হিংসা – হৰেন কপ্তাক

Pc Pexels

হিংসা

 হৰেন কপ্তাক

হেৰৌ কুকুৰ,
মোক দেখি লোভীয়া হৈছ?
কি পাবি তই!
নিঃকিন জীৱনৰ
নিঃকিন এই দেহা!
কামী হাড়ডাল চোবাই
জিভাৰ ছাল ছিগি
ৰক্তহে ক্ষৰিত হবা !
এপোৱা মাথোঁ মাংসপিণ্ড!
হে কুকুৰ,
খেদি নপঠাও তোক।
মৃদু বতাহতেই দুলি থকা
কংকালৰ জঁকাটি দেখি
ভয়ত নিজেই পলাবি।
তেতিয়া মানুহজন
কিদৰে জীয়াই আছিল –
সেই জীৱনৰ উত্তৰ বিচাৰি পাবি।
কুকুৰ, অভিশাপ নিদিবি দেই,
চৰ্বিৰ অভাৱ বুলি।
কাৰণ কেলঢোপ কেলঢোপ জীৱনৰ
মৰি মৰি জীয়াই থকা
মই এটি জীৱিত মৃতদেহ!