰমাণতকৈ কোনে কাক কিমান তললৈ নমাব পাৰে—সেয়া যেন বৰ্তমান ছাত্ৰ নিৰ্বাচনৰ নতুন সমীকৰণ হৈ পৰিছে।বৰ্তমান সময়ত নিৰ্বাচনী প্ৰচাৰৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে ফেচবুক, ইনষ্টাগ্ৰামৰ চুটি চুটি ৰীলছ বা ভিডিঅ’সমূহ। কেইছেকেণ্ডমানৰ এটা মিউজিক বা আকৰ্ষণীয় ডাইলগেৰে যুৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ এক অন্ধ দৌৰ চলিছে। ছাত্ৰ সমাজৰ বাবে কি কাম কৰা হ’ব, মহাবিদ্যালয়খনৰ শৈক্ষিক বা আন্তঃগাঁথনিৰ উন্নয়ন কেনেকৈ কৰা হ’ব—এইবোৰ গুৰুত্বপূৰ্ণ বিষয় এতিয়া ছচিয়েল মিডিয়াৰ এলগ’ৰিডমৰ তলত হেৰাই গৈছে। যাৰ চিন্তা বা আদৰ্শ যিমানেই গভীৰ নহওক কিয়, যদি তেওঁ কেমেৰাৰ সন্মুখত চমক সৃষ্টি কৰিব নোৱাৰে, তেন্তে তেওঁক ‘পিছপৰা’ বুলি গণ্য কৰা হয়। ই সুস্থ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বাবে এক ডাঙৰ ভাবুকি।ৰীলছৰ ধাৰণাটোৱেই হৈছে ক্ষন্তেকীয়া আকৰ্ষণ। কেইছেকেণ্ডমানৰ স্ক্ৰীনৰ যি গ্লেমাৰ দেখা যায়, বাস্তৱ জগতত তাৰ কোনো মিল নাথাকে। এজন প্ৰাৰ্থী কেমেৰাৰ সন্মুখত যিমানেই আকৰ্ষণীয় নহওক কিয়, তেওঁ ছাত্ৰ-ছাত্ৰীৰ সাধাৰণ সমস্যাবোৰৰ প্ৰতি কিমান সংবেদনশীল, সেয়াহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। কিন্তু বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীসকলেও প্ৰাৰ্থীজনৰ যোগ্যতা বা অতীতৰ কামৰ খতিয়ান লোৱাতকৈ, ছচিয়েল মিডিয়াত কাৰ ‘ফ’ল’ৱাৰ্ছ’ বা ‘লাইক’ বেছি, তাৰ ওপৰত ভিত্তি কৰি ভোটদান কৰাৰ এক প্ৰৱণতা দেখা গৈছে। ই গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ সৰলীকৰণ।নিৰ্বাচনী প্ৰচাৰৰ নামত ছচিয়েল মিডিয়াত চলি থকা এই কদৰ্য ৰূপে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যৰ ওপৰতো কু-প্ৰভাৱ পেলাইছে। ট্ৰ’ল কৰা, কমেন্ট বক্সত দলবদ্ধভাৱে গালি-গালাজ কৰা (Cyber Bullying)বা কাৰোবাৰ পুৰণি ব্যক্তিগত কথাক লৈ মিম বনোৱা কাৰ্যই এজন উদীয়মান যুৱক বা যুৱতীৰ ভৱিষ্যত মানসিকভাৱে পংগু কৰি তুলিব পাৰে। যি বয়সত তেওঁলোকে সুস্থ মানসিকতাৰে সমাজ গঢ়াৰ সপোন দেখিব লাগিছিল, সেই বয়সত তেওঁলোকে অনলাইন শত্ৰুতা আৰু তীব্ৰ মানসিক অৱসাদৰ (Depression) বলি হ’বলগীয়া হৈছে। নিৰ্বাচন শেষ হৈ যায়, পদবীটোও কাৰোবাৰ হাতলৈ যায়, কিন্তু ডিজিটেল প্লেটফৰ্মত ৰৈ যোৱা সেই কদৰ্য দাগবোৰে এজন ছাত্ৰ বা ছাত্ৰীৰ ভৱিষ্যত সামাজিক জীৱন চিৰদিনৰ বাবে জোকাৰি থৈ যায়।নিৰ্বাচনত সমালোচনা থকাটো স্বাভাৱিক আৰু প্ৰয়োজনীয়। কিন্তু এই সমালোচনা হ’ব লাগে কৰ্মৰ, নীতিৰ আৰু চিন্তাৰ। দুৰ্ভাগ্যবশতঃ, আজিকালি ছাত্ৰ ৰাজনীতিৰ মজিয়াত প্ৰতিদ্বন্দ্বীৰ কৰ্মৰ সমালোচনা কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ ব্যক্তিগত জীৱনক ৰাজহুৱা কৰি চৰিত্ৰ হনন কৰাৰ এক অকুশলী সংস্কৃতি গঢ়ি উঠিছে। এআই (AI) প্ৰযুক্তি আৰু মিমছ (Memes)ৰ জৰিয়তে বিপক্ষৰ প্ৰাৰ্থীজনক ব্যক্তিগতভাৱে অপমান কৰা, সমাজৰ চকুত হেয় প্ৰতিপন্ন কৰা কাৰ্যই ছাত্ৰ-ছাত্ৰীসকলৰ মানসিকতাক ক্ৰমান্বয়ে বিষাক্ত কৰি তুলিছে। মতাদৰ্শৰ যুদ্ধখন এতিয়া যুক্তিৰে নহয়, ব্যক্তিগত বিদ্বেষ আৰু অপপ্ৰচাৰেৰে জিকিবলৈ চেষ্টা কৰা হৈছে।নিৰ্বাচনী প্ৰচাৰৰ নামত ছচিয়েল মিডিয়াত চলি থকা এই কদৰ্য ৰূপে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যৰ ওপৰতো কু-প্ৰভাৱ পেলাইছে। ট্ৰ’ল কৰা, কমেন্ট বক্সত গালি-গালাজ কৰা বা কাৰোবাৰ বিকৃত ফটো ভাইৰেল কৰি দিয়া কাৰ্যই এজন উদীয়মান যুৱক বা যুৱতীৰ ভৱিষ্যত মানসিকভাৱে পংগু কৰি তুলিব পাৰে। যি বয়সত তেওঁলোকে সুস্থ মানসিকতাৰে সমাজ গঢ়াৰ সপোন দেখিব লাগিছিল, সেই বয়সত তেওঁলোকে ছাইবাৰ বুলিং বা অনলাইন শত্ৰুতাৰ বলি হ’বলগীয়া হৈছে।কলেজৰ নিৰ্বাচন কেৱল এটা পদবী দখলৰ বাবে কৰা ক্ষন্তেকীয়া যুদ্ধ নহয়; ই ভৱিষ্যতৰ দেশ আৰু সমাজ পৰিচালনা কৰিবলগীয়া নেতৃত্বৰ আখৰাঘৰ। আজিৰ ছাত্ৰ নেতাজনেই কাইলৈ সমাজৰ বিভিন্ন দায়িত্বপূৰ্ণ স্থানত অধিষ্ঠিত হ’ব। কিন্তু কলেজ পৰ্যায়তে যদি যুৱ প্ৰজন্মই যুক্তিৰ ঠাইত অপপ্ৰচাৰ আৰু আদৰ্শৰ ঠাইত ব্যক্তিগত হিংসাক নিৰ্বাচন জিকাৰ মূল আহিলা হিচাপে গ্ৰহণ কৰিবলৈ শিকে, তেন্তে কাইলৈ সমাজৰ পৰা সুস্থ, পৰিপক্ক আৰু আদৰ্শবাদী নেতৃত্ব আশা কৰিম কেনেকৈ? কেইছেকেণ্ডমানৰ এটা ৰীলছ হয়তো কিছু সময়ৰ পিছত স্ক্ৰ’ল কৰি পাৰ হৈ যাব পাৰি, কিন্তু ৰাজনীতিৰ নামত সমাজখনত সিঁচি দিয়া এই কুৎসিত মানসিকতাৰ পৰিণাম বহু প্ৰজন্মলৈ ৰৈ যাব।
ইয়াৰোপৰি মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদৰ নিৰ্বাচন এতিয়া দেশৰ সাধাৰণ নিৰ্বাচনৰ দৰেই অপবিত্ৰ হৈ পৰিছে। লাখ লাখ টকাৰ পানীৰ দৰে খৰচ, বিলাসী গাড়ীৰ সমদল আৰু ক্ষমতাৰ অহংকাৰে মেধাৱী আৰু স্বভিমানী ছাত্ৰ-ছাত্ৰীক এই ব্যৱস্থাৰ পৰা বহুদূৰলৈ আঁতৰাই পঠিয়াইছে। বহু এনে ছাত্ৰ -ছাত্ৰী থাকে যাৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ এখনক নেতৃত্ব দিয়া দক্ষতা আৰু গুণ থাকে কিন্তু নিৰ্বাচনৰ নামত লাখ লাখ টকা খৰচ কৰিব নোৱাৰে বাবে তেওঁলোকে নিজৰ দক্ষতা আৰু নেতৃত্ব গুণ দেখুওৱা সুযোগ নাপায়। বহু ছাত্ৰ নেতাৰ বাবে এতিয়া ৰাজনীতি হ’ল চমু পথৰে ক্ষমতা আৰু সম্পত্তি অৰ্জন কৰাৰ মাধ্যম। সামাজিক দায়বদ্ধতা ক’ৰবাত হেৰাই গৈছে, তাৰ ঠাই লৈছে চৰম সুবিধাবাদ আৰু ব্যক্তিগত উচ্চাকাংক্ষাই। যুক্তিবাদৰ ঠাই এতিয়া লাঠী আৰু চোকা অস্ত্ৰই লৈছে। ভিন্ন মতক সন্মান জনোৱাৰ পৰিৱৰ্তে ইজনে সিজনক শত্ৰু জ্ঞান কৰা এক ফেচিবাদী মানসিকতাই পবিত্ৰ শিক্ষানুষ্ঠানৰ মজিয়াক কলুষিত কৰি তুলিছে। যিখন হাতত কলম জিলিকিব লাগিছিল, সেই হাতত আজি কোনো অজ্ঞাত স্বাৰ্থান্বেষী মহলে ধৰাই দিছে হিংসাৰ বাৰুদ।
