বিলুপ্তিৰ পথত জোনাকী পৰুৱা – নিবেদিতা  হাজৰিকা

Pc Unsplash

বিলুপ্তিৰ পথত জোনাকী পৰুৱা

নিবেদিতা  হাজৰিকা,লখিমপুৰ

প্ৰকৃতিৰ  এক অনবদ্য আৰু বিস্ময়কৰ  উপহাৰ  জোনাকী  পৰুৱাই নিশাৰ অন্ধকাৰ ফালি পোহৰৰ মেলা পাতি মানুহক যুগে-যুগে আকৰ্ষিত কৰি আহিছে।  আমাৰ  লোককথা, কবিতা,গীত  আৰু শৈশৱৰ  স্মৃতিৰ সৈতে জোনাকী পৰুৱা গভীৰ ভাবে জড়িত।গ্ৰামাঞ্চলত নিশাৰ অন্ধকাৰত হাজাৰ -হাজাৰ জোনাকী পৰুৱাৰ তিৰ্‌বিৰ্‌ণি দেখা পোৱা গৈছিল।অন্ধকাৰ নিশা  গছৰ ডালত বা পথাৰৰ মাজত  হাজাৰ-হাজাৰ জোনাকী পৰুৱাৰ তিৰ্‌বিৰণি দেখিলে এনে লাগে যেন  আকাশৰ তৰাবোৰহে  মাটিলৈ নামি আহিছে।কিন্তু বৰ্তমান সময়ত এই মনোমোহা দৃশ্য  ক্ৰমান্বয়ে বিৰল হৈ পৰিছে।আমাৰ শৈশৱৰ পৰিচিত জোনাকী  পৰুৱাবোৰ  ক্ৰমাৎ  হেৰাই গৈছে।জেঠ-আহাৰ  মহীয়া নিশা  চোতালৰ চুকত  বা বাঁহনিৰ  জোপোহাত  জিলিকি থকা সেই সৰু-সৰু  পোহৰবোৰ আজি-কালি  আমাৰ মাজৰ পৰা নোহোৱা হ’ল। প্ৰকৃতিৰ এই অনবদ্য উপহাৰ জোনাকী পৰুৱা কেৱল  এটা সুন্দৰ পতংগই নহয়, ইহঁতে প্ৰকৃতিৰ পৰিস্থিতি তন্ত্ৰ সুস্থিৰ কৰি ৰখাতো সহায় কৰে। জোনাকী পৰুৱাৰ বিলুপ্তি আমাৰ  প্ৰকৃতি আৰু মানৱ সমাজৰ বাবে একেবাৰেই শুভ লক্ষণ নহয়,  কিয়নো এই ক্ষুদ্ৰ পতংগ বিধ কেৱল দেখাত ধুনীয়া বা নিশাটো পোহৰাই তোলাৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, বৰঞ্চ  আমাৰ পৰিৱেশ তন্ত্ৰত (Eco system) ৰ ক্ষেত্ৰতো ইয়াৰ ভূমিকা অত্যন্ত গভীৰ।আকাৰত সৰু হ’লেও এই পতংগ বিধৰ বিলুপ্তি  বৰ্তমান  বিশ্বৰ জৈৱ-বৈচিত্ৰৰ বাবে  এক ডাঙৰ সতৰ্কবাণী।প্ৰকৃততে জোনাকী পৰুৱা হেৰাই যোৱা বা ক্ৰমাৎ বিলুপ্ত হ’বলৈ ধৰাৰ অৰ্থ হ’ল আমি আমাৰ পৰিৱেশৰ এক বৃহৎ  ভাৰসাম্য হেৰুৱাই পেলাইছো।প্ৰকৃতি আৰু মানৱ সমাজ উভয়ৰ বাবে  ই এক অপূৰণীয় ক্ষতি।সেইবাবে ইহঁতক সংৰক্ষণ কৰিবলৈ আমি প্ৰাকৃতিক বাসস্থান সংৰক্ষণ কৰা, কৃত্ৰিম পোহৰৰ পৰিৱৰ্তে স্বাভাৱিক পোহৰৰ ব্যৱস্থা  আৰু জৈৱিক কৃষি পদ্ধতিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগিব।কিয়নো ,পোহৰ প্ৰদূষণ , জোনাকী পৰুৱাৰ বাসস্থান জোপোহা গছবোৰ নোহোৱা হোৱা বাবে তথা খেতি-বাতিত অত্যধিক কীটনাশকৰ ব্যৱহাৰ কৰাৰ ফলত জোনাকী পৰুৱাৰ বংশ বৃদ্ধি বাধাপ্ৰাপ্ত হৈছে আৰু ক্ৰমাৎ ইয়াৰ সংখ্যা হ্ৰাস হ’ব ধৰিছে ।উল্লেখ্য যে , চৌদিশে বাঢ়ি অহা বিজুলী বাতি ,পথৰ লাইট আৰু যান-বাহনৰ পোহৰে জোনাকী পৰুৱাৰ পৰস্পৰক সংকেত দিয়া আৰু সংগী বিচাৰি উলিওৱাৰ প্ৰাকৃতিক নিয়মটোত  বাধাৰ সৃষ্টি কৰিছে। প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ  আৰু এই অপূৰণীয়  ক্ষতিৰ পৰা  বাচিবলৈ  জোনাকী  পৰুৱাৰ সুৰক্ষা তথা কৃত্ৰিম পোহৰৰ ব্যৱহাৰ   নিয়ন্ত্ৰণ কৰাটো অত্যন্ত  প্ৰয়োজন আৰু সাম্প্ৰতিক সময়ৰ ই  এক বিশেষ আহ্বান  পৰিছে ।যি ঠাইত  জোনাকী  পৰুৱা থাকে ,সেই  ঠাইত বায়ু আৰু  পৰিৱেশ এতিয়াও  প্ৰদূষণ মুক্ত বুলি গণ্য কৰা হয়। সিহঁতৰ বিলুপ্তি মানে পৰিৱেশৰ গুৰুতৰ বিপৰ্যয়।উল্লেখ্য যে সৰু আৰু খুবেই সাধাৰণ যেন লগা এই পতংগ বিধৰ আলম লৈয়ে টুৰিজিম গঢ়ি উঠিছে।বিশ্বৰ বহু ঠাইত  বিশেষকৈ – মালয়েছিয়া, জাপান, ফিলিপাইনছ আদি দেশত কেৱল হাজাৰ -হাজাৰ  জোনাকী  পৰুৱাৰ আলোকসজ্জা চাবলৈকে  ‘ ফায়াৰ ফ্লাই  টুৰিজম’ গঢ়ি  উঠিছে। চিকিৎসাৰ ক্ষেত্ৰ খনতো কৰ্কট, হৃদৰোগ তথা আৰু বহুত জটিল  ৰোগৰ চিকিৎসাত জোনাকী পৰুৱা ব্যৱহৃত হয়।আনকি মহাকাশ  বিজ্ঞানতো ইয়াৰ ব্যৱহাৰ হৈ আহিছে।সিহঁতৰ বিলুপ্তিয়ে এই গৱেষণাবোৰ  বাধাগ্ৰস্ত  কৰিব,  স্থানীয় অৰ্থনীতিত নিশ্চয়কৈ প্ৰভাৱ পেলাব।জোনাকী পৰুৱাৰ পলু বা লেটাবিলাকে মাটিত থকা শামুক, কেঁচু আৰু গছ- লতাৰ অনিষ্টকাৰী কীট-পতংগ খাই জীয়াই থাকে।ই প্ৰাকৃতিক ভাবে খেতি- পথাৰ  বা বাগিচাৰ ক্ষতিকাৰক পোক- পৰুৱা  সমূহ নিয়ন্ত্ৰণ কৰে ।ইহঁত নোহোৱা হ’লে  ক্ষতিকাৰক  পতংগৰ  সংখ্যা অস্বাভাৱিক ভাবে বৃদ্ধি পাব,যি কৃষি খণ্ডৰ  বাবে ক্ষতিকাৰক।আজিৰ প্ৰজন্মৰ বহুতৰ  বাবে জোনাকী পৰুৱা সঁচাকৈয়ে এক অচিনাকি বা ৰূপকথাৰ সাধুৰ দৰে হৈ পৰিছে। প্ৰকৃতিৰ অনবদ্য উপহাৰ জোনাকী পৰুৱা ক্ৰমাৎ  হেৰাই যোৱাৰ ফলত এন্ধাৰ নিশা চোতাল বা গছৰ ডালত হাজাৰ-হাজাৰ জোনাকী পৰুৱাই টিপ্‌ টিপ্‌কৈ পোহৰ বিলোৱা সেই দৃশ্য এতিয়া বিলুপ্ত প্ৰায়।এনে হ’বলৈ হ’লে ভৱিষ্যৎ প্ৰজন্মই  জোনাকী  পৰুৱাক কেৱল কিতাপৰ  পাতত, স্কুলৰ পাঠ্যক্ৰমত অথবা ইউটিউবৰ শিশুগীত আৰু কবিতাৰ  মাজতহে আবদ্ধ হৈ থকা দেখিবলৈ পাব । প্ৰকৃতিৰ  এই অমূল্য উপহাৰ বিধ আমাৰ বাবে খুবেই প্ৰয়োজনীয়।সেয়ে ইয়াৰ সুৰক্ষাৰ ব্যৱস্থা কৰাটো খুবেই প্ৰয়োজনীয়।