কাব্য বিশ্লেষণ
কবিতাৰ শিৰোনাম – “শৈশৱৰ আটাইতকৈ দামী উপহাৰ”
কবি – ৰীতুমনি দত্ত
বিশ্লেষক- প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ
সুকবি ৰীতুমনি দত্তৰ দ্বাৰা ৰচিত “শৈশৱৰ আটাইতকৈ দামী উপহাৰ” শীর্ষক কবিতাটো বৰ্তমানৰ অতি ব্যস্ত, প্ৰতিযোগিতামূলক আৰু যান্ত্ৰিক সমাজখনৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ তথা সময়োপযোগী মানসিক আৰু সামাজিক সত্যৰ এক সুন্দৰ কাব্যিক প্ৰকাশ। আজিকালি প্ৰায়বোৰ পিতৃ-মাতৃয়েই সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ দোহাই দি অথবা নিজৰ কৰ্মব্যস্ততাৰ অজুহাতত সন্তানক বস্তুগত সা-সুবিধা, দামী খেলনা, দামী বস্ত্ৰ আৰু বিলাসী জীৱন উপহাৰ দিয়াত ব্যস্ত হৈ পৰিছে। অথচ সন্তানৰ সুস্থ মানসিক বিকাশৰ বাবে আটাইতকৈ প্ৰয়োজনীয় পিতৃ-মাতৃৰ উপস্থিতি, অলপ সময় আৰু আন্তৰিক মৰম তেওঁলোকে অজানিতে আওকাণ কৰা দেখা যায়। কবিয়ে ইয়াত অতি সহজ-সৰল অথচ চিৰন্তন সাৰ্বজনীন ভাষাৰে সন্তান আৰু পিতৃ-মাতৃৰ মাজৰ আৱেগিক সম্বন্ধৰ গভীৰতাক চুই গৈছে। এই কবিতাটিয়ে সমগ্ৰ অভিভাৱক সমাজক সোঁৱৰাই দিয়ে যে শৈশৱ হৈছে মানব জীৱনৰ আটাইতকৈ মূল্যৱান আৰু ক্ষণস্থায়ী অধ্যায়, যাক পৃথিৱীৰ কোনো ধন-সম্পত্তি বা বিলাসী উপহাৰৰ বিনিময়ত কিনিব বা ধৰি ৰাখিব নোৱাৰি।
“সন্তানৰ হাতত দামী খেলনা তুলি দিয়াৰ আগতে
এবাৰ নিজৰ হাতখন তাৰ হাতত থৈ চাওক…
হয়তো সি খেলনাটোতকৈও বেছি বিচাৰি আছে
আপোনাৰ অলপ সময়।”
উক্ত কাব্যাংশৰ জৰিয়তে কবিয়ে বৰ্তমান সমাজৰ অতি চিনাকি মনোভাৱক উত্থাপন কৰিছে। আজিকালি বহু অভিভাৱকে ভাব যে সন্তানৰ হাতত বজাৰৰ আটাইতকৈ দামী খেলনাটো তুলি দিলেই তেওঁলোকৰ দায়িত্ব শেষ হয় আৰু সন্তানো পৰম সুখী হৈ পৰে। কিন্তু বাস্তৱত ইয়াৰ বিপৰীত ছবিখনহে সত্য। কবিয়ে ইয়াত স্পৰ্শৰ অনুভৱ আৰু সান্নিধ্যৰ গুৰুত্ব প্ৰকাশ কৰি কৈছে যে হাতত ধৰি মৰম প্ৰকাশ কৰা অলপ সময় যিকোনো কৃত্রিম বা মেচিনৰ খেলনাতকৈয়ো সন্তানৰ বাবে হাজাৰ গুণ অধিক আনন্দদায়ক। সন্তানৰ কোমল মনটোৱে মেচিনৰ পুতলা বিচাৰি হাহাকাৰ নকৰে, তেওঁলোকে নিজৰ মাক-দেউতাকৰ অলপমান উষ্ণ স্পৰ্শ আৰু পোনপটীয়া সংগহে বিচাৰে। এই স্তৱকটোৱে ভৌতিক সামগ্ৰীতকৈ আৱেগিক প্ৰয়োজন আৰু দৈহিক উপস্থিতিক অধিক স্থান দি সামাজিক সচেতনতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ উপৰিও, সন্তানক খেলনাৰে ব্যস্ত ৰাখি নিজৰ দায়িত্ব সামৰিব বিচৰা অভিভাবকসকলক এই স্তৱকটিয়ে সোঁৱৰাই দিয়ে যে কোনো বস্তুৱেই মাক-দেউতাকৰ বুকুৰ উমৰ উত্তাপৰ বিকল্প হ’ব নোৱাৰে। সন্তানৰ শৈশৱৰ আৱেগে জড় বস্তুতকৈ তেজ-মঙহৰ মানুহজনৰ সৈতে স্থাপন কৰা সম্পৰ্ককহে অধিক মূল্য দিয়ে।
“নতুন কাপোৰ, নতুন জোতা, দামী উপহাৰ-
এদিন সকলো পুৰণি হৈ যাব।
কিন্তু সন্ধিয়াৰ সেই কেইমিনিটমান,
মাক-দেউতাকৰ কাষত বহি কোৱা সৰু সৰু কথাবোৰ
স্মৃতিৰ বুকুত বহুদিন জীয়াই থাকে।”
দ্বিতীয় স্তৱকত কবিয়ে নশ্বৰ বৈষয়িক সম্পদ আৰু চিৰস্থায়ী আৱেগিক স্মৃতিৰ মাজৰ পাৰ্থক্য দাঙি ধৰিছে। বজাৰৰ পৰা কিনি অনা নতুন কাপোৰ, জোতা বা ডাঙৰ ডাঙৰ উপহাৰবোৰ ব্যৱহাৰৰ লগে লগে সময়ৰ সোঁতত পুৰণি আৰু মূল্যহীন হৈ পৰে; সিহঁতে সন্তানৰ মনত কোনো দীৰ্ঘম্যাদী সাঁচ বহুৱাব নোৱাৰে। কিন্তু দিনটোৰ কষ্ট আৰু ব্যস্ততাৰ শেষত সন্ধিয়াৰ শান্ত সময়খিনিত মাক-দেউতাকৰ কাষত একেলগে বহি সন্তানে কোৱা সৰু-সুৰা নিষ্পাপ কথা, ধেমালি আৰু অভিজ্ঞতাৰ মুহূৰ্তবোৰ সন্তানৰ স্মৃতিৰ বুকুত গোটেই জীৱন জীয়াই থাকে। এই সৰু সৰু মুহূৰ্তবোৰেই পৰৱৰ্তী সময়ত সন্তানৰ মনত নিৰাপত্তাবোধ ওপজাই তোলে আৰু সিহঁতৰ অন্তৰ্নিহিত ব্যক্তিত্ব, নৈতিকতা আৰু মানসিক সৱলতা গঢ়ি তোলাত প্ৰধান ভূমিকা গ্ৰহণ কৰে। ভৌতিক বৈভৱে আনি দিয়া আনন্দ ক্ষণস্থায়ী, কিন্তু পৰিয়ালৰ কাষত বহি মুকলিকৈ পতা আড্ডাই সন্তানৰ আত্মবিশ্বাস বৃদ্ধিত সহায় কৰে। ডাঙৰ হৈ অহাৰ পিছতো শৈশৱৰ এই অকৃত্রিম মুহূৰ্তবোৰেই মানুহজনক মানসিকভাৱে শক্তিশালী কৰি ৰাখে আৰু কঠিন সময়ত জীৱনৰ সম্বল হৈ পৰে।
“শৈশৱ বৰ চুটি…
সন্তান ডাঙৰ হৈ যোৱাৰ পিছত
টকা খৰচ কৰি বহু কথাই ঘূৰাই আনিব পাৰি,
কিন্তু পাৰ হৈ যোৱা এটা আবেলি,
এটা হাঁহি, এটা সৰু আলিংগন-
কেতিয়াও ঘূৰাই আনিব নোৱাৰি।”
তৃতীয় স্তৱকটো আৱেগেৰে ভৰা এক অকাট্য সত্যৰ মুহূৰ্ত। সময় কাৰো বাবে ৰৈ নাথাকে আৰু শিশুৰ শৈশৱ কালডোখৰ চকুপাকীতে অতিক্ৰম কৰে। সন্তান এবাৰ ডাঙৰ হৈ গ’লে জীৱনত অৰ্থ, সফলতা বা বৈষয়িক শক্তিৰে বহু বস্তু ঘূৰাই আনিব পৰা যাব পাৰে, কিন্তু অতিক্ৰম কৰি যোৱা শৈশৱৰ সেই অমূল্য স্বৰ্ণালী মুহূৰ্তবোৰ কোনো মূল্যৰ বিনিময়তে ওভতাই অনা সম্ভৱ নহয়। পাৰ হৈ যোৱা এটা আনন্দময় আবেলি, সন্তানৰ সেই অমলিন হাঁহি আৰু মৰমৰ সৰু আলিংগন সময়ৰ সোঁতত চিৰদিনৰ বাবে হেৰাই যায়। এই স্তৱকটোৰ যোগেদি কবিয়ে প্ৰতিজন অভিভাৱকক সময় পাৰ হৈ যোৱাৰ পূৰ্বেই সজাগ হ’বলৈ আৰু ব্যৱসায়িক কাম-কাজৰ মাজতো নিজৰ সন্তানৰ শৈশৱক মৰমেৰে সাৱটি লৈ উপভোগ কৰিবলৈ আহ্বান জনাইছে। ধন-সম্পত্তি ঘূৰাই পাব পাৰি, কিন্তু শিশুটোৰ নিষ্পাপ শৈশৱ এবাৰ হেৰাই গ’লে অতিবাহিত হোৱা সময়ক কোনো ধনেৰে কিনিব নোৱাৰি। গতিকে সন্তান ডাঙৰ হৈ নিজৰ পৃথিৱীত ব্যস্ত হৈ পৰাৰ আগতেই পিতৃ-মাতৃয়ে প্ৰতিটো বৰ্তমানৰ মুহূৰ্তক সাৱটি লোৱাটো প্ৰয়োজন।
“হয়তো সন্তানৰ প্ৰয়োজন
দামী উপহাৰ নহয়,
মাত্ৰ এনে এজন মানুহ-
যাৰ ওচৰত সি নিজৰ সৰু পৃথিৱীখন
নিৰ্ভয়ে মেলি ধৰিব পাৰে।”
অন্তিম স্তৱকত কবিয়ে সমগ্ৰ কবিতাটোৰ মূল সাৰাংশ আৰু চিৰন্তন সামাজিক বাৰ্তা অতি সুন্দৰভাৱে সাব্যস্ত কৰিছে। এটা সন্তানৰ প্ৰকৃত মৌলিক প্ৰয়োজন বজাৰৰ দামী সামগ্ৰী বা বিলাসী জীৱন নহয়; সি বিচাৰে এনে এজন বিশ্বস্ত মানুহ – যাৰ ওচৰত সি কোনো ভয়, সংকোচ বা দ্বিধা নোহোৱাকৈ নিজৰ সৰু মনটোৰ আটাইবোৰ কথা, সপোন, ভয় আৰু অনুভৱ মুকলিকৈ প্ৰকাশ কৰিব পাৰে। কবিয়ে বুজাব বিচাৰিছে যে পিতৃ-মাতৃ কেৱল খাদ্য আৰু বাসস্থান যোগান ধৰোঁতা হ’লেই দায়িত্ব শেষ নহয়, তেওঁলোক সন্তানৰ আটাইতকৈ সুৰক্ষিত আশ্ৰয়স্থল আৰু সংগী হ’ব লাগিব। সন্তান আৰু পিতৃ-মাতৃৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিলেহে সন্তানে নিজৰ মনৰ পৃথিৱীখন নিৰ্ভয়ে মেলিব পাৰিব। বৰ্তমানৰ সময়ত মুকলি যোগাযোগৰ অভাৱত বহু সন্তান মানসিকভাৱে একাকীত্বত ভোগে, যিয়ে তেওঁলোকক বিপথে পৰিচালিত কৰিব পাৰে। সেয়েহে অভিভাৱকে শাসকতকৈ এজন আশ্ৰয়দাতা আৰু বন্ধু হৈ সন্তানৰ কাষত থিয় দিয়াটো আধুনিক সমাজৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন।
সামগ্ৰিকভাৱে, সুকবি ৰীতুমনি দত্তৰ “শৈশৱৰ আটাইতকৈ দামী উপহাৰ” কবিতাটো বৰ্তমান আধুনিক জীৱনশৈলীত ক্ৰমে ম্লান হৈ পৰা পাৰিবাৰিক মূল্যবোধ আৰু আত্মিক সম্পৰ্কক পুনৰ সঞ্জীৱিত কৰাৰ এক অমূল্য প্ৰয়াস। কবিতাটোৱে স্পষ্ট কৰি দিয়ে যে সন্তানক প্ৰকৃত অৰ্থত মানুহ কৰিবলৈ কেৱল টকা-পইচা বা উপহাৰৰ প্ৰয়োজন নাই, তাৰ সমান্তৰালকৈ মৰম, সুৰক্ষা আৰু আটাইতকৈ ডাঙৰ বস্তু ‘সময়’ৰহে প্ৰয়োজন। অত্যন্ত সৰল শব্দচয়ন, গভীৰ জীৱনবোধ আৰু প্ৰভাৱশালী ভাবাৰ্থৰে সমৃদ্ধ এই কবিতাটিয়ে প্ৰতিজন পাঠক তথা অভিভাৱকৰ মনত এক গভীৰ আত্মপলব্ধি আৰু সজাগতাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।
