বাটৰহাটত ভক্তিময় পৰিৱেশত নামপ্ৰসংগৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৮ সংখ্যক তিৰোভাৱ তিথি উদযাপন
মিৰ্জা , ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে পলাশবাৰীৰ বাটৰহাততো অতি ভক্তিভাৱেৰে যুগদ্ৰষ্টা পুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৮ সংখ্যক পৱিত্ৰ তিৰোভাৱ তিথি উদযাপন কৰা হয়। আজি শনিবাৰে বাটৰহাট মাষ্টৰপাৰা ৰাইজ গয়ৰহ বুঢ়াগোসাঁই মন্দিৰ সমিতিৰ সহযোগত দিনযোৰা বৈচিত্ৰ্যময় কাৰ্যসূচীৰে এই ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠানভাগি অনুষ্ঠিত হৈ যায়৷সভাপতি অনন্ত ৰাম নাথ আৰু সম্পাদক ৰোহিনী কুমাৰৰ প্ৰত্যক্ষ উপস্থিতিত পুৱাৰে পৰা এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। দিনৰ কাৰ্যসূচী অনুসৰি, ৰাতিপুৱা পাঠক দীনেশ নাথৰ দ্বাৰা পৱিত্ৰ ভাগৱত পাঠ কৰা হয়। ইয়াৰ পিছতে এক আধ্যাত্মিক পৰিৱেশত এক মুকলি সভা তথা আলোচনা চক্ৰ অনুষ্ঠিত হয়।উক্ত আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি মিনু দাস তালুকদাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্ম আৰু ইয়াৰ গভীৰ আধ্যাত্মিক দিশসমূহৰ ওপৰত আলোকপাত কৰে। আনহাতে, বিশিষ্ট বক্তা ভাৰত কলিতাই গুৰুজনাৰ মহান আদৰ্শ আৰু তেওঁৰ অমূল্য সৃষ্টিৰাজিৰ সমাজ জীৱনলৈ অৱদানৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। ইয়াৰ সমান্তৰালভাৱে দেৱেশ্বৰ নাথে মহাপুৰুষজনাৰ নৱ বৈষ্ণৱ ধৰ্ম, ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ঐতিহাসিক প্ৰাসংগিকতাৰ ওপৰত বক্তব্য প্ৰদান কৰে।আলোচনা চক্ৰৰ সামৰণিৰ পাছতেই আৰম্ভ হয় ভক্তিৰসৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী। স্থানীয় ভকত-বৈষ্ণৱ আৰু আইসকলৰ দ্বাৰা বৰগীত পৰিৱেশন, দিহানাম, লোকগীত আৰু অসমৰ পৰম্পৰাগত ওজাপালি প্ৰদৰ্শন কৰা হয়। হৰিনামৰ ধ্বনি আৰু খোল-তালৰ শব্দৰে সমগ্ৰ অঞ্চলটো মুখৰিত হৈ পৰে। শেষত সভাপতিৰ শলাগৰ শৰাই ভাষণেৰে দিনযোৰা এই পৱিত্ৰ আধ্যাত্মিক কাৰ্যসূচীৰ সফল পৰিসমাপ্তি ঘটে।
