মৰীচিকা এই জীৱন
বিজুলতা পায়েং, গোগামুখ
প্ৰতিদিনে নিজৰ কৰ্ম ক্ষেত্ৰলৈ যোৱা নীৰেনে সঘনাই লগ পাই থাকে। দুজন ল’ৰাক।বয়সত সাত-আঠ বছৰমান হ’ব ।দেখাত ক’লা বৰণৰ ,চুলি কেইটা কেকুৰা।পিন্ধনত ফটা হাফপেন্ট আৰু চিৰি যোৱা চোলা।একেটা ঠাইতে সদায় ৰৈ থাকে এক কেজি আধা কেজি ওজনেৰে ভৰা পলিটিনৰ টোপোলাটোৰ সৈতে।ৰাস্তা ঘাটত গাড়ীৰে অহা-যোৱা কৰা মানুহক হাত দুখনেৰে লৈ লোৱাৰ ইঙ্গিতেৰে কাকূতি কৰে।বহুতে ল’ৰা দুটাক ঠাট্টা মস্কৰা কৰি আঁতৰি যায়।নীৰেনেও সদায় দেখি থকাত এদিন তেওঁৰ বগা ৰঙৰ এল্ট’ গাড়ীখন ৰখাই ল’ৰা দুজনৰ কাষত ৰৈ দিলহি।
অই ল’ৰা তোমালোক দুজনৰ হাতত থকা পলিথিনত আচলতে আছে কি?
নীৰেনৰ গলগলীয়া মাতষাৰ শুনি দুয়োজনে ল’ৰাৰ লাহেকৈ নীৰেনৰ চকুলৈ চাই ৰ’ল।
নীৰেনে পুনৰ সূধিলে’তোমালোক দুয়োজন স্কুললৈ যোৱানে নোযোৱা?
উম সময় পালে যাওঁ!
কিয়, পলিথিনত কি আছে নক’লা যে?
দাদা ইয়াত আমাৰ জীয়াই থকাৰ জীৱনটো আছে।
মানে মই বুজি পোৱা নাই।
দাদা আমি দুয়োজনে এইবোৰ বিক্ৰী কৰি যি পাই তাকে লৈ ৰাতিটোৰ এসাজ যোগাৰ কৰো।
ল’ৰা দুটাৰ থুনুকা মাতত নীৰেনৰ বুকুত এক আবেগৰ ঢৌৱে আগুৰি ধৰিলে।
ইয়াত কি আছে?
প্ৰথমজন ল’ৰা ”গৰৈ মাছ?
ক’ত পালা?
মানুহবোৰৰ পথাৰৰ মাজেদি জমা হৈ থকা সৰু সৰু খালবোৰ শুখাব লৈছে।তাতে আমি পুৱাৰেপৰা কষ্ট কৰি এইখিনি পাইছো।
দ্বিতীয় জন ”তোমাৰ লগত কি আছে?
ছাৰ চেংমৰা,আৰু ঢেকীয়া শাক?
বাৰু তোমালোক দুয়ো জনক কিমান দিব লাগিব?
ছাৰ পঞ্চাচ টকা দিলে হ’ব?
নীৰেনে বৰ হেপাঁহেৰে ল’ৰা দুজনক এশ টকা দিয়াত দুয়োজনে মনৰ আনন্দত দৌৰিবলৈ ল’লে।
ৰ’বা ৰ’বা।তোমালোক দুজন সদায় মোৰ কাৰণে ৰৈ থাকিবা দেই।
ছাৰ আমাৰ ভোগ নিবাৰণৰ ব্যৱস্থাটৌ হ’বনে?
কিয় নহ’ব। কিন্তু তোমালোক দুয়ো পঢ়িব লাগিব,স্কুললৈ যাব লাগিব তেতিয়াহে হ’ব?
কিন্তু আমাৰ মা-দেতা নাই নহয় ।
ক’লৈ গ’ল?
দেতা সৰুতে মৰিলে।মাও এদিন আমাৰ দুয়োকে এৰি ক’লৈ গ’ল নাজানো।আমি দুয়ো এনেকৈয়ে ….।
মোৰ লগত যাবানে?
নাই ।আমি আমাৰ ফুটা ঘৰটোহে ভাল লাগে।
তেতিয়া হ’লে কাইলৈৰ পৰা দুয়ো কিতাপ ধৰিব লাগিব।কোনেও পথাৰত শাক আৰু মাছ বিচাৰিব যাব নালাগিব। হ’বনে?
বহুতে আমাৰ দুয়োকে পালে তেনেকৈ কৈ যায় কিন্তু পিছদিনা আমাৰ ঘৰলৈ কোনেও নাহেগে।আমাৰ দুয়োৰে চকু সদায় আমাৰ বাটলৈ বাট চাও….
হ’ব যোৱা।
নীৰেনৰ ভেন্সাৰ জীৱনতকৈও ল’ৰা দুজনৰ অৱস্থাই তাক অধিক চিন্তিত কৰিলে।
অ’ পালেহি।ইমান দেৰি কি হ’ল আপোনাৰ?
মাছৰ পলিথিন আৰু শাক পাচলি বোৰ দেখি নীৰেনৰ ঘৈনীয়েক ৰূপাশ্ৰী খঙত জ্বলি পকি নীৰেনৰ ওপৰত ক্ষোভ উজাৰিলে।
ৰাতিটো নীৰেনৰ টোপনি নাহিল।বাৰে বাৰে তাৰ দুচকুত এই ল’ৰা দুজনৰ প্ৰতিছৱি ভাঁহি থাকিল।ভাত পানী খাই কলেজলৈ বুলি ওলাই সিঁহত দুটাৰ বাবে কিতাপৰ টোপোলা,বেগ আৰু লগত নতুন পেন্ট আৰু চোলা কেইযোৰমান বজাৰৰ পৰা আনি ল’ৰা দুজনৰ ঘৰৰ অভিমুখে নীৰেনে যাত্ৰা কৰিলে।
