বনাঞ্চল বেদখলক লৈ ৰুণীখাতাত উত্তেজনাময় পৰিস্থিতি

বনাঞ্চল বেদখলক লৈ ৰুণীখাতাত উত্তেজনাময় পৰিস্থিতি

ৰঙিলী বাৰ্ত্তাসেৱা- চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা সংৰক্ষিত বনাঞ্চলত বেদখলৰ অভিযোগত উচ্ছেদ চলোৱাক কেন্দ্র কৰি অগ্নিগর্ভ পৰিস্থিতিৰ সৃষ্টি হয়।  বৃহস্পতিবাৰে ৰুণীখাতাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা বন বিভাগে ২৫গৰাকী আদিবাদী লোকক বনাঞ্চলত বেদখল তথা বন ধ্বংস কৰাৰ অভিযোগত আটক কৰি অনাৰ পিছতে  ৰুণীখাতাৰ বনাঞ্চলিক কাৰ্যালয় তথা ইয়াৰ কাষৰীয়া অঞ্চলসমূহত সংঘটিত হয় এই ভয়ংকৰ পৰিস্থিতি। মুখ্যতঃ বন বিভাগে কৰায়ত্ত কৰি অনা আদিবাসী লোকসকলৰ একাংশ মহিলাক বন বিভাগৰ লোকে আতিশয্য চলোৱাৰ অভিযোগতে আদিবাসীসকলৰ কেইবাটাও সংগঠনৰ নেতৃত্বত শুকুৰবাৰে পুৱাৰে পৰা অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাত উত্তেজিত প্রতিবাদকাৰীসকলে ৰুণীখাতা বনাঞ্চলিক কার্যালয়ত ব্যাপক হিংসাত্মক কার্য সংঘটিত কৰাৰ লগতে কাৰ্যালয়ত থকা চাৰিখনকৈ বাহনসহ কেইবাখনো দুচকীয়া বাহন, চাইকেল আদি জ্বলাই দিয়ে। প্ৰতিবাদকাৰীসকলে বন বিভাগৰ কাৰ্যালয়ৰ ভিতৰৰ কম্পিউটাৰকে ধৰি বহু মূল্যৱান সামগ্রী, নথিপত্রসহ বহু আচবাব ভাঙি চূড়মাৰ কৰাৰ লগতে বহু সামগ্ৰী ৰাজপথলৈ আনি জ্বলাই দিয়ে। প্রতিবাদকাৰী তথা আক্রমণকাৰীসকলৰ একাংশই বন বিভাগৰ কাৰ্যালয়ত থকা অস্ত্র-শস্ত্র লুট কৰি নিয়া বুলিও জানিব পৰা গৈছে। আদিবাসীসকলৰ এই প্রতিবাদ তথা আক্রমণ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী আৰু নিৰাপত্তাৰক্ষী মোতায়েন কৰিবলৈ বাধ্য হয় চিৰাং জিলাৰ আৰক্ষী প্রশাসন তথা জিলা প্রশাসনে। পৰিস্থিতি এনে পর্যায় পায়গৈ পৰিস্থিত নিয়ন্ত্ৰণৰ বাবে চিৰাং-কোকৰাঝাৰকে ধৰি কাষৰীয়া জিলাৰ চাৰিজনকৈ শীর্ষ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হয়। প্ৰতিবাদী কাৰ্যসূচী নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ প্রয়োগ আৰু লাঠীচালনাৰ লগতে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। প্রতিবাদী লোক তথা আৰক্ষীৰ হতাহতি, লাঠীচালনা আদিত চিৰাং জিলাৰ আৰক্ষী বিষয়া ধ্রুব বৰাকে ধৰি ১৫জনৰো অধিক আৰক্ষী-বন বিভাগৰ লোক তথা প্রদিবাদকাৰী কম-বেছি পৰিমাণে আহত হোৱা বুলি জানিব পৰা গৈছে। তথ্য অনুযায়ী ৰুণীখাতা বন সংমণ্ডলৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলত একাংশ লোকে বন ধ্বংস কৰি বনভূমি বেদখল কৰিবলৈ অগ্ৰসৰ হোৱাত বনৰক্ষীৰ দলে বেদখলকাৰীক বাধা প্রদান কৰে। বৃহস্পতিবাৰে বন ধ্বংসৰ লগতে বনভূমি বেদখলৰ লগত জড়িত থকাৰ অভিযোগত কেইজনমান লোকক বনৰক্ষীৰ দলে ৰুণীখাতা বন কার্যালয়লৈ নিয়ে। সন্ধিয়াৰ ভাগত আটকাধীন লোককেইজনৰ পত্নী আৰু পৰিয়ালৰ মহিলাসকলে বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ আটকাধীন সকলক মুকলি কৰি দিবলৈ দাবী জনায়। সেই মুহূর্তত বন বিভাগৰ কাৰ্যালয় চৌহদত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু বনকর্মী আৰু মহিলাসকলৰ মাজত হতাহতি পৰিস্থিতিৰ সৃষ্টি হয়। উক্ত ঘটনাত কেইবাগৰাকী মহিলা আহত হৈ চিকিৎসাধীন হ’ব লগা পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰে প্ৰতিবাদত শুকুৰবাৰে পুৱাৰ ভাগত কেইবাশতাধিক আদিবাসী পুৰুষ-মহিলা আৰু একাংশ ছাত্র সংগঠনৰ নেতা-কর্মী বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য প্ৰশাসনে কোকৰাঝাৰ আৰু চিৰাং জিলাত অনির্দিষ্ট কালৰ বাবে ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ কথা সদৰী কৰিছে।