প্ৰধানমন্ত্ৰী মোদীলৈ উজবেকিস্তানৰ সৰ্বোচ্চ সন্মান প্ৰদান

প্ৰধানমন্ত্ৰী মোদীলৈ উজবেকিস্তানৰ সৰ্বোচ্চ সন্মান প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ  মোদীক দেওবাৰে উজবেকিস্তানৰ সৰ্বোচ্চ ৰাজ্যিক সন্মান ‘অলিয় দৰাজালি ডাষ্টলিক’ প্ৰদান কৰা হয় । ভাৰত-উজবেকিস্তানৰ কৌশলগত সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে ৷ উল্লেখ্য যে, এয়া হৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে লাভ কৰা ৩৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান। উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকত মিৰ্জিঅ’য়েভে তাছকেন্দত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান কৰে । সন্মান লাভৰ পাছত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘এই সন্মানে ভাৰত আৰু উজবেকিস্তানৰ মাজত চিৰস্থায়ী বন্ধুত্ব আৰু অংশীদাৰিত্বক উদযাপন কৰিছে ৷ এয়া মোৰ বাবে এক অতি গৌৰৱৰ মুহূৰ্ত ।’’ এই সন্মানৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে উজবেকিস্তানৰ জনসাধাৰণ আৰু চৰকাৰকো ধন্যবাদ জনায় । তেওঁ লগতে কয়, ‘‘এই সন্মান ১৪ নিযুত ভাৰতীয়ৰ ।মই এই সন্মান তেওঁলোকৰ বাবে আৰু ভাৰত আৰু উজবেকিস্তানৰ মাজত থকা বন্ধুত্বৰ বাবে উৎসৰ্গা কৰিছো ।’’ তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মানক ভাৰত আৰু উজবেকিস্তানৰ জনসাধাৰণৰ মাজত থকা একতা, বিশ্বাস আৰু মৰমৰ প্ৰমাণ বুলি অভিহিত কৰে ৷ তেওঁ আশা কৰে যে এই সন্মানে দুয়োখন দেশৰ ভৱিষ্যত প্ৰজন্মক তেওঁলোকৰ মাজত থকা বন্ধুত্বক আগুৱাই নিবলৈ অনুপ্ৰাণিত কৰিব । অনুষ্ঠানটোত উপস্থিত থকা দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক উদ্দেশ্যি তেওঁ কয়, আপুনি ‘ডাষ্টলিক’ শব্দটো ব্যৱহাৰ কৰিছিল, যাৰ লগত ভাৰতৰ জনসাধাৰণো অতি পৰিচিত । আমাৰ দেশত এনেকুৱা এটা পৰিয়াল নাই, যিয়ে দিনটোত এশবাৰ ‘দোষ্ট’ শব্দটো ব্যৱহাৰ নকৰে আৰু আজি আপুনি সঁচাকৈয়ে ‘ডাষ্টলিক’ৰ মনোভাৱক মূৰ্ত কৰি তুলিছে। ডাষ্টলিক মানে বন্ধুত্ব । উল্লেখ্য যে,  উজবেকিস্তানৰ সৈতে দীর্ঘম্যাদী ইউৰেনিয়াম সৰবৰাহ চুক্তি স্বাক্ষৰ কৰে ভাৰতে। এই কথা জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ পাৰমাণৱিক বিদ্যুৎ পৰিকল্পনাক আৰু অধিক আগুৱাই নিবলৈ এই পদক্ষেপ অতি গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে। দুদিনীয়া ভ্রমণসূচীৰে উজবেকিস্তানলৈ গৈছে প্রধানমন্ত্রী মোদী। শনিবাৰে উজবেকিস্তানৰ ৰাজধানী তাছখণ্ডত উপস্থিত হয় তেওঁ। তেওঁক আদৰণি জনাবলৈ বিমানবন্দৰত উপস্থিত হয় উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকাত মিৰজিঅ’ইয়েভ। দেওবাৰে দুয়োগৰাকী ৰাষ্ট্ৰনেতাৰ মাজত দীর্ঘসময় ধৰি বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিভিন্ন বিষয়ক লৈ আলোচনা হয়। বৈঠকৰ শেষত দীর্ঘম্যাদী ইউৰেনিয়াম সৰবৰাহ চুক্তিৰ কথা জনায় মোদীয়ে। তেওঁ জনায় যে দেওবাৰৰ আলোচনাত এইটোৱে ‘প্রধান প্রাপ্তি’। কেৱল সেয়াই নহয়, ভাৰত আৰু উজবেকিস্তানে তিনিখন ‘ছিষ্টাৰ চিটী’ আৰু ‘ছিষ্টাৰ ষ্টেট’ চুক্তিও চূড়ান্ত কৰিছে। ২০৩০ চনৰ ভিতৰত ৫০০ কোটি ডলাৰৰ দ্বিপাক্ষিক বাণিজ্যৰ লক্ষ্য স্থিৰ কৰিছে ভাৰত আৰু উজবেকিস্তানে। মোদীৰ বার্তা আছিল স্পষ্ট। তেওঁ জনায় যে এইধৰণৰ চুক্তি কেৱল কেইখনমান স্বাক্ষৰিত কাগজ হৈয়ে ৰৈ নাযায়। চুক্তি মানি সু-স্পষ্ট কর্মপৰিকল্পনা কৰাৰ ওপৰত জোৰ দিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে। তেওঁ আশাবাদী যে দুয়োখন দেশৰ এই অংশীদাৰিত্ব বাস্তৱ ক্ষেত্ৰত ফলপ্রসূ হ’ব। মোদী-শ্বাভকাতৰ বৈঠকত উত্থাপন হয় নগৰ উন্নয়নৰ প্ৰসংগও। উজবেকিস্তানত সম্প্রতি ‘নিউ তাছখণ্ড’ নির্মাণ হৈছে। কার্যতঃ শূন্যৰ পৰা গঢ়ি উঠা এখন চহৰ হ’বলৈ ওলাইছে তাছখণ্ড। এই বিষয়েও আলোচনা হয়।  শ্বাভকাতে ভাৰতক ‘নিৰ্ভৰযোগ্য কৌশলগত অংশীদাৰ’ বুলি উল্লেখ কৰে। তেওঁ জনায় যে যোৱা বছৰ ভাৰত-উজবেকিস্তানৰ মাজত বাণিজ্যৰ অংক ১০০ কোটি ডলাৰ পাৰ হৈ গৈছে। অহা ৪ বছৰৰ ভিতৰত সেই অংক ৫০০ কোটি ডলাৰত উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। দুয়োখন দেশৰ মাজত ভ্রমণো সুচল কৰা হৈছে। এতিয়া দুয়োখন দেশৰ মাজত পোনপটীয়াকৈ ১৪খন বিমান চলাচল কৰে। ভাৰতৰ নাগৰিকসকলৰ বাবে সু-খবৰ দিছে উজবেকিস্তানে। সেই দেশখনলৈ যাবলৈ হ’লে ৩০ দিনৰ বাবে কোনো ভিছাৰ প্ৰয়োজন নহ’ব ভাৰতীয়সকলৰ। শ্বাভকাতৰ মতে, পৰ্যটন বা ব্যৱসায়িক ভ্ৰমণৰ ক্ষেত্ৰত এই পদক্ষেপ অতি গুৰুত্বপূৰ্ণ। ভাৰত আৰু উজবেকিস্তানে ইতিমধ্যে বাণিজ্য, বিনিয়োগ, শিক্ষা, ঔষধ উদ্যোগ, তথ্য-প্রযুক্তি, সংস্কৃতিসহ বিভিন্ন ক্ষেত্ৰত পৰস্পৰে পৰস্পৰক সহযোগিতা কৰে। মোদীৰ এই ভ্রমণে এই দ্বিপাক্ষিক সম্পৰ্কক আৰু এঢাপ আগুৱাই নিলে বুলি ধাৰণা কৰিছে বহুতে। সেই তালিকাত নতুনকৈ সংযোজন হৈছে পাৰমাণৱিক শক্তি আৰু নগৰ পৰিকল্পনা। ইউৰেনিয়ামৰ সৰবৰাহত যাতে কোনো ব্যাঘাত নজন্মে তাৰ ওপৰতো গুৰুত্ব দিছে নতুন দিল্লীয়ে। কেৱল কোনো নির্দিষ্ট দেশৰ ওপৰত ইউৰেনিয়াম সৰবৰাহৰ ক্ষেত্ৰত নিৰ্ভৰশীল হৈ থাকিবলৈ নিবিচাৰে ভাৰতে। পাৰমাণৱিক ইন্ধন উৎসক বৈচিত্র্যময় কৰিবলৈ ইউৰেনিয়াম উৎপাদনকাৰী দেশসমূহৰ সৈতে দীর্ঘম্যাদী সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত উৎসাহী মোদী চৰকাৰ। উজবেকিস্তান এখন আগশাৰীৰ ইউৰেনিয়াম উৎপাদনকাৰী দেশ। সেই দিশৰ পৰা ইউৰেনিয়াম চুক্তি সম্পন্ন হ’লে ভাৰত লাভৱান হ’ব বুলি বহুতে মত প্ৰকাশ কৰিছে।