বৰগাঙৰ প্ৰবীণ ব্যৱসায়ী প্ৰকাশ শৰ্মাৰ বিয়োগত শোকৰ ছাঁ

বৰগাঙৰ প্ৰবীণ ব্যৱসায়ী প্ৰকাশ শৰ্মাৰ বিয়োগত শোকৰ ছাঁ

বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ শোক প্ৰকাশ

বিহমাৰী, ৰঙিলী বাৰ্ত্তাসেৱা-   বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগাং চেন্টাৰৰ এগৰাকী প্ৰবীণ আৰু প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰকাশ শৰ্মাৰ আকস্মিক বিয়োগৰ খবৰে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে, প্ৰয়াত প্ৰকাশ শৰ্মাই যোৱা ২ নৱেম্বৰ তাৰিখে নিশা ১১:৩৫ বজাত হৃদৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে। প্ৰয়াত শৰ্মা এগৰাকী সমাজপ্ৰিয় আৰু সৰল মনৰ ব্যক্তি আছিল। এজন সফল ব্যৱসায়ী হোৱাৰ লগতে অঞ্চলটোৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেখেতে আগবঢ়াই যোৱা অৱদান চিৰস্মৰণীয় হৈ ৰ’ব। তেখেতৰ এই আকস্মিক বিয়োগ কেৱল তেখেতৰ পৰিয়ালবৰ্গৰ বাবেই নহয়, সমগ্ৰ বৰগাং অঞ্চলৰ বাবেও এক অপূৰণীয় ক্ষতি। ইফালে তেখেতৰ বিয়োগত বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰেম বৈষ্ণৱে জনায় যে, প্ৰয়াত প্ৰকাশ শৰ্মা বিহালী শিক্ষা খণ্ডৰ অন্তৰ্গত ৰঙাগড় মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক হেমন্ত শৰ্মাৰ পিতৃ আছিল। তেখেতৰ অকাল বিয়োগত বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সমূহ সদস্য মৰ্মাহত হৈছে। এই শোকৰ মুহূৰ্তত সন্মিলনীয়ে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।