ক্ষেত্ৰীৰ তেতেলীয়াত ভয়ংকৰ দুৰ্ঘটনা

ক্ষেত্ৰীৰ তেতেলীয়াত ভয়ংকৰ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ সমীপৰ তেতেলীয়াৰ ভূৰাগাঁৱত সোমবাৰে সন্ধিয়া ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। দুর্ঘটনাত চাৰিজন লোকৰ মৃত্যু হৈছে। ঘটনাৰ বিৱৰণী মতে, গুৱাহাটী অভিমুখী ‘AS 01-HC-0715’ নম্বৰৰ যাত্রীবাহী ট্রেভেলাৰখনে ক্ষেত্ৰী অতিক্রম কৰি তেতেলীয়াৰ ভূৰাগাঁও পাওঁতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত থকা ডিভাইডাৰ পাৰ হৈ জাগীৰোড অভিমুখী AS-07 BC-4271 নম্বৰৰ মালবাহী ট্রাকত খুন্দা মাৰে। ফলত ট্রেভেলাৰখনত থকা ছয়জন লোকৰ মৃত্যু হয়। ট্রেভেলাৰখনত থকা আন ৫জন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক ইতিমধ্যে জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়। ইয়াৰে আৰু বহুকেইগৰাকী লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। ঘটনাস্থলীত ক্ষেত্ৰীৰ যান-বাহন আৰক্ষী উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি সোণাপুৰ জিলা চিকিৎসালয়লৈ নিয়া হয়। উল্লেখ্য যে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথটোত থকা এটা গাঁতত ট্রেভেলাৰখন পৰিয়ে নিয়ন্ত্রণ হেৰুৱাই দুর্ঘটনাটো সংঘটিত হয়।