আত্মজ্ঞানেৰে আপোনজনক বৃদ্ধকালত সুৰক্ষা দিয়ক – অনামিকা (সংগীতা)কলিতা

Pc Tulasi Healthcare

আত্মজ্ঞানেৰে আপোনজনক বৃদ্ধকালত সুৰক্ষা দিয়ক—–নিজৰ মানসিক অস্থিৰতা নিৰাময় কৰক

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

মানসিক অস্থিৰতাৰ কাৰণে বহুতো ঘটনা সংঘটিত হৈ আছে। বহুতো অমানৱীয় ঘটনাৰ মুখ্য কাৰণ আত্মজ্ঞানৰ। নিজৰ মাতৃক তিনি গৰাকী ছোৱালী থকাৰ পিছতো পদপথত পেলাই থৈ আহিল।ভাগিনৰ সম্পৰ্ক মাহীয়েকৰ,কন্যাৰ লগত বাপেকৰ অবৈধ সম্পৰ্ক। এইবোৰ বিকৃত মানসিকতাৰ সৃষ্টি হৈছে। সমাজখন কোন দিশলৈ গতি কৰিছে। নাৰীক পণ্য সামগ্ৰীৰ লগত তুলনা ।আনদিশে পুৰুষ স্বীকাৰ হৈছে পত্নীৰ বৰ্বৰতাৰ যেন সকলো প্ৰতিযোগিতাত নামি পৰিছে।আইতাহতে কোৱা কথাখিনিলৈ মনত পৰিল —ঘোৰ কলিকালৰ আৰম্ভণি।
বাতৰি কাকতখন মেলি ধৰিলেই চকু থৰ হৈ যায়। এয়া কোন দিশে গতি কৰিছে‌—-

আধুনিকতাৰ পমখেদি যান্ত্ৰিকতাৰ যুগত মানুহবোৰ যন্ত্ৰৰ দৰেই হৈছে  অলপো সময় নাথাকে  নিজৰ আত্মীয় সকলৰ লগত  কিছুসময় অতিবাহিত কৰিব।সুখ-দুখৰ অনুভূতিবোৰ প্ৰকাশ নকৰাৰ ফলত মনৰ মাজতে থাকি গৈছে।যাৰ ফলত মানসিক অস্থিৰতা  বৃদ্ধি পাইছে।নিজৰ বিবেক বিবেচনা বিচাৰ  বুদ্ধি কমি আহিছে আন্তৰিকতাৰ বিলুপ্ত ঘটিছে  । ভাই-ককাইৰ মাজতো এজনে আনজনৰ সুখ-দুখৰ কথা চিন্তা কৰিবৰ সময় নেথাকে।নীতি-শিক্ষা কিতাপৰ মাজতে আৱদ্ধ হৈছে।

সকলো জীৱৰ ভিতৰতে মানুহ জীৱ শ্ৰেষ্ঠ হিচাপে ভাল /বেয়া ,শুদ্ধ/অশুদ্ধ নিজৰ বিচাৰ বুদ্ধিৰে সমাজত চলিব পাৰে । বাহ্যিক সেই বিচাৰ বুদ্ধি জ্ঞানৰ অন্তৰ্ভূক্ত বুলি ক’ব পাৰো ।সেই জ্ঞানৰ পৰিসীমাত  মানুহ নিজে সমাজত প্ৰতিষ্ঠিত হয় বুলি আমি অনুভৱ কৰোঁ “আত্মজ্ঞান “অৰ্থাৎ প্ৰজ্ঞাৰ সাধানা  মানুহৰ অন্তনিৰ্হিত শক্তি ।আত্মজ্ঞানেৰে নিজৰ হৃদয় খন নিৰ্মল হয়।তাৰ পৰাই মানসিক অস্থিৰতা নিৰাময় হয় ।কাৰণ আত্মজ্ঞানেৰে আমি আমাৰ নিজৰ ভিতৰত থকা প্ৰকৃত সত্য উদ্ঘাটন কৰিবলৈ সমৰ্থ হওঁ। গতিকে বাহ্যিক জগতত লগত পৰিচালিত হ’বলৈ জ্ঞান লাগে কিন্তু নিজৰ ভিতৰৰ প্ৰকৃতি জয় কৰি এক সন্তুষ্টিৰে জীৱন ধাৰণ কৰিবলৈ আত্মজ্ঞানৰ প্ৰয়োজন।প্ৰিয়  সাহিত্যিক হোমেন বৰগোহাঞি ছাৰে” প্ৰজ্ঞাৰ সাধনা”গ্ৰন্থখনত খুব সুন্দৰ কৈ বিশ্লেষণ কৰিছে ।পাৰিপাৰ্শ্বিক জীৱনৰ বাতাবৰণত আমি নিজৰ লগতে কেতিয়াবা যুদ্ধ কৰিব লগা হয় ।যদি আত্মবিশ্লেষণ কৰিব পাৰি তেতিয়া নিজৰ অন্তনিৰ্হিত শক্তিৰে  পৃথিৱীকো জয় কৰিব পাৰি। এখন সু-পৰিকল্পিত সমাজ আশা কৰিব পাৰি।পিতৃ-মাতৃ ঈশ্বৰৰ বৰদান,বৃদ্ধকালত তেওঁলোকৰ সুৰক্ষাৰ দায়িত্ব সন্তানৰ। সেয়া বুজা উচিত ।কাৰণ সকলো এদিন বৃদ্ধ হ’ব ।আজি তেওঁলোকৰ ,কাইলৈ আপোনাৰ দিন আহিব।