নাৰী সৱলীকৰণ আৰু বৰ্তমানৰ প্ৰত্যাহ্বান
জ্যোতিমণি মাহত্ব, স্নাতক তৃতীয় ষাণ্মাসিক, গণিত বিভাগ
কাব্যিক দৃষ্টিৰে চালে এগৰাকী নাৰী সৃষ্টিৰ আটাইতকৈ ধুনীয়া কবিতা। কেতিয়াবা যদি তেওঁ ধৰিত্ৰীৰ দৰে সহনশীল, কেতিয়াবা আকৌ নিয়ৰৰ টোপালটোৰ দৰেই কোমল। চণ্ডীপাঠৰ পৰা আৰম্ভ কৰি আধুনিক কবিৰ কলমৰ বুকুৱেদি বৈ যোৱা শব্দৰ কৰুণাত নাৰীক সদায় এক উচ্চ আসনত বহুওৱা হৈছে। কিন্তু যেতিয়াই এই কাব্যিক জগতখনৰ পৰা ভৰি থৈ আমি আমাৰ সমাজৰ খহটা মজিয়াখনত থিয় হওঁ, তেতিয়াই শব্দৰ সেই সুবাস যেন ক’ৰবাত হেৰাই যায়।
নাৰী সৱলীকৰণ অৰ্থাৎ Women Empowerment শব্দটো আজিকালি সভা-সমিতিৰ জিলমিল পোহৰত এক সুমধুৰ সুৰৰ দৰে বাজি উঠে, কিন্তু অন্ধকাৰ গলিটোত আজিও সুৰক্ষাৰ বাবে থিয় হৈ থাকে এক প্ৰশ্নবোধক চিন। সঁচাকৈয়ে, নাৰী সৱলীকৰণৰ আজিৰ সমাজত কেৱল এটা মুখৰ শ্লোগান নে এক গভীৰ সামাজিক প্ৰয়োজনীয়তা?
‘নাৰী সৱলীকৰণ’ শব্দটোৰ অৰ্থ হ’ল কোনো এজনক স্বাৱলম্বী, শক্তিমান আৰু নিজৰ জীৱনৰ সিদ্ধান্ত নিজে গ্ৰহণ কৰিব পৰাকৈ উপযোগী কৰি তোলা। অৰ্থাৎ নাৰী সৱলীকৰণ মানে কেৱল পুৰুষৰ সৈতে প্ৰতিযোগিতা কৰাই নহয়, বৰঞ্চ নাৰীয়ে নিজৰ জীৱন, নিজৰ শৰীৰ, নিজৰ ভৱিষ্যত আৰু নিজৰ স্বতন্ত্ৰ সিদ্ধান্তৰ ওপৰত সম্পূৰ্ণ কৰ্তৃত্ব লাভ কৰাটোক বুজায়।
বৰ্তমান প্ৰেক্ষাপটত নাৰী সৱলীকৰণৰ আটাইতকৈ ডাঙৰ মাধ্যম হৈ পৰিছে তথ্য প্ৰযুক্তি আৰু ইণ্টাৰনেট। আজি গাঁৱৰ এগৰাকী মহিলাই ঘৰৰ চুকত বহিয়েই ছচিয়েল মিডিয়াৰ জৰিয়তে নিজৰ উৎপাদিত সামগ্ৰী বিশ্বৰ বজাৰলৈ উলিয়াই দিবলৈ সক্ষম হৈছে। অসমৰ প্ৰেক্ষাপটত ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান’ আৰু ‘ডিজিপে’ সখী’ৰ দৰে ডিজিটেল পদক্ষেপে গ্ৰাম্য অৰ্থনীতিলৈ এক অভূতপূৰ্ব জোৱাৰ আনিছে। আত্ম-সহায়ক গোটসমূহৰ (SHG) জৰিয়তে লাখ লাখ মহিলা আজি পৰিয়ালৰ অৰ্থনৈতিক মেৰুদণ্ড স্বৰূপ হৈ পৰিছে।কিন্তু এই সকলো অগ্ৰগতিৰ মাজতো আটাইতকৈ ডাঙৰ আৰু কটু সত্যটো হ’ল— বৰ্তমান সমাজত নাৰী আজিও সুৰক্ষিত নহয়। চৰকাৰী আঁচনি আৰু আইনী সুৰক্ষাৰ ব্যৱস্থা থকাৰ পিছতো দিনে দিনে বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা। ঘৰৰ ভিতৰতেই হওক বা কৰ্মক্ষেত্ৰতে হওক অথবা বাট-পথতে হওক মহিলাসকলে প্ৰতিমুহূৰ্ততে এক অজান আশংকাত ভুগিবলগীয়া হয়। ঘৰুৱা হিংসা, ধৰ্ষণ আৰু অপহৰণৰ দৰে জঘন্য অপৰাধসমূহ আধুনিক সমাজৰ বাবে আজিও এক ডাঙৰ অভিশাপ হৈয়েই ৰৈছে।শাৰীৰিক নিৰ্যাতনৰ সমান্তৰালভাৱে বৰ্তমান সময়ত মহিলাৰ সুৰক্ষাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হৈ পৰিছে চাইবাৰ অপৰাধ। ছচিয়েল মিডিয়াত মহিলাক কৰা মানসিক হাৰাশাস্তি, ব্লেকমেইলিং, ফেক প্ৰফাইল আৰু সন্মতি অবিহনে ফ’টো-ভিডিঅ’ ভাইৰেল কৰাৰ দৰে ঘটনাই বহু যুৱতী তথা মহিলাৰ জীৱন বিপন্ন কৰি তুলিছে। ইয়াৰ উপৰি, কৰ্মৰত মহিলাসকলে ঘৰ আৰু কৰ্মক্ষেত্ৰ— দুয়োখন সমানে চম্ভালিবলগীয়া হোৱাৰ বাবে তীব্ৰ মানসিক চাপৰ (Mental Stress) সন্মুখীন হৈছে।
ভাৰতবৰ্ষৰ যি বুকুত নদীক মাতৃ বুলি পূজা কৰা হয়, যি মাটিত শক্তিক দেৱী জ্ঞান কৰি শিৰ নত কৰা হয়, সেই একেখন আকাশৰ তলতেই যুগে যুগে নীৰৱে বৈছে কন্যা সন্তানৰ চকুৰ পানী। ইতিহাসৰ ধূলিধূসৰিত পৃষ্ঠাৰ পৰা আৰম্ভ কৰি আজিৰ কৃত্ৰিম বুদ্ধিমত্তা আৰু মহাকাশ গৱেষণাৰ যুগলৈকে ভাৰতীয় ছোৱালীৰ যাত্ৰা কেৱল এক জীৱন পৰিক্ৰমা নহয়,ই হ’ল এক সুদীৰ্ঘ সংগ্ৰাম আৰু অগ্নিপৰীক্ষাৰ অন্য এক নাম।অতীতৰ সমাজখনে কন্যাক প্ৰায়ে আদৰি ল’ব পৰা নাছিল। জন্মৰ পূৰ্বেই কলিতে মৰহি যোৱা কত শত ভ্ৰূণৰ নিথৰ শৰীৰ ইতিহাসে বুকুত বান্ধি ৰাখিছে। যি বয়সত হাতত কিতাপ বা কলম থাকিব লাগিছিল, সেই কোমল বয়সতে ‘বাল্য বিবাহ’ৰ পিঞ্জৰাত আৱদ্ধ হৈছিল কত কিশোৰীৰ সপোন। ‘যৌতুক’ নামৰ সামাজিক দানৱৰ হাতত বলি হৈছিল কত ন-বোৱাৰীৰ প্ৰাণ।সামাজিক সৱলীকৰণৰ অৰ্থ হ’ল সমাজত নাৰীক এক স্বতন্ত্ৰ আৰু সন্মানজনক স্থান প্ৰদান কৰা। লিংগভিত্তিক বৈষম্য, কন্যা ভ্ৰূণ হত্যা, বাল্যবিবাহ, যৌতুক প্ৰথা আৰু ঘৰুৱা হিংসাৰ দৰে সামাজিক ব্যাধিসমূহ উৎখাত কৰাটো ইয়াৰ প্ৰথম চৰ্ত।
অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা হ’ল নাৰী সৱলীকৰণৰ প্ৰধান স্তম্ভ। যেতিয়ালৈকে এগৰাকী নাৰী অৰ্থনৈতিকভাৱে অন্য কাৰোবাৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে, তেতিয়ালৈকে তেওঁ নিজৰ স্বতন্ত্ৰতা সম্পূৰ্ণৰূপে উপভোগ কৰিব নোৱাৰে।সমান কামৰ বাবে সমান মজুৰী, নাৰী উদ্যমিতাৰ বিকাশ, বেংক ঋণৰ সুবিধা আৰু স্বনিয়োজনৰ সুযোগ প্ৰদানে নাৰীক অৰ্থনৈতিকভাৱে শক্তিশালী কৰি তোলে। দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দৰে উচ্চ পদৱীৰ পৰা আৰম্ভ কৰি মহাকাশ যাত্ৰালৈকে আজি নাৰীৰ পদচাৰণা সু স্পষ্ট। দেশ এখনৰ প্ৰগতিত পুৰুষৰ সমানে মহিলাৰ অৱদান অনস্বীকাৰ্য।
প্ৰশাসন আৰু ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত নাৰীৰ অংশগ্ৰহণ বৃদ্ধি পোৱাটো অত্যন্ত জৰুৰী। পঞ্চায়তীৰাজ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি সংসদলৈকে নাৰীৰ বাবে আসন সংৰক্ষণ আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত তেওঁলোকৰ মতামতৰ গুৰুত্ব প্ৰদান কৰিলেহে প্ৰকৃত ৰাজনৈতিক সৱলীকৰণ সম্ভৱ হ’ব।
শিক্ষাই মানুহক জ্ঞানৰ পোহৰ দিয়ে আৰু প্ৰগতিৰ পথ দেখুৱায়। এখন দেশৰ আভ্যন্তৰীন বিকাশ আৰু ভৱিষ্যত নিৰ্ভৰ কৰে মহিলাসকলৰ শিক্ষাৰ ওপৰত। মাতৃ হ’ল শিশুৰ প্ৰথম শিক্ষয়িত্ৰী। পণ্ডিত জৱাহৰলাল নেহৰুৰ মতে—
“এজন পুৰুষক শিক্ষা দিয়া মানে এজন ব্যক্তিক শিক্ষা দিয়া, কিন্তু এগৰাকী নাৰীক শিক্ষা দিয়া মানে এটা সমগ্ৰ পৰিয়ালক শিক্ষা দিয়া।”
দুৰ্ভাগ্যবশতঃ, আজিও আমাৰ সমাজত “ছোৱালী পঢ়ি-শুনি কি কৰিব, দুদিন পিছত বিয়া দিবই লাগিব” – এনে মানসিকতা দেখা যায়। দৰিদ্ৰতাৰ বাবে ল’ৰাটোক পঢ়ুৱাই ছোৱালীজনীক শিক্ষাৰ পৰা বঞ্চিত কৰা মানসিকতা আৰু কুসংস্কাৰসমূহ আঁতৰাই এক সুস্থ শৈক্ষিক পৰিবেশ সৃষ্টি কৰাটো অতি প্ৰয়োজনীয় বৰ্তমান সময়ত।
সাম্প্ৰতিক সময়ত আমাৰ দেশত নাৰীসকল কিমান সুৰক্ষিত, সেই বিষয়টোত এক ডাঙৰ প্ৰশ্নবোধক চিন আহি পৰিছে। বাতৰিকাকত তথা সংবাদ মাধ্যমত দৈনিক প্ৰকাশ পোৱা নাৰী সম্পৰ্কীয় অপৰাধৰ বাতৰিয়ে নাৰী সমাজৰ অসুৰক্ষিত অৱস্থাটোকে প্ৰতিফলিত কৰে।
সংবিধানে নাৰীক সমঅধিকাৰ, সমমৰ্যাদা আৰু সুৰক্ষা প্ৰদান কৰিছে যদিও কাৰ্যক্ষেত্ৰত ইয়াৰ প্ৰয়োগ আজিও সীমিত।শিক্ষাই নাৰীক সৱলীকৰণৰ দিশত সবাতোকৈ আগবঢ়াই নিব পাৰে। গতিকে শিক্ষা আৰু অৰ্থনৈতিক স্বাৱলম্বিতাক প্ৰথম অগ্ৰাধিকাৰ দিবই লাগিব। অৰ্থনৈতিক স্বাৱলম্বিতাই মনলৈ আত্মবিশ্বাস আনি দিয়ে, যিয়ে প্ৰতিকূল পৰিস্থিতি আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াত সাহস যোগায়।
নাৰী সৱলীকৰণ কেৱল নাৰীৰ বাবেই নহয়, সমগ্ৰ সমাজখনৰ সুস্থ বিকাশৰ বাবে অপৰিহাৰ্য। যেতিয়া নাৰীয়ে নিজৰ জীৱনক প্ৰভাৱান্বিত কৰা সকলো সিদ্ধান্ত স্বতন্ত্ৰভাৱে ল’ব পাৰিব, তেতিয়াহে কাব্যিক জগতৰ নাৰী আৰু দিঠকৰ নাৰীৰ মাজৰ ব্যৱধান আঁতৰি এক সমতাৰ সমাজ গঢ়ি উঠিব।
প্ৰকৃত নাৰী সৱলীকৰণ তেতিয়াহে সম্ভৱ হ’ব, যেতিয়া সমাজত নাৰীৰ বাবে সম্পূৰ্ণৰূপে সুৰক্ষিত পৰিৱেশ এটা গঢ়ি উঠিব। যেতিয়ালৈকে এগৰাকী মহিলাই নিশাৰ ভাগত অকলে নিৰ্ভয়ে পথত চলিব নোৱাৰে, তেতিয়ালৈকে ‘সৱলীকৰণ’ শব্দটো অৰ্থহীন। নাৰীক কেৱল পুৰস্কাৰ বা আইনী সুৰক্ষা দিয়াটোৱেই শেষ কথা নহয়, তেওঁলোকক এক মুক্ত, সুৰক্ষিত আৰু বৈষম্যহীন মানসিকতা প্ৰদান কৰাটো আজিৰ সময়ৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন। সমাজৰ আধা অংশক পিচ পেলাই আৰু অসুৰক্ষিত কৰি থৈ কোনো এখন দেশে কেতিয়াও প্ৰগতিৰ শিখৰত আৰোহণ কৰিব নোৱাৰে আৰু সেইয়া অসম্ভৱ।
