ব্ৰিক্ছ সন্মিলনত সৰ্বসন্মতিক্ৰমে গৃহীত দিল্লী ঘোষণাপত্ৰ

ব্ৰিক্ছ সন্মিলনত সৰ্বসন্মতিক্ৰমে গৃহীত দিল্লী ঘোষণাপত্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত ১৮ সংখ্যক ব্ৰিকছ সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে ‘নতুন দিল্লী ঘোষণাপত্ৰ ২০২৬’ গৃহীত হ’ল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰি সন্মিলনত কয়, “কোনো সদস্যই আপত্তি কৰা নাই । নতুন দিল্লী ঘোষণাপত্ৰ ২০২৬ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে । ব্ৰিকছৰ যৌথ ঘোষণাপত্ৰ সন্দৰ্ভত সদস্য ৰাষ্ট্ৰসমূহৰ মাজত ব্যাপক আলোচনা হয় । শনিবাৰে পুৱা ৪ বজালৈকে চলা আলোচনাৰ অন্তত সদস্য ৰাষ্ট্ৰসমূহ উমৈহতীয়া মতত উপনীত হয় । অৱশ্যে আলোচনাৰ সময়ত কেইবাটাও স্পৰ্শকাতৰ বিষয়কলৈ মতানৈক্য দেখা গৈছিল । কিন্তু ভাৰতে নিৰন্তৰ কূটনৈতিক আলোচনাৰ জৰিয়তে বিভিন্ন পক্ষৰ মাজত সমন্বয় স্থাপন কৰি সহমত গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । উল্লেখ্য যে  ব্রিক্‌ছ শীর্ষ সন্মিলন উপলক্ষে ভাৰতত উপস্থিত হোৱা বিশ্ব নেতৃত্বক অভ্যর্থনা জনাই বিশেষ বার্তা প্ৰদান কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। তেওঁৰ বাৰ্তাত স্পষ্ট হয় ব্ৰিক্ছৰ সংস্কাৰৰ ৰোডমেপ।। তেওঁ জনায় যে গ্ল’বেল ছাউথক নেতৃত্ব দিবলৈ সাজু ভাৰত। তেওঁৰ মতে, ‘আজি গ্ল’বেল ছাউথৰ দেশসমূহ বিশ্ব সংকটৰ মুখত পৰিলেও সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পিছপৰি আছে। আমাৰ এই সুবিধাভোগী পিৰামিড ব্যৱস্থাক ভাঙি অংশীদাৰিত্বৰ মঞ্চলৈ ৰূপান্তৰিত কৰিব লাগিব। য’ত কাৰো ওপৰত নিয়ম জাপি দিয়া নহ’ব। আটায়ে মিলি নিয়ম গঢ়িব লাগিব।’ প্ৰধানমন্ত্ৰী মোদীয়ে কয়- ‘গ্ল’বেল ছাউথ গোলকীয় সংস্থাসমূহৰ প্ৰথম শাৰীত থাকিলেও সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পিছৰ শাৰীতেই থাকি যায়। আমি নিশ্চয়কৈ এই ‘ক্ষমতাৰ পিৰামিড’ক এনে এটি ‘অংশীদাৰিত্বৰ মঞ্চ লৈ ৰূপান্তৰিত কৰিব লাগিব, য’ত প্ৰতিটো জাতিৰেই কথা কোৱাৰ সুযোগ থাকিব, প্ৰতিগৰাকী সদস্যৰে স্বাৰ্থ থাকিব আৰু প্ৰতিটো প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দুতে থাকিব মানৱতাৰ অগ্রগতি। এই লক্ষ্যত তেওঁ গোলকীয় শাসন ব্যৱস্থাৰ সংস্কাৰৰ বাবে ১০টা পৰামৰ্শ যুগুত কৰা হৈছে আৰু পৰৱৰ্তী ব্ৰিক্‌ছ সন্মিলনৰ ভিতৰত সেইবোৰক বাস্তৱায়িত কৰাৰ প্ৰস্তাৱ দিয়ে। প্রধানমন্ত্রীয়ে কয় যে এই ৰোডমেপ যুগুত কৰাৰ সময়ত তিনিটা বিষয়ক আটাইতকৈ আগত ৰাখিব লাগিব। সেয়া হ’ল -প্রতিনিধিত্ব, জবাবদিহি আৰু নীতি প্রণয়ন। এই প্রতিনিধিত্ব প্রসংগত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ আৰু বিলম্বিত কৰা নাযাব। এইক্ষেত্ৰত আলোচনাৰ নিৰ্দিষ্ট সময়সীমা আৰু সুস্পষ্ট ফলাফল থকা উচিত। বিশ্ব অর্থনীতিক পৰিচালনা কৰি এনে দেশসমূহৰো গোলকীয় অর্থনৈতিক ব্যৱস্থা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ন্যায্য বক্তব্য ৰখাৰ সুযোগ থকা উচিত। লগতে ব্ৰিক্ছৰ ধাৰাবাহিকতা আৰু সিদ্ধান্ত বাস্তৱায়নৰ বাবে এটা নতুন ব্যৱস্থা যুগুত কৰাৰ প্ৰস্তাৱ দিয়ে। সেই প্রস্তাৱ মতে প্ৰতিবছৰে সভাপতি পৰিৱৰ্তন হ’লেও ব্ৰিক্ছৰ কাৰ্যসূচীত যেন ধাৰাবাহিকতা অটুট থাকে তাৰ বাবে সিদ্ধান্ত পৰ্যালোচনা আৰু পৰৱৰ্তী পদক্ষেপৰ বাবে এটা ‘এয়ী’ ব্যৱস্থাৰ পৰামৰ্শ দিয়া হয়। য’ত সিদ্ধান্ত গ্রহণ, সমস্যাৰ সমাধান আৰু বাস্তৱায়ন প্রক্রিয়াক নথিভুক্ত কৰাৰ ডিজিটেল ভাণ্ডাৰ সৃষ্টিৰ প্ৰস্তাৱ দিয়ে। বিশ্ব বাণিজ্যৰ গতি যাতে ৰুদ্ধ নহয়, সেই লক্ষ্যৰে সমুদ্ৰত নাৱিকসকলৰ নিৰাপত্তাৰ সপক্ষে প্রশ্ন উত্থাপন কৰা দেখা যায় প্রধানমন্ত্রীক। আনহাতে দিল্লী ঘোষণা-পত্ৰত বিশ্বজুৰি চলা ‘শুল্ক যুদ্ধ’ আৰু আন্তঃসীমান্ত বিবাদে ঠাই পাইছে।  সকলো মত-পার্থক্য দূৰ কৰি দিল্লী ঘোষণা-পত্ৰত ঐকমত্য পোষণ কৰিলে ব্ৰিক্ছৰ সদস্যভুক্ত দেশসমূহে। তাৎপর্যপূর্ণ বিষয়টো হ’ল যে সাম্প্রতিক সংঘাতৰ কাৰণে যিসকলৰ মাজত তীব্র বাদানুবাদৰ সৃষ্টি হৈছিল, সেই ‘শত্রু’ ইৰান আৰু সংযুক্ত আৰব আমিৰশ্বাহীয়েও দিল্লী ঘোষণা-পত্ৰত একেটা অৱস্থানকে ল’লে। একাধিক সংবাদ মাধ্যমৰ বাতৰি মতে, ঘোষণা-পত্ৰত স্পষ্ট কৰি দিয়া হৈছে যে যুদ্ধ কেতিয়াও সমস্যা সমাধানৰ পথ হ’ব নোৱাৰে। ইয়াৰ ফলত অশান্তি দুগুণ বৃদ্ধি পায়, যাৰ ভুক্তভোগী হয় সমগ্র বিশ্ব। আলোচনা আৰু কূটনৈতিক পথেই দীর্ঘম্যাদী অগ্ৰগতিৰ আটাইতকৈ কাৰ্যকৰী পথ। যুদ্ধ বা সংঘাত নহয়, পাৰস্পৰিক বুজাপৰাৰ মাধ্যমেৰে আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ সমাধান উলিওৱাৰ পক্ষত প্রশ্ন তোলা হৈছে ঘোষণা-পত্ৰত। আন গুৰুত্বপূৰ্ণ বিষয়সমূহ হ’ল-সন্ত্রাসবাদক লৈ একেই স্থিতিত আছে ব্রিক্‌ছ সদস্যভুক্ত দেশসমূহ। উগ্রবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ বাৰ্তা দিয়া হৈছে ঘোষণা-পত্ৰত। অৱশ্যে তাত পোনপটীয়াকৈ কোনো দেশৰ নাম উল্লেখ নাথাকিলেও কূটনৈতিক মহলৰ একাংশৰ মতে, ইয়াৰ জৰিয়তে আচলতে পাকিস্তানকেই বার্তা দিয়া হৈছে।  শনিবাৰে বিয়লি ৪ বজাত ব্রিক্‌ছ সম্মিলনত গৃহীত হয় দিল্লী ঘোষণা-পত্র। ঘোষণা-পত্ৰত আটাইৰে সন্মতি পাবলৈ ৰীতি মতে বহু চেষ্টা কৰিবলগীয়া হৈছে দিল্লীয়ে। বিশেষকৈ ইৰান আৰু আমিৰশ্বাহীৰ ‘সংঘাতে’ পৰিস্থিতি জটিল কৰি তোলে। জানিব পৰা মতে, ইৰানত মার্কিন আৰু ইজৰাইলী আক্ৰমণৰ তীব্র নিন্দাৰ দাবী জনাইছে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে। তেওঁ স্পষ্টকৈ কয়-‘দিল্লী ঘোষণা-পত্রত মার্কিন আৰু ইজৰাইলী আগ্ৰাসনৰ তীব্র নিন্দা কৰিব লাগিব।’ ইয়াতেই ক্ষুব্ধ হৈ পৰে আমিৰশ্বাহী। তেওঁলোকে ওলোটাই দাবী তোলে যে ইৰানৰ আক্ৰমণৰো নিন্দা কৰিব লাগিব। ফলত পৰিস্থিতি এনে পর্যায় পায়গৈ যে ঘোষণা-পত্ৰত নিজেই নিজকে নিন্দা কৰিব লাগিব তেহৰানে। এনে জটিল মুহূৰ্ততেই মোদীৰ কূটনৈতিক প্রয়াসে সাফল্যৰ বাৰ্তা কঢ়িয়াই আনে। দিল্লী ঘোষণা-পত্ৰত মতানৈক্যক একাষৰীয়া কৰি থৈ আলোচনাত বহাৰ সিদ্ধান্তকেই স্বীকৃতি দিয়ে আবুধাবি আৰু তেহৰানে।