তোমাক পাহৰা নাই – প্ৰভাত বণিয়া

তোমাক পাহৰা নাই

প্ৰভাত বণিয়া

শৈশৱ কৈশোৰ পাৰ হলো
যৌৱন উপচা দিনত হৃদয়ত থাপিলো তোমাৰ গান
তোমাৰ সংগীত
তোমাৰ সুমধুৰ কণ্ঠৰ যাদুত গুঞ্জৰিত হয় সাহসৰ মন্ত্ৰ
যি মানুহক জগায় যি পিন্ধাই
প্ৰতিবাদৰ সাজ
তুমি শিল্পী আপোন দেশৰ,পৃথিৱীৰ
মা,মাটি মানুহৰ
তোমাৰ গানত উদ্ভাসিত মানুহৰ অন্ধকাৰ কুঠৰী
বিনাশ হয় দুষ্কৃষ্টিকাৰীৰ কুৎচিত আখৰা আলোকময় হয় মন মন্দিৰ
তোমাৰ প্ৰেমত ফুলে শান্তিৰ শতদল
যুগে যুগে অমৰ সৃষ্টি তোমাৰ
আমি পাহৰা নাই তোমাক

শিল্পী তুমি আমাৰ প্ৰাণৰো প্ৰাণৰ।