ডিব্ৰুগড়ত বেটি বাঁচাও বেটি পড়াও আঁচনি

ডিব্ৰুগড়ত বেটি বাঁচাও বেটি পড়াও আঁচনি:: কিশোৰীৰ বাবে সাতদিনীয়া ‘প্ৰাথমিক আত্মৰক্ষাৰ কৌশল’ প্ৰশিক্ষণ 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত ২৯ আগষ্টৰ পৰা “বেটি বচাও বেটি পঢ়াও ”   আঁচনিৰ অধীনত ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত তথা ডিব্ৰুগড় জিলাৰ ক্ৰীড়া বিষয়াৰ কাৰ্যালয়, সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয় আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত জিলাখনৰ বিভিন্ন অঞ্চলৰ কিশোৰী সকলৰ মাজত সাত দিনীয়াকৈ ” প্ৰাথমিক আত্মৰক্ষাৰ কৌশল” প্ৰশিক্ষণ আৰম্ভ হয়। এই প্ৰশিক্ষণত ডিব্ৰুগড় নগৰ, বৰবৰুৱা, লাহোৱাল, পানীতোলা, টেঙাখাট আৰু টিংখং অঞ্চলৰ প্ৰায় ২১০ গৰাকী কিশোৰীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰে।