ডিব্ৰুগড়ত ১৯ ছেপ্টেম্বৰ ‘জুবিন দিৱস’পালনৰ প্ৰস্তুতি::
গীতে-মাতে প্ৰাণৰ শিল্পীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি:: ন্যায়ৰ দাবী জনাব ডিব্ৰুগড়বাসীয়ে
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ সাংস্কৃতিক জগতলৈ অপূৰণীয় ক্ষতি কৰি মহাপ্ৰয়াণ ঘটা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে অহা ১৯ ছেপ্টেম্বৰ দিনটো ‘জুবিন দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন “বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে”। ডিব্ৰুগড় যুৱ সমাজ আৰু ডিব্ৰুগড় সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই বিশেষ কাৰ্যসূচীত ডিব্ৰুগড়বাসীয়ে গীতে-মাতে, স্মৃতি আৰু শ্ৰদ্ধাৰে প্ৰিয় শিল্পীগৰাকীক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে তেওঁৰ মৃত্যুৰ উচিত ন্যায়ৰ দাবীত ঐক্যবদ্ধভাৱে মাত মাতিব। ডিব্ৰুগড়ৰ থানা চাৰিআলিত সন্ধিয়া ৫-০০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত জুবিন গাৰ্গৰ অমৰ সৃষ্টি আৰু কালজয়ী গীতৰ মাজেৰে শিল্পীগৰাকীক স্মৰণ কৰাৰ লগতে অসমৰ সংগীত আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ তেওঁ আগবঢ়োৱা অনবদ্য অৱদানক শ্ৰদ্ধাৰে সোঁৱৰা হ’ব।এই অনুষ্ঠানত নৃত্যাংগণ কলা কেন্দ্ৰ, ডিব্ৰু লোক সাংস্কৃতিক কেন্দ্ৰ আৰু মুৰ্চনা সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাগৰাকী কণমানি শিশু শিল্পী, জ্যেষ্ঠ শিল্পী আৰু বিভিন্ন ক্ষেত্ৰৰ সাংস্কৃতিক কৰ্মীয়ে অংশগ্ৰহণ কৰিব। ইতিমধ্যে জুবিনৰ কণ্ঠ, সুৰ আৰু সৃষ্টিৰ সৈতে গভীৰভাৱে জড়িত অগণন অনুৰাগীয়ে অনুষ্ঠানটোক সফল কৰি তোলাৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰয়াত জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এটা বছৰ সমাগত। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জুবিন গাৰ্গৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ তেওঁৰ মহাপ্ৰয়াণৰ দিনটো ‘জুবিন দিৱস’ হিচাপে পালন কৰাৰ বাবে ৰাজ্যবাসীলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, ডিব্ৰুগড় যুৱ সমাজ আৰু ডিব্ৰুগড় সাহিত্য সভাই যৌথভাৱে ডিব্ৰুগড়ত এই দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।আয়োজকসকলৰ মতে, জুবিন গাৰ্গ কেৱল এগৰাকী জনপ্ৰিয় গায়ক বা শিল্পী নাছিল; তেওঁ অসমৰ সংগীত, সংস্কৃতি আৰু নতুন প্ৰজন্মৰ আৱেগৰ সৈতে একাত্ম হৈ পৰা এক শক্তিশালী সত্তা আছিল। তেওঁৰ অমৰ সৃষ্টিয়ে অসমৰ সংগীতক দেশ-বিদেশৰ বিভিন্ন প্ৰান্তলৈ লৈ যোৱাৰ লগতে অসংখ্য যুৱক-যুৱতীক নিজৰ ভাষা, সংস্কৃতি আৰু পৰিচয়ক লৈ গৌৰৱান্বিত হ’বলৈ অনুপ্ৰাণিত কৰিছিল। সেয়েহে ‘জুবিন দিৱস’ কেৱল স্মৃতি সোঁৱৰণৰ এটা অনুষ্ঠানতে সীমাবদ্ধ নাৰাখি শিল্পীগৰাকীৰ সৃষ্টিশীলতা, সমাজ-সচেতনতা আৰু অসমৰ প্ৰতি থকা গভীৰ দায়বদ্ধতাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাই এই আয়োজনৰ অন্যতম উদ্দেশ্য বুলি আয়োজকসকলে প্ৰকাশ কৰিছে।১৯ ছেপ্টেম্বৰৰ সন্ধিয়া বিভিন্ন প্ৰজন্মৰ শিল্পী, সংগীতপ্ৰেমী, সাহিত্যিক, সাংবাদিক, যুৱ সমাজৰ প্ৰতিনিধি আৰু সাধাৰণ ৰাইজে একেলগে অংশগ্ৰহণ কৰি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব। গীতে-মাতে জুবিনক স্মৰণ কৰাৰ সমান্তৰালভাৱে তেওঁৰ মৃত্যুৰ উচিত ন্যায়ৰ দাবীত ডিব্ৰুগড়ৰ পৰাও এক ঐক্যবদ্ধ বাৰ্তা প্ৰেৰণ কৰা হ’ব।‘জুবিন দিৱস’ৰ জৰিয়তে ডিব্ৰুগড়ৰ পৰা উচ্চাৰিত হ’ব একেই বাৰ্তা—জুবিন গাৰ্গ শাৰীৰিকভাৱে আমাৰ মাজত নাথাকিলেও তেওঁৰ গান, সুৰ আৰু সৃষ্টি অসমৰ জনমানসত সদায় জীয়াই থাকিব। ১৯ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাৰ পৰা থানা চাৰিআলিত অনুষ্ঠিত হ’বলগীয়া এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডিব্ৰুগড়বাসী ৰাইজক উপস্থিত থাকিবলৈ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা আৰু সম্পাদক ৰাতুল বুঢ়াগোহাঁই, ডিব্ৰুগড় যুৱ সমাজৰ সভাপতি খগেন দত্ত আৰু সম্পাদক টমাচ বুঢ়াগোহাঁই, ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি যাদৱ গগৈ আৰু সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱাই আহ্বান জনাইছে।
