ক্ষণস্থায়ী
ৰীমা গায়ন বৰ
নাওকটা , মৰিগাঁও
জীৱনটো খন্তেকীয়া বুলি জানিও ,
ইমান মায়া মোহত বন্দী কিয় ?
জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ ৰাখি ,
বেয়া বুলি জানিও খাই মৰা কিয় ?
সকলো সুলভ বুলি জানিও
দুৰ্লভ বস্তুৰ প্ৰতি আকৃষ্ট হৈ
অভেদ্য দূৰ্গ ভেদ কৰাৰ হাবিয়াস কিয় ?
ক্ষণস্থায়ী জীৱন লৈ জন্ম লোৱা বুলি জানিও
অমৰত্ব লাভৰ অমৃত কলহ বিচাৰি
অমৰত্ব লাভৰ অমৃত কলহ বিচাৰি
জীৱনৰ বাটত অগাদেৱা কিয় ?
ব্ৰতী হওক জ্ঞানৰ বন্তি প্ৰজ্বলনে
ধুনীয়া পৃথিৱীখন চোৱাৰ নিৰন্তৰ প্ৰচেষ্টাত।
