তেজৰঙা মানৱতা
ৰশ্মি ৰেখা দুৱৰা
বৰপথাৰ কোঁৱৰ গাঁও, ডিব্ৰুগড়
নিজৰ শিৰাৰ তেজখিনি
কেৱল নিজৰ বুলি নাভাবে সি,
অচিনাকি এজনৰ জীৱনৰ বাবে
আন্তৰিকতাৰে দিয়ে উপহাৰ।
এটোপাল তেজেৰে কঢ়িয়াই আনে
আশাৰ পোহৰ।
এটোপাল তেজৰ উপহাৰত
নাথাকে কোনো আত্মীয়তাৰ চিন
নাথাকে জাতি-ধৰ্মৰ সীমাৰেখা
নাথাকে চিনাকি-অচিনাকিৰ প্ৰশ্ন
থাকে মাথোঁ
এজনৰ পৰা আনজনলৈ বৈ যোৱা
এখন সুহৃদয়।
চিকিৎসালয়ৰ কোঠাত
জীৱন-মৃত্যুৰ এখন তয়াময়া যুদ্ধ।
বিছনাত ছটফটাই আছে
উশাহটো ঘন হৈ আহিছে
এটোপাল তেজৰ বাবে
চিতকাৰ কৰিবলগীয়া হৈছে।
শিৰাই শিৰাই বৈ অহা
এটোপাল তেজেৰে আন এজনৰ বুকুত
নতুন সপোনৰ গজালি মেলে।
কান্দোনৰ সোঁত বোৱা ঘৰখনৰ
পৰিয়ালৰ মুখত হাঁহি বিৰিঙাই।
সহায়ৰ বাবে কোনো পৰিচয় নিবিচাৰে
দুখীয়াৰ চকুত বিচাৰি পায় পৰম সুখ।
অসহায়জনৰ হাতখনত
সাৰথি হৈ থিয় দিয়ে,
কাকো নিৰাশ নকৰে।
তেওঁ এজন ৰক্তদাতাই নহয়
এখন স্পন্দিত হৃদয়ৰ গৰাকী,
য’ত মানুহৰ দুখে
নিজকে খোঁচা বিন্ধা কৰি
শৰীৰত কঁপনি তোলে।
তেওঁৰ তেজত বৈ আছে মানৱতা,
তেওঁৰ কৰ্মতে জিলিকে
সুকীয়া পৰিচয়।
অচিনাকি বহু হৃদয়ৰ প্ৰাৰ্থনাত
জীয়াই থকা
এজন মানৱদৰদী ৰক্তদাতা।
