গুৱাহাটী মেডিকেলত স্থাপন হ’ব প্ৰ’টন বীম থেৰাপী কেন্দ্র
ৰঙিলী বাৰ্ত্তাসেৱা- অসমত কর্কট ৰোগৰ চিকিৎসা সেৱাত সূচনা হ’ব নতুন দিগন্ত। গুৱাহাটী মেডিকেল কলেজত দেশৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ প্ৰটন বিম খেৰাপী চিকিৎসা কেন্দ্ৰ স্থাপন কৰিবলৈ সাজু হৈছে অসম। দেওবাৰে দিছপুৰস্থিত লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে এই সন্দর্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে। কেবিনেটৰ অন্তত আয়োজিত সংবাদ মেলযোগে মুখ্যমন্ত্রী ড° শৰ্মাই সদৰী কৰা অনুসৰি ৬০০ কোটি টকা ব্যয়সাপেক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্থাপন হ’ব এটা অত্যাধুনিক প্ৰ’টন বীম থেৰাপী কেন্দ্ৰ। কেবিনেটে ইয়াত প্রয়োজনীয় অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে ৰাজহুৱা তথা চৰকাৰী খণ্ডত এই অত্যাধুনিক কৰ্কট ৰোগ চিকিৎসা সেৱা কেন্দ্ৰ প্ৰৱৰ্তন কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে অসমে এক মাইলৰ খুঁটি স্থাপন কৰিব। সম্প্ৰতি সমগ্ৰ দেশৰ ভিতৰত চেন্নাইস্থিত এপ’ল’ হাস্পতাল আৰু মুম্বাই টাটা মেম’ৰিয়েলতহে এই সুবিধা আছে। অর্থাৎ সামগ্রিকভাৱে দেশৰ ভিতৰতে এইটো হ’ব তৃতীয় প্ৰ’টন বীম থেৰাপী কেন্দ্র। লক্ষণীয়ভাৱে আমেৰিকা-জাপান-ছিংগাপুৰসহ সমগ্ৰ বিশ্বত মাত্র ৪০টাহে প্ৰ’টন বীম থেৰাপী কেন্দ্ৰ থকা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্রী ড° শৰ্মাই। তেওঁ প্ৰকাশ কৰা মতে, কেবিনেটে অনুমোদন দিয়া ৬০০ কোটি টকা পুঁজিৰ ভিতৰত যন্ত্রপাতি, প্রশিক্ষণ আৰু ভৱন নিৰ্মাণৰ ব্যয় অন্তর্ভুক্ত হৈ আছে। এই ধনৰাশিৰ ভিতৰত ৩১৫ কোটি টকা বিশ্ব বেংকে ঋণ হিচাপে ৰাজ্য চৰকাৰক আগবঢ়াব। যিটো ঘূৰাই দিব লাগিব। বাকী ২৮৫ কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰৰ ফালৰ পৰা। সম্পূৰ্ণ প্রকল্পটো সাজু হৈ উঠিবলৈ কমেও তিনি বছৰ সময় লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ইয়াৰ জৰিয়তে অসমৰ চিকিৎসা পর্যটনে এক নতুন চিনাকি লাভ কৰিবলৈ সক্ষম হ’ব। ইফালে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি-গ্রাম্য আঁচনিৰ অধীনত ‘গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্রকল্প’ৰ বাবে কেবিনেটে ১০৯ কোটি টকা অনুমোদন জনাইছে। এই সম্পর্কত মুখ্যমন্ত্রী ড° শর্মাই কয় যে ইয়াৰ অধীনত এটা পাঁচ মহলীয়া শৈক্ষিক ভৱন, এটা চাৰি মহলীয়া আন্তঃৰাষ্ট্ৰীয় ছাত্রাবাস, অসমৰ শিক্ষাৰ্থীৰ বাবে ২৫০খন আসনবিশিষ্ট ছাত্ৰাৱাস আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ ২৪টা আৱাস আদি নিৰ্মাণ কৰা হ’ব। লগতে বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহ-আলোচনা সভাগৃহৰ মেৰামতি আৰু উন্নীতকৰণ তথা কৃষ্ণকান্ত সন্দিকৈ গ্রন্থাগাৰৰ সম্প্ৰসাৰণ কৰা হ’ব। আজি কেবিনেটে আবণ্টন দিয়া ধনৰাশিৰ সদ্ব্যৱহাৰ হ’লে দ্বিতীয় পর্যায়ত আন ১৪০ কোটি টকা অর্থাৎ মুঠ প্রায় ২৫০ কোটি টকা গুৱাহাটী বিশ্ববিদ্যালয়ক ৰাজ্য চৰকাৰে দিব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্রী ড° শৰ্মাই প্রকাশ কৰা মতে, অহা ৭ ছেপ্টেম্বৰত দেশৰ উপ-ৰাষ্ট্ৰপতি গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিব। সেইদিনাই তেওঁ ‘গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্রকল্প’ৰ শুভাৰম্ভ কৰাৰ কথা।
