বানবিধ্বস্ত নেপালত মৃতকৰ সংখ্যা ৯০০ অতিক্ৰম

Pc India Today

বানবিধ্বস্ত নেপালত মৃতকৰ সংখ্যা ৯০০ অতিক্ৰম

ৰঙিলী বাৰ্ত্তাসেৱা- বানবিধ্বস্ত নেপালত মৃতকৰ সংখ্যা ইতিমধ্যে প্রায় ৯০০ অতিক্ৰম কৰিছে। যিবোৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে তাৰো বহুতৰে পৰিচয় এই পর্যন্ত লাভ কৰিব পৰা নাই। মৃতদেহ উদ্ধাৰ অভিযান চলি আছে যদিও এতিয়া সেইবোৰ ৰাখিবলৈ ঠাইৰ অভাৱ হৈছে দেশখনৰ। কাৰণ ইতিমধ্যে মর্গসমূহ ভৰি পৰিছে। মৃতদেহবোৰ পচিবলৈ ধৰাত চাৰিওফালে দুর্গন্ধ বিয়পি পৰিছে। সেইবাবে ৰোগ সংক্ৰমণৰ বিপদাশংকা ৰোধ কৰিবলৈ মৃতদেহসমূহ কবৰ দিয়া হৈছে বুলি খবৰ ওলাইছে। বুধবাৰে হোৱা প্রলয়ংকৰী বানত নেপালৰ অনেক জনবসতি উটি গৈছে। এই পর্যন্ত ৯০৫টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত সীমান্তৱৰ্তী দক্ষিণাঞ্চলৰ জিলা ছিটৱানত মৃতদেহৰ সংখ্যা আটাইতকৈ বেছি। জিলাখনত এতিয়ালৈ ২৩৩টা মৃতদেহ উদ্ধাৰ হৈছে। স্থানীয় সূত্ৰৰ খবৰ মতে, হাস্পতালসমূহৰ মৰ্গত পর্যাপ্ত ঠাই বা সুযোগ-সুবিধাৰ অভাৱত তাত মৃতদেহসমূহ পচিবলৈ আৰম্ভ কৰিছে। চাৰিওফালে ছানি ধৰিছে দুৰ্গন্ধই। সংক্ৰমণৰ বিপদাশংকা সৃষ্টি হোৱাত শনিবাৰৰ পৰাই মৃতদেহসমূহ কবৰ দিবলৈ আৰম্ভ কৰিছে প্রশাসনে। কর্মকর্তাসকলে জনোৱা মতে, কবৰ দিয়াৰ পূৰ্বে মৃতদেহসমূহৰ ডিএনএ নমুনা সংগ্ৰহ কৰা হৈছে, যাতে ভৱিষ্যতে তেওঁলোকক চিনাক্ত কৰাত সুবিধা হয়। জানিব পৰা মতে, প্রতিটো মৃতদেহৰ সৈতে একোটাকৈ অনন্য চিনাক্তকৰণ নম্বৰ যুক্ত কৰা হৈছে, যাতে ডিএনএ মিলি যোৱাৰ পিছত আত্মীয়-স্বজনে মৃতদেহসমূহ লৈ যাব পাৰে। সূত্ৰৰ খবৰ মতে, কবৰসমূহৰ গভীৰতা ১.৫ মিটাৰ কৰা হৈছে। কবৰসমূহৰ মাজত ৪০ চেন্টিমিটাৰ ব্যৱধান ৰখা হৈছে যাতে পিছলৈ সহজে সঠিক মৃতদেহ তুলি অনা সম্ভৱ হয়। ইফালে শনিবাৰে ভাৰতৰ বিদেশ মন্ত্রালয়ে এটা বিবৃতি জাৰি কৰিছে। তাত কোৱা হৈছে যে বিপৰ্যয়ৰ তিনি দিন পাৰ হৈ গ’লেও নেপালত এতিয়ালৈ সন্ধানহীন হৈ আছে ২৭৫জন ভাৰতীয়। বিপর্যস্ত এলেকাৰ পৰা ১০৮জন ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আন ৫০জনৰ সৈতে যোগাযোগ কৰাটো সম্ভৱ হৈছে।