লোকসভাত গৃহীত নহ’ল মহিলা সংৰক্ষণ বিধেয়ক

Pc Daily Pioneer

লোকসভাত গৃহীত নহ’ল মহিলা সংৰক্ষণ বিধেয়ক

ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে মহিলাক সবলীকৰণৰ উদ্দেশ্যে দেশৰ আইন সভাত ৩৩ শতাংশ আসন তাৎক্ষণিকভাৱে সংৰক্ষণৰ লক্ষ্যৰে ঐতিহাসিক বিধেয়ক সংসদত উত্থাপন কৰিছিল। কিন্তু বিৰোধীৰ বিৰোধিতাত সংসদত এই বিধেয়ক গৃহীত হোৱাৰ পথ ৰুদ্ধ হৈ পৰিল। বৃহস্পতিবাৰৰ  পৰা অনুষ্ঠিত হোৱা সংসদৰ তিনিদিনীয়া বিশেষ অধিৱেশনত উত্থাপন হোৱাৰ পিছতো বিৰোধীৰ নেতিবাচক ভূমিকাৰ বাবেই ভোট গ্রহণ পর্বত লোকসভাত সংখ্যাগৰিষ্ঠতা নাপালে লোকসভাত মহিলা সংৰক্ষণ তথা লোকসভাৰ আসন বৃদ্ধি সম্পৰ্কীয় ১৩১ সংখ্যক সংবিধান সংশোধনী বিধেয়ক। দুদিন ধৰি চলা বিতৰ্কৰ শেষত শুকুৰবাৰে বিয়লি বিধেয়কক লৈ ভোটদান অনুষ্ঠিত হয়। ভোটদান পৰ্বত বিধেয়কৰ সপক্ষে ২৯৮টা ভোট আৰু বিপক্ষে ২৩০টা ভোট পৰে। মুঠ ৫২৮জন সাংসদে এই ভোটদান পৰ্বত অংশগ্ৰহণ কৰে। সংবিধান সংশোধন সম্পর্কীয় বিধেয়ক গৃহীত কৰাৰ বাবে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্রয়োজন হয়। এইক্ষেত্রত বিধেয়কখন গৃহীত কৰাৰ বাবে প্ৰয়োজন আছিল ৩৫৩টা ভোটৰ। কিন্তু এই বিধেয়ক সন্দৰ্ভত নিৰ্ধাৰিত সংখ্যা লাভ কৰিবলৈ সক্ষম নোহোৱাত সদনত ই গৃহীত নহ’ল। সংবিধান সংশোধনী বিধেয়কক লৈ অনুষ্ঠিত হোৱা বিতৰ্কত ভাগ লৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় ‘এনেকুৱা লোকসভা আসন আছে য’ত ভোটাৰৰ সংখ্যা ৪৮ লাখ। কিদৰে তাৰ সাংসদগৰাকীয়ে ভোটদাতাসকলৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰে।’ বিৰোধীক উদ্দেশ্য কৰি আবেদন জনাই তেওঁ কয়- ‘আমাৰ ওপৰত ভৰসা ৰাখক। বিধেয়ক গৃহীত হ’বলৈ দিয়ক।’ কিন্তু গৃহমন্ত্রী শ্বাহৰ আবেদনক আওকাণ কৰি ইয়াক চৰকাৰী পক্ষৰ ৰাজনৈতিক কৌশল বুলি অভিহিত কৰি নিজৰ মতত অটল থাকে বিজেপিবিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ সদস্যসকল। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ তিনিদিনীয়া বিশেষ অধিৱেশনত তিনিখন ঐতিহাসিক বিধেয়ক গৃহীত কৰিবলৈ চেষ্টা চলাইছিল কেন্দ্রই। কেন্দ্রীয় আইন মন্ত্রী অর্জুন ৰাম মেঘৱালে এই বিধেয়ককেইখন সদনত গৃহীত কৰাৰ বিবেচনাৰ বাবে উত্থাপন কৰে। তেওঁ উত্থাপন কৰা প্ৰথমখন বিধেয়ক হ’ল- লোকসভা আৰু দেশৰ সকলো ৰাজ্যৰ বিধানসভাত মহিলাসকলৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ উদ্দেশ্যে ১৩১ সংখ্যক সংবিধান সংশোধনৰ প্ৰস্তাৱ। ইয়াক ইতিমধ্যে পৰিচিত কৰা হৈছে ‘নাৰী শক্তি বন্দন অধিনিয়ম’ হিচাপে। লোকসভাৰ সাংসদৰ সংখ্যা বঢ়াই ৮৫০ কৰাৰ বিষয়টোও ইয়াৰ অন্তৰ্গত), দ্বিতীয়খন- লোকসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ (ডিলিমিটেচন) সম্পকীয় বিধেয়ক। তৃতীয়খন- কেন্দ্রীয়শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক। প্রথম বিধেয়কখন সদনত গৃহীত নোহোৱাত পিছৰ দুখনক লৈ ভোটদান পৰ্বৰ বাবে আগবাঢ়িবলৈ নিবিচাৰিলে মোদী  চৰকাৰে।  স্মর্তব্য যে ২০২৩ চনত ‘নাৰী শক্তি বন্দন অধিনিয়ম’ বিধেয়ক (১০৬সংখ্যক সংবিধান সংশোধনী বিধেয়ক) গৃহীত হৈছিল লোকসভা আৰু ৰাজ্যসভাত। মহিলাসকলৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ এই বিধেয়কত কোৱা হৈছিল যে লোকপিয়লৰ পিছত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ’ব। তাৰ পিছত সেই আসনৰ ৩৩ শতাংশ সংৰক্ষণ কৰা হ’ব মহিলাসকলৰ বাবে। চৰকাৰী পক্ষৰ ফালৰ পৰা কোৱা হয় যে ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মহিলাৰ সংৰক্ষণ কাৰ্যকৰী কৰিবলৈহে লোকসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তা আহি পৰিছে। এই প্রচেষ্টাক প্রতিহত কৰিবলৈ চেষ্টা কৰা দলসমূহক মহিলাৰ  সবলীকৰণৰ বিৰোধী বুলি অভিহিত কৰা হয়। লোকসভাত বিতর্ক চলি থাকোঁতেই বৃহস্পতিবাৰে নিশা মহিলাসকলৰ আসন সংৰক্ষণ সম্পৰ্কীয় পুৰণি আইনখন কাৰ্যকৰী কৰে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় আইন  মন্ত্রালয়ে এই আইন কার্যকৰী কৰাৰ বিষয়ে বিজ্ঞপ্তি জাৰি কৰি জনাই যে বৃহস্পতিবাৰৰ (১৬ এপ্রিল) পৰাই কাৰ্যকৰী হৈছে ১০৬সংখ্যক সংবিধান সংশোধনী বিধেয়কখন।