বানত উটি যোৱা ঘৰখন
ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়
বৰ হেঁপাহেৰে সাজিছিল ঘৰখন,
কাহানিও নেদেখা সপোন এটাই
দিঠকত আহি থানবান কৰি থৈ গ’ল
৭৫ বছৰীয়া আইতাৰ জীৱনৰ কাহিনী।
চকুৰ সন্মুখতে নদীৰ বুকুত জাহ গ’ল,
কথমপি ৰক্ষা পৰিল বৃদ্ধা আইতাৰ
কঁকালভগা দুৰ্বল শৰীৰ।
এসপ্তাহৰ পাছত বানে ধুই নিয়া পিৰালিত বহি
ঘৰখনৰ পুৰণি স্মৃতিবোৰ সামৰি
আইতাই নীৰৱে উচুপি উঠে,
বানৰ দৈত্যই মোক উটুৱাই নিনিল কিয়?
দুখতে ক্ষোভ উজাৰিছে।
বাৰীৰ চুকৰ জেওঁৰাত লাগি ধৰিল
বোকাৰে পুতি পেলোৱা ট্ৰাংকটো,
খুলি চাই দেখে সকলোবোৰ
বোকাৰে লুতুৰি-পুতুৰি
কিন্তু মৰমৰ গামোচাখনত দাগ এটাও নালাগিল।
স্বামীক বিয়াত দিয়া ভমকাফুলীয়া গামোচাখন
আজিও বুকুত সাবটি কান্দিছে,
“এইখনেই মোৰ শেষ পৰিচয়”
খবৰ কৰিব অহা লোকক
কঁপা কঁপা মাতেৰে কয়।
ভঁৰালৰ ধান, পাকঘৰৰ বয়-বস্তু, শোৱনি কোঠাৰ
সকলোখিনি বানে কেইমুহূৰ্ততে
উটুৱাই লৈ কত দূৰ পোৱালেগৈ,
উটুৱাই লৈ যাব নোৱাৰিলে
আইতাৰ মনৰ সাহসখিনি।
কিছুদিনৰ পাছত পানী শুকাল,
পলসৰ দমেৰে চোতাল ভৰিল
ওফন্দি উঠা নৈখনত পানীৰ সোঁত কমিল।
আইতাৰ দুচকুৰ চকুপানী কোনোদিনে নুশুকাল
নৈৰ সোঁতৰ দৰে বৈয়েই থাকিল।
তচ্নচ্ হোৱা ঠাইখিনিত বাঁহৰ খুঁটা পুতি
পুনৰ সাজিলে এটি নতুন ঘৰ,
ঘৰ হেৰালেও জীৱনটো হেৰুওৱা নাই
বুঢ়াকাল কেইটা এনেকৈয়ে কটাম।
এগাঁথি পলসে ভৰা চোতালত
আইতাই আজি তুলসীৰ পুলি ৰুইছে,
ভাঙি-ছিঙি যোৱা অৱশেষৰ মাজতে
হেৰুওৱা স্মৃতিবোৰ সামৰি
নতুন সপোন ৰচিছে।
বানত ঘৰখনৰ লগতে উটি গ’ল
সাঁচি থোৱা বহু স্মৃতি,
জীয়াই থকাৰ অদম্য হেঁপাহকণ
উটোৱাই নিয়াৰ সাহস নকৰিল।
নদীৰ প্ৰবল সোঁতে ঘৰৰ চৌদিশ তহিলং কৰিল,
আইতাৰ মনটো ভাঙিব নোৱাৰিল।
আইতা সাহসী!
