পৱন খেড়াক ৰিণিকি ভূঞা শৰ্মাৰ গোচৰত সুৰক্ষা দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Pc Newsonair

পৱন খেড়াক ৰিণিকি ভূঞা শৰ্মাৰ গোচৰত সুৰক্ষা দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   উচ্চতম ন্যায়ালয়ত বিমুখ হ’বলগা হ’ল কংগ্ৰেছ নেতা পৱন খেড়া । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত ৰুজু হোৱা গোচৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্র পৱন খেড়াক অন্তর্বর্তীকালীন জামিন প্রদান কৰিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে। তেলেংগানা উচ্চ ন্যায়ালয়ে পৱন খেড়াক দিয়া অন্তর্বর্তীকালীন জামিন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে তেলেংগানা উচ্চ ন্যায়ালয়ে প্রদান কৰা জামিনত স্থগিতাদেশ দিয়াৰ পিছত এই ৰায়ৰ বিৰুদ্ধে সর্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল পৱন খেড়া। আনহাতে শীর্ষ ন্যায়ালয়ে এই গোচৰৰ জামিনৰ বাবে পৱন  খেড়াক অসমৰ সংশ্লিষ্ট ন্যায়িক আদালতত আবেদন কৰিবলৈ নিৰ্দেশ দিছে। ন্যায়াধীশ জে কে মহেশ্বৰী আৰু ন্যায়াধীশ অতুল  এছ চন্দুৰকাৰৰে গঠিত খণ্ড বিচাৰপীঠখনে এই সন্দৰ্ভত শুনানি গ্রহণ কৰি খেড়াৰ আবেদন ক্ষিপ্ৰতাৰে গ্ৰহণ কৰিবলৈকো অসমৰ সংশ্লিষ্ট আদালতক আহ্বান জনায়। ন্যায়াধীশ জে কে মহেশ্বৰী আৰু ন্যায়াধীশ অতুল চন্দুৰকাৰৰ বিচাৰপীঠে খেড়াৰ জামিনৰ বাবে কৰা আবেদন বিবেচনা কৰাৰ সময়ত তেলেংগানা উচ্চ ন্যায়ালয়ে কৰা পৰ্যবেক্ষণ বা উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ আদেশেও সংশ্লিষ্ট আদালতক প্ৰভাৱিত কৰিব নালাগে বুলিও স্পষ্ট কৰি দিয়ে।উল্লেখ্য যে ৫ এপ্ৰিলত এক সংবাদমেলত খেড়াই অভিযোগ কৰিছিল যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ একাধিক পাছপ’ৰ্ট আৰু বিদেশী সম্পত্তি আছে । কিন্তু সেইবোৰৰ তথ্য ৯ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে হিমন্ত বিশ্ব শৰ্মাই যি নিৰ্বাচনী শপতনামা দাখিল কৰিছিল তাত ঘোষণা কৰা হোৱা নাছিল । ইফালে এই অভিযোগক মিছা আৰু মনেসজা বুলি মুখ্যমন্ত্ৰী তথা তেওঁৰ পত্নীয়ে নাকচ কৰে । পৱন খেড়াৰ এই অভিযোগৰ পিছতেই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই অসম আৰক্ষীৰ অপৰাধ শাখাত গোচৰ ৰুজু কৰিছিল। খেড়াৰ বিৰুদ্ধে গুৱাহাটী অপৰাধ শাখা আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ১৭৫, ৩৫ আৰু ৩১৮ ধাৰাত গোচৰ ৰুজু হৈছিল। ইয়াৰ আধাৰতে অসম আৰক্ষীয়ে খেড়াৰ দিল্লীস্থিত বাসভৱনত তালাচী চলাইছিল যদিও পৱন খেড়াই হায়দৰাবাদলৈ পলায়ন কৰিছিল আৰু তাতেই তেওঁ তেলেংগানা উচ্চ ন্যায়ালয়ত উক্ত গোচৰৰ বিপৰীতে জামিনৰ বাবে আবেদন কৰে। তেলেংগানা উচ্চ ন্যায়ালয়ে পৱন খেড়াক ৭ দিনৰ বাবে ট্রেনজিট অন্তর্বর্তীকালীন জামিন প্রদান কৰে। ইয়াৰ বিপৰীতে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰে পৱন খেড়াৰ ট্রেনজিট অন্তর্বর্তীকালীন জামিনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত প্রত্যাহ্বান জনায়। যোৱা ১৫ এপ্রিলত উচ্চতম ন্যায়ালয়ে তেলেংগানা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ দিয়ে।