ছেপ্টেম্বৰৰ পৰা ৰাজসাহায্যযুক্ত মচুৰ দাইল-চেনি লাভ কৰিব ১০৫ টকাত
ৰঙিলী বাৰ্ত্তাসেৱা- দেওবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনস্থিত লোকসেৱা ভৱনত অনুষ্ঠিত হয় কেবিনেট বৈঠক ৷ কেবিনেট বৈঠকত ৰাজসাহায্যযুক্ত দাইল-চেনি, কৰ্কট ৰোগৰ চিকিৎসা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন আৰু চাহ বাগিচা মাটিৰ মূল্যাংকনৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে ৷ কেবিনেট বৈঠকৰ অন্তত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সংবাদ মেলযোগে আনুষ্ঠানিকভাৱে সদৰী কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। ৰাইজক ৰাজসাহায্যযুক্ত দাইল আৰু চেনিৰ যোগানৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ৰাজসাহায্যযুক্ত প্ৰতি কিলোগ্ৰাম চেনি ৩৫ টকা আৰু মচুৰ দালি ৭০ টকাত ৰাইজে লাভ কৰিব ৷ বৰ্তমান চেনিৰ মূল্যবৃদ্ধিৰ পাছতো ৰাইজক চেনি ৩৫ টকাতে প্ৰদান কৰা হ’ব ৷ ইয়াৰ ফলত ৭০ লাখৰো অধিক পৰিয়াল লাভান্বিত হ’ব ৷ লগতে তেওঁ প্ৰকাশ কৰা অনুসৰি বানপীড়িত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে ছেপ্টেম্বৰ মাহৰ বাবে ২,০০০ টকাকৈ লাভ কৰিব। এইক্ষেত্রত কেবিনেটে প্রয়োজনীয় অনুমোদন জনাইছে। ইয়াৰ বিপৰীতে আন জিলাসমূহৰ হিতাধিকাৰীসকলে ছেপ্টেম্বৰ মাহত পাব ১,২০০ টকাকৈ। তদুপৰি ১ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে বানত ক্ষতিগ্রস্ত অতিৰিক্ত লোকসকলক ১৫,০০০ টকাকৈ এককালীন সাহায্য প্রদান কৰিব। লগতে ১ ছেপ্টেম্বৰত মুকলি কৰা হ’ব জীৱন প্ৰেৰণা আৰু মুখ্যমন্ত্ৰীৰ ফ্লাইট আঁচনিৰো আর্থিক সাহায্য। মুখ্যমন্ত্রী ড° শর্মাই স্বাধীনতা দিৱসৰ ভাষণত ঘোষণা কৰা ‘বিকশিত অসম: আন্তঃগাঁথনি দৃষ্টিভংগী’ৰ অধীনত মূলধনী আন্তঃগাঁথনি প্রকল্পসমূহৰ বাবে ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগতো কেবিনেটে অনুমোদন জনাইছে। গোৱালপাৰা জিলাৰ মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাক্ষসিনী জংঘল ব্লকত ৩০ মেগাৱাট সৌৰশক্তি আৰু ২৫ মেগাৱাট বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা স্থাপনৰ সমন্বিত প্রকল্প ৰূপায়ণত কেবিনেটে সেউজ সংকেত দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে কেবিনেটে নগাঁও আৰু কামৰূপ (মহানগৰ) জিলাত ঔদ্যোগিক প্রতিষ্ঠান-ঔদ্যোগিক ভূমি ভঁৰাল (লেও বেংক) বিকাশৰ বাবে ১,১৭৪ বিঘা ভূমি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অধীনস্থ অসম ঔদ্যোগিক উন্নয়ন নিগম তথা অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমলৈ আবণ্টনৰ সিদ্ধান্ত গ্রহণ কৰিছে। ইয়াৰে চাপৰমুখত ৩৭০ বিঘা, নাহৰবাৰী চামগুৰিত ১০০ বিঘা, চন্দ্ৰপুৰত ৬০-৩৩৮-৫৮ বিঘা আৰু সোণাপুৰৰ দুৰুঙত ২০০ বিঘা। অনুৰূপ ধৰণে ধেমাজি জিলাৰ ধেমাজি ৰাহজ চক্ৰৰ অন্তৰ্গত ৰঙাজান গাঁৱত দুগ্ধ প্রকল্প স্থাপনৰ বাবে ২৭ বিঘা চৰকাৰী ভূমি পশুপালন-পশু চিকিৎসা বিভাগলৈ আবণ্টন দিয়াত কেবিনেটে অনুমোদন জনায়। কেবিনেটে চাহ বাগিচা বা চাহ খেতিৰ ভূমিৰ বজাৰ মূল্য নির্ধাৰণৰ বাবে প্ৰৱৰ্তন কৰা এককালীন ব্যৱস্থাৰ সময়সীমা বৃদ্ধি কৰাত অনুমোদন জনাইছে। এই বজাৰ মূল্যৰ ভিত্তিত দলিলৰ ষ্টাম্প শুক্ল আৰু পঞ্জীয়ন মাচুল নিৰ্ধাৰণ কৰা হয়। কেবিনেটে এককালীন মূল্য নির্ধাৰণ ব্যৱস্থাৰ সময়সীমা বৃদ্ধিৰ এছঅ’পিতো অনুমোদন জনায়। ব্যৱসায় বাণিজ্যৰ পৰিৱেশ সুচল কৰিবলৈ ৰাজ্যিক কেবিনেটে অসম বাণিজ্যিক সামগ্রী (অনুজ্ঞাপত্ৰ আৰু নিয়ন্ত্রণ) সংশোধনী আদেশ-২০২৬ত অনুমোদন প্রদান কৰে বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ অধীনত পেট্র’লিয়াম সামগ্ৰীৰ খুচুৰা বিক্ৰীৰ বাবে পৃথক অনুজ্ঞাপত্ৰ ব্যৱস্থাৰ বিলুপ্তি ঘটোৱা হৈছে। কেবিনেটে দুখন গুৰুত্বপূৰ্ণ বিধি প্রণয়নতো আজি অনুমোদন জনাইছে। সেয়া হ’ল- অসম জিলা আদালত কৰ্মচাৰী সেৱা বিধি-২০২৬ আৰু অসম সহযোগী-স্বাস্থ্যসেৱা পৰিষদ বিধি- ২০২৬। কেবিনেটৰ আন এক গুৰুত্বপূর্ণ সিদ্ধান্ত হ’ল-অসম উদ্যোগ আৰু বিনিয়োগ নীতি-২০১৯ৰ সংশোধনত অনুমোদন। এই সম্পর্কত মুখ্যমন্ত্রী ড° শর্মাই কয় যে ইয়াৰ জৰিয়তে পঞ্জীয়নভুক্ত বাহন স্ক্রেপিং কেন্দ্রসমূহত যোগ্য ঔদ্যোগিক কাৰ্যকলাপৰ অধীনত অন্তর্ভুক্ত কৰা হ’ব। ফলত অসম বাহন স্ক্রেপিং নীতি-২০২২ৰ অধীনত প্ৰদান কৰা বিত্তীয় সুবিধাসমূহ এই কেন্দ্রসমূহে লাভ কৰাত সহায়ক হ’ব। কেবিনেটে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি চাৰিআলিৰ পৰা ২৭নং ৰাষ্ট্ৰীয় ঘাইপথলৈ বাইপাছ নিৰ্মাণৰ লগতে হাৱাইপুৰ ৰে’ল ষ্টেচনৰ সমীপত ৰে’লৱে উৰণ সেতু নিৰ্মাণৰ বিপৰীতে ১৫৫.৯৮ কোটি টকা আবণ্টন দিছে। অসম উদ্যোগ আৰু বিনিয়োগ নীতি-২০১৯ৰ অধীনত ফার্মবক্স বায়’ প্রাইভেট লিমিটেডে তেজপুৰত ঔদ্যোগিক প্রকল্প স্থাপনৰ বাবে প্ৰস্তাৱ কৰা ৩০০ কোটি টকা বিনিয়োগত সেউজ সংকেত প্রদান কৰে। গাঁও পঞ্চায়তৰ বৰ্তমানৰ সমাজ কল্যাণ সমিতিখনক গাঁও পঞ্চায়ত পর্যায়ত গাঁও পানী আৰু অনাময় সমিতি হিচাপে দায়িত্ব পালন কৰাত অনুমোদন জনাইছে। এই সমিতিখনে জলজীৱন অভিযানৰ অধীনৰ খোৱাপানী তথা অনাময় সম্পৰ্কীয় কাম-কাজ নিৰীক্ষণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।
