পুৰুষ বৃক্ষৰ ছাঁ – শ্ৰুতিস্মীতা দেৱী 

Pc Unsplash

পুৰুষ বৃক্ষৰ ছাঁ 

– শ্ৰুতিস্মীতা দেৱী 

আপুনি জানো সেইজন নহয়
যিজন কাৰোবাৰ প্ৰিয়তম;
কাৰোবাৰ ভাতৃ, কাৰোবাৰ পিতৃ..!
চিনিছো ম‌ই আপোনাক ,
আপুনিয়েইতো আছিল
সেইজন যাৰ দুবাহুৰ শকতিত
বিচাৰি পায় নিৰাপত্তাৰ আঁচোৰ…
কিয় বাৰু বিদ্ৰোহী সজালে আপোনাক,
যে আপোনাৰ বিষাদগ্ৰস্ততা ক্ষুব্ধ হৈ পৰিল,
আঁহতৰ শিপাৰ খামোচত গছৰ কুঁহিপাত মেলে।
আপুনি পিতৃ; আশ্ৰয় প্ৰত্যেক সন্তানৰ
আপুনি ভাতৃ; ৰক্ষক প্ৰত্যেক ভগ্নীৰ
আপুনি প্ৰিয়তম, ভালপোৱা প্ৰত্যেক প্ৰেয়সীৰ।
এনে বৰগছৰ ছাঁ,
চন্দ্ৰমাৰ শীতলতা
নিশ্চয় কৈ পুৰুষ….
হাঁহি হাঁহি দুখৰ শুকান চকুলো মচাজন
আপুনিয়েই…… নহয় জানো!
চিনিছো আপোনাক।