অজুহাতৰ অজুহাত
কেনি হেৰাই যায় আপোনবোৰ
ধীৰে ধীৰে বাঢ়ি অহা
দূৰত্বই বাৰে বাৰে
সকিয়াই…।
বকুলে আকুল কৰা হিয়াত
কোনে আহি
ব্যাকুলতা বঢ়াই তোলে…
আবেগ আন্দোলিত হিয়াইতো
অশ্ৰুহে নিগৰাব জানে..।
আনন্দৰ কণাতকৈ
দুখৰ কণাবোৰেহে
যেন আধিপত্য বিস্তাৰ কৰে।
অজুহাতেও যেন অজুহাত বিচাৰে
যিদৰে সময়ৰ নিজৰ বাবে
সময় নাথাকে…।
উপাসনা শিৱম
দৰং জিলা