কি নাম দিব মোক ? – ড° কংকনা মেধি

Pc PickPik

কি নাম দিব মোক ?

ড° কংকনা মেধি,
সহকাৰী অধ্যাপিকা, প্ৰাণীবিজ্ঞান বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়

 

স্বপ্নভঙ্গই কোঙা কৰা পূৱাবোৰতো
মোৰ প্ৰাণত ‘বীৰ’ৰ হাঁহি,
আৰু এন্ধাৰৰ চকুত চকু থৈ কথা কোৱাৰ মৰসাহ !
আঘাতৰ অস্ত্ৰৰ ভৰ পিঠিত বান্ধি
জীৱন পৰ্বতৰ সীমনাত
মই এতিয়াও যুঁজিবলৈ যাওঁ,
কোনো জেদী সৈনিকৰ দৰে…।
পৰিস্থিতিৰ বৰফত পিচলিলে
মই খুলি থওঁ দুভৰিৰ আৱৰণ,
পথবিহীন দুৰ্গম দিশেৰে
দুহাতত দুমুঠি বিশ্বাস লৈ
বাধাৰ বুকু চিৰাচিৰ কৰি
মই আগুৱাই থাকো শিখৰ অভিমুখে ।
মোৰ তেজত আত্মবিশ্বাসৰ উত্তাপ
আৰু মোৰ বুকুত এশটা সূৰুযৰ ৰ’দ…।