নাৰীৰ আদৰ্শ, চৰিত্ৰৰ মহত্ত্ব আৰু জীৱনৰ সৰ্বোচ্চ স্বস্তি
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
মানৱ জীৱনৰ যাত্ৰাপথত চৰিত্ৰ গঠন, নিয়ন্ত্ৰণ, কৰ্মপ্ৰীতি আৰু একাগ্ৰতাই হৈছে প্ৰকৃত সুখ আৰু শান্তিৰ মূল চাবিকাঠী। সাম্প্ৰতিক সমাজত বাহ্যিক আড়ম্বৰ আৰু জাগতিক সুখৰ পিচত দৌৰোঁতে মহত্ত্ব, আধ্যাত্মিক দায়িত্ব আৰু জীৱন পৰিচালনাৰ বাবে যি কালজয়ী দৰ্শন আছে, সি কেৱল পাৰিবাৰিক জীৱনৰে আৰু আদৰ্শৰ মাজতহে নিহিত হৈ থাকে। সেইবাবে জগতত নিজৰ চৰিত্ৰক এনেদৰে প্ৰতিষ্ঠা কৰা উচিত যাতে নিজৰ চাৱনি, চলন, হাঁহি, কথা-বতৰা আৰু আচাৰ-ব্যৱহাৰে সমাজৰ সাধাৰণ পুৰুষ-মাত্ৰৰেই অন্তৰত মেন কেৱল ভক্তি, সম্ভ্ৰম আৰু শ্ৰদ্ধাহে যাতে আকৰ্ষণীয় হয়। যেতিয়া এগৰাকী জীয়াৰীৰ সেৱা, চাল-চলন, চিন্তা আৰু কথাই সাধাৰণ পুৰুষ সমাজৰ বুকুত এনে এক পবিত্ৰ ভাৱৰ উদ্ৰেক কৰে, য’ত তেওঁলোকে সসন্মানে মূৰ দোঁৱাই, ভক্তিগদগদ কণ্ঠেৰে ‘মা বা জননী ’ বুলি মাতি মুগ্ধ আৰু তৃপ্ত হয়, তেতিয়াহে সেই নাৰীত্বৰ চৰম সাৰ্থকতা আহে আৰু তেতিয়াহে তেওঁ প্ৰকৃত জীয়াৰী বা সতী ৰূপে প্ৰতিষ্ঠিত হয়। যদি কেতিয়াবা কোনো দুৰ্বলচিত্তৰ পুৰুষে কামলোলুপ বা কূ-ইঙ্গিত কৰে, তেন্তে তৎক্ষণাত নিজৰ চৰিত্ৰক তন্নতন্নকৈ পৰীক্ষা কৰি চোৱা উচিত যে ক’ৰবাত কিবা ত্ৰুটি বা অসাৱধানতা ৰৈ গৈছে নেকি। যদিওবা এনে আচৰণ এচাম দুৰ্বল পুৰুষৰ মানসিকতাৰ পৰিচায়ক, তথাপিও নাৰীৰ ব্যক্তিত্বৰ প্ৰতি থকা স্বাভাৱিক ভয় আৰু গভীৰ সম্ভ্ৰমেই হৈছে ইয়াৰ আটাইতকৈ উত্তম প্ৰতিষেধক।
ইয়াৰ উপৰি, সামাজিক জীৱনত চলি থকা এক গভীৰ সামাজিক ব্যাধি আৰু কুচক্ৰৰ প্ৰতিও নাৰীসকল অতিকৈ সজাগ হোৱাটো প্ৰয়োজনীয়। সমাজত বহু এনে দুৰ্বলচেতীয়া আৰু নীচ চিন্তাপৰায়ণ পুৰুষ, বিশেষকৈ কিছুমান যুৱক থাকে, যিয়ে নিজৰ অন্তৰৰ কামলোলুপতা লুকুৱাবৰ বাবে ভাতৃত্ব বা সন্তানত্বৰ এক ভুৱা মুখা পিন্ধি লয়। তেওঁলোকে ‘মা’, ‘মাহী’,’খুড়ী’,বৌ ‘, ‘ভনী’, বাইদেউ’ আদি পবিত্ৰ সম্বোধনৰ আশ্ৰয় লৈ অত্যন্ত ছদ্মৱেশী ৰূপত নাৰীৰ কাষ চাপে। তেওঁলোকৰ এনে বাহ্যিক ভাবভঙ্গি আৰু কৃত্ৰিম আদৰ-সাদৰৰ প্ৰধান ধৰা আদি নীচ কৰ্ম-প্ৰবৃত্তিৰ দ্বাৰা নিজৰ কামভাৱ চৰিতাৰ্থ কৰা। যিটো নীচ কাম তেওঁলোকে নিজৰ জন্মদাত্ৰী মাতৃ বা ভগ্নীৰ সৈতে কৰাৰ কথা কেতিয়াও ভাবিবই নোৱাৰে, তেনে কামকে তেওঁলোকে পবিত্ৰ সম্পৰ্কৰ নাম লৈ আন নাৰীৰ লগত কৰিবলৈ বিচাৰে। এনে পৰিস্থিতিত নাৰীসকল বহু সময়ত ভুলকৈ কামভাৱত উদ্দীপিত হৈ এনে পুৰুষৰ জালত ভৰি দিয়ে আৰু শেষত আত্মবিক্ৰয় কৰিবলৈ বাধ্য হৈ পৰে। গোপনীয়তাই হৈছে এনে ছদ্মৱেশী পুৰুষৰ আটাইতকৈ ডাঙৰ আশ্ৰয়স্থল। তেওঁলোকে সমাজৰ চকুত নিজকে অতি সাধু আৰু আদৰ্শ চৰিত্ৰৰ মানুহ বুলি প্ৰচাৰ কৰে আৰু লোকচক্ষুৰ পৰা আঁতৰি থাকিবলৈ বিচাৰে। কিন্তু বাস্তৱত তেওঁলোকৰ চৰিত্ৰত পবিত্ৰতাৰ কোনো লেশমাত্ৰও নাথাকে। সেয়েহে, এনেধৰণৰ ‘মা’ বা ‘মাহী’ সম্বোধন কৰা ছদ্মৱেশী পুৰুষৰ পৰা পূৰ্বেই সাৱধান হোৱাটো অপৰিহাৰ্য। যদি কোনো নাৰীয়ে ভুলবশতঃ এনে সম্পৰ্কত কিছুদূৰ আগবাঢ়িও গৈছে, তেন্তে এই লক্ষণসমূহ দেখা মাত্ৰকেই তৎক্ষণাত নিজকে আঁতৰাই আনিব লাগে। মনক সম্পূৰ্ণ সংযত কৰি, তেনে নীচ প্ৰবৃত্তিক নিজৰ ভৰিৰ তলত পদদলিত কৰি আৰু উপযুক্ত শিক্ষা দি বিদায় দিয়া উচিত; কিয়নো চৰিত্ৰহীন মানুহতকৈ জংঘলৰ কুকুৰনেচীয়া বাঘো বহু পৰিমাণে চৰিত্ৰবান আৰু শ্ৰেষ্ঠ।
প্ৰকৃত দাম্পত্য জীৱন কেৱল এটা সামাজিক চুক্তি নহয়, ই এক গভীৰ আত্মিক সংযোগ। যেতিয়া এগৰাকী নাৰীয়ে নিজৰ চৰিত্ৰ, আচাৰ-ব্যৱহাৰ, চিন্তাধাৰা আৰু ভাষাৰ জৰিয়তে নিজৰ পুৰুষজনৰ অস্তিত্বক নিজৰ অস্তিত্বৰ দৰেই গভীৰভাৱে অনুভৱ কৰিব পাৰে, তেতিয়াহে সেই সম্পৰ্কই পূৰ্ণতা লাভ কৰে। এইদৰে হোৱা একাত্মতাই হৈছে প্ৰকৃত ‘স্বামী’ সম্বোধনৰ সাৰ্থকতা, যিয়ে জীৱনলৈ চৰম জয়যুক্ততা কঢ়িয়াই আনে। একেদৰে, অহংকাৰ হৈছে মানুহৰ পতনৰ অন্যতম কাৰণ। কিন্তু যেতিয়া এই অহংকাৰক সেৱাভাবত ৰূপান্তৰিত কৰি পাৰিপাৰ্শ্বিক জীৱনৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হয়, তেতিয়া ই এক যোগাত্মক শক্তিলৈ পৰিণত হয়। আনৰ অহংকাৰক আঘাত নকৰি, বৰঞ্চ আদৰ, সন্মান আৰু সৰল সমৰ্থনৰ জৰিয়তে জীৱন প্ৰতিষ্ঠা কৰিব লাগে, অন্যথা কেৱল অহংকাৰী বুলি নিজৰ প্ৰতিষ্ঠিত স্থানৰ পৰাও মানুহ বিচ্যুত হ’বলগীয়া হয়।
জীৱনৰ আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে চৰিত্ৰৰ দৃঢ়তা। মানুহ আৰ্থিক বা জাগতিক দিশৰ পৰা দৰিদ্ৰ হ’ব পাৰে, কিন্তু সেই দৰিদ্ৰতাই যেন কেতিয়াও চৰিত্ৰত হীনতা, দীনতা বা সংকীৰ্ণতা আনিব নোৱাৰে। চৰিত্ৰ যদি মহান আৰু পবিত্ৰ হৈ থাকে, তেন্তে বাহ্যিক দৰিদ্ৰতা নিজেই শক্তিহীন হৈ পৰে আৰু চৰিত্ৰৰ পবিত্ৰতাই মানুহক প্ৰকৃত চহকী কৰি তোলে। ইয়াৰ লগতে প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ নিত্যকৰ্মক এক শিল্প হিচাপে গ্ৰহণ কৰা উচিত। শ্ৰমৰ প্ৰতি থকা নিষ্ঠাই মানুহৰ পাৰিপাৰ্শ্বিক প্ৰয়োজনসমূহ পূৰণ কৰি
আৰ্থিক আৰু মানসিকভাৱে সচ্ছল কৰি তোলে। শ্ৰমক অৱহেলা কৰিলে লক্ষ্মীৰ আশীৰ্বাদৰ পৰা বঞ্চিত হ’বলগীয়া হয় বাবে কৰ্মক এক পবিত্ৰ ব্ৰত হিচাপে গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয়।
সামাজিক জীৱনত যিকোনো ব্যক্তিৰ পৰা অন্ধভাৱে উপহাৰ বা দান গ্ৰহণ কৰাটোও কেতিয়াবা বিপদজনক হ’ব পাৰে। কেৱল নিজৰ অতি আপোনজন, যেনে— পিতৃ-মাতৃ, স্বামী, শহুৰ-শাহু বা ভাই-ভনীৰ বাহিৰে আন কাৰোবাৰ পৰা সতৰ্ক নোহোৱাকৈ উপহাৰ ল’ব নালাগে। কিয়নো, অপবিত্ৰ বা দুষিত মনৰ ব্যক্তিয়ে দিয়া উপহাৰে মানুহৰ মানসিক পবিত্ৰতা নষ্ট কৰিব পাৰে; গতিকে যদি ল’বলগীয়াও হয়, তেন্তে আপোনজনৰ হাতৰ মাধ্যমেৰেহে লোৱা যুগুত। জীৱনৰ প্ৰতিটো পৰিস্থিতিতে অনুকূল শক্তিসমূহৰ প্ৰতি অনুৰক্ত হোৱাটো প্ৰয়োজনীয়, যিয়ে জীৱন আৰু বুদ্ধিক সমৃদ্ধ কৰে। এগৰাকী প্ৰকৃত সহধৰ্মিণীৰ কৰ্তব্য হৈছে নিজৰ স্বামীক কোনো মহৎ আদৰ্শ বা লক্ষ্যৰ দিশে অগ্ৰসৰ হ’বলৈ অনুপ্ৰাণিত কৰা। যেতিয়া পাৰিবাৰিক জীৱন এক উচ্চ আদৰ্শৰে পৰিচালিত হয়, তেতিয়া জীৱন, যশ আৰু বুদ্ধি বৃদ্ধি পায় আৰু সেই পৰিয়ালে সমগ্ৰ সমাজলৈ শান্তি কঢ়িয়াই আনে।
শেষত, জীৱনত প্ৰকৃত শান্তি বা ‘স্বস্তি’ লাভ কৰিবলৈ হ’লে বিনিময়ত একো পোৱাৰ আশা নকৰাকৈ আনৰ বাবে কৰ্তব্য কৰি যাব লাগে। ভাল পাবলৈ হ’লে প্ৰথমে নিজৰ ফালৰ পৰা ভাল কৰিব লাগিব— এইষাৰ কথাই হৈছে জগতৰ নিয়ম। আনৰ কল্যাণৰ বাবে উদাসীন আৰু নিঃস্বার্থভাৱে কাম কৰি গ’লে, মনৰ অন্তৰালৰ পৰা আপোনা-আপুনি স্বস্তিৰ ধ্বনি উঠি আহে। এই নীতি শিক্ষাসমূহে আমাক সোঁৱৰাই দিয়ে যে জীৱনৰ প্ৰকৃত সৌন্দৰ্য আৰু শক্তি বাহ্যিক ধন-সম্পদতকৈ মনৰ পবিত্ৰতা, কৰ্মৰ প্ৰতি নিষ্ঠা, নিষ্কাম প্ৰেম আৰু চৰিত্ৰৰ দৃঢ়তাৰ ওপৰতহে বেছি নিৰ্ভৰশীল। এই পথ অনুসৰণ কৰিলেহে মানুহে জীৱনৰ প্ৰকৃত সার্থকতা বিচাৰি পাব পাৰে।
