ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক, সাহিত্য সমালোচক যাদৱ গগৈৰ পিতৃ প্ৰবীণ গগৈৰ মৃত্যু:: অনুষ্ঠান-প্ৰতিষ্ঠান, দল-গঠনৰ শোক
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপ-সভাপতি, তথা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি দৈনিক জনমভূমি কাকত আৰু ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ জ্যেষ্ঠ সাংবাদিক, সাহিত্য সমালোচক যাদৱ গগৈৰ পিতৃ প্ৰবীণ গগৈৰ আজি বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। ডিব্ৰুগড়ৰ লাহোৱাল মেলেঙীয়াল গাঁৱৰ নিজা বাসগৃহত হোৱা মৃত্যুৰ সময়ত প্ৰয়াত গগৈৰ বয়স আছিল ৯০ বছৰ৷ প্ৰয়াত গগৈ মায়ামৰা মটক সমাজৰ এগৰাকী জ্যেষ্ঠ ভকতৰ লগতে সমাজৰ বিভিন্ন কামত জড়িত হৈ আছিল।মায়ামৰা সমাজৰ ৰীতিনীতি, গায়ন-বায়নেৰে তেখেতৰ শেষকৃত সম্পন্ন কৰা হয়৷ তেখেতৰ মৃত্যুত শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বৈষ্ণৱানন্দ গোস্বামী, শ্ৰীশ্ৰী মায়ামৰা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ, মেলেঙীয়াল গাঁৱৰ নামঘৰ ভকতবৃন্দ তথা পৰিচালনা সমিতি, লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থা, লাহোৱাল প্ৰেছ ক্লাব, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, ডিব্ৰুগড় জিলা বাৰ্তাজীৱী সংঘ, ডিব্ৰুগড় সাহিত্য সভা,অনিৰূদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয় পৰিচালনা সমিতিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল- সংগঠনে গভীৰ শোক প্ৰকাশ কৰা লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷মৃত্যুৰ সময়ত তেওঁ সাংবাদিক পুত্ৰ যাদৱ গগৈ, বোৱাৰী-কন্যাসহ অনেক আত্মীয়ক ইহসংসাৰত এৰি গৈছে।
