আমি বাইভনী – মেৰী বৰদলৈ

Pc Pinterest

আমি বাইভনী

মেৰী বৰদলৈ
নগাঁও,ফুলগুৰি

আমি বাইভনী
হাতেহাত ধৰি
আগুৱাই যাওঁ আমি
সেউজ সপোন ৰচা
এইখন সৰগী অসমৰে
জীয়ৰী আমি
ক’ত যে সপোন
ক’ত যে হেঁপাহ
দুচকুত নতুনত্বৰ ৰহণ সানি
খোজত খোজ দি
যাওঁ আগুৱাই আমি
বসন্তৰ ব’হাগী
শাওনৰ ৰোৱনী
ভাদমাহৰ হওঁ আমি গোপীনী
আঘোণৰ দাৱনী
ফাগুনৰ ফাগুনী জনীহৈ
যাওঁ আগুৱাই আমি
আমি বাইভনী
নিজে নিজৰ সাহস হৈ
হাতেহাত ধৰি
আগুৱাই যাওঁ আমি
নিতে গঢ়িম
হাঁহিৰে জগত জননী!