ইউ জি চিয়ে মহাবিদ্যালয়- বিশ্ববিদ্যালয়কসমূহক ৩১ আগষ্টৰ ভিতৰত পৰীক্ষা পাতিবলৈ নিৰ্দেশনা জাৰি কৰে

pc-times of india

 ইউ জি চিয়ে মহাবিদ্যালয়- বিশ্ববিদ্যালয়কসমূহক ৩১ আগষ্টৰ ভিতৰত পৰীক্ষা পাতিব লৈ  নিৰ্দেশ দিয়ে

অনলাইন বাৰ্ত্তাসেৱা– বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক স্নাতক আৰু স্নাতকোত্তৰ শাখাৰ সকলো পৰীক্ষা ৩১ আগষ্টৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে বিশ্ববিদ্যালয় অনুদান আয়োগে [ইউ জি চিয়ে]। ইউ জি চিয়ে শেহতীয়াভাৱে জাৰি কৰা নিৰ্দেশনা অনুসৰি অফলাইন, অনলাইন নতুবা দুয়োটা মাধ্যমতে বিশ্ববিদ্যালয়-মহাবিদ্যালয়সমূহে চূড়ান্ত আৰু ষাণ্মাষিকৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব লাগিব। ২০১১-২২ শিক্ষাবৰ্ষ আৰম্ভ হ’ব পহিলা অক্টোবৰৰ পৰা। সেয়ে বিশ্ববিদ্যালয় অনুদান আয়োগে ৩০ ছেপ্টেম্বৰৰ ভিতৰত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহক নামভৰ্তিৰ প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। স্নাতক পৰ্যায়ৰ নামভৰ্তি প্ৰক্ৰিয়া চি বি এছ আৰু আই চি এছ ই আৰু ৰাজ্যিক ব’ডসমূহৰ ফলাফল ঘোষণা কৰাৰ পাছতহে আৰম্ভ কৰিব পাৰিব। খালী থকা আসনসমূহ মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহে ৩১ অক্টোবৰৰ ভিতৰত পূৰণ কৰিব পাৰিব। খালী থকা আসনসমূহ মহাবিদ্যালয়- বিশ্ববিদ্যালয়সমূহে ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে। আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ইউ জি চিয়ে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহক কোভিডকেন্দ্ৰিক পৰিৱেশৰ বাবে ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তি বাতিল আৰু মাইগ্ৰেচনৰ মাচুল সম্পূৰ্ণৰূপে পৰিশোধ কৰিব লাগিব। অৰ্থাৎ কোনো এগৰাকী শিক্ষাথ¹য়ে যদি তেওঁ পূৰ্বতে নামৰ্ভতি কৰা মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ উপৰি মন পচন্দৰ আন মহাবিদ্যালয়- বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে, তেন্তে সেই শিক্ষাথ¹গৰাকীক পূৰ্বৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়খনে মাচুল ঘূৰাই দিব লাগিব। অৱশ্যে বিশ্ববিদ্যালয়-মহাবিদ্যালয়সমূহক প্ৰচেছ ফীজ হিচাপে অধিকতম এহেজাৰ টকাৰ ওপৰত কৰ্তন নকৰিবলৈকো নিৰ্দেশ দিছে আয়োগে। অৰ্থাৎ নামভৰ্তিৰ সময়ত শিক্ষাৰ্থীগৰাকীয়ে প্ৰদান কৰা মুঠ ধনৰ ভিতৰত প্ৰচেছ ফীজ হিচাপে শিক্ষানুষ্ঠানখনে অধিকতম এহেজাৰ টকাহে কৰ্তন কৰিব পাৰিব। কোভিড কেন্দ্ৰীক পৰিৱেশৰ বাবে ইউ জি চি-য়ে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু ৩১ অক্টোবৰলৈ মাচুল ঘূৰাই দিয়াৰ সময়সীমা কাৰ্যকৰী হৈ থাকিব। আয়োগে লগতে ‘বেক’ পৰীক্ষা তথা পাঠদান প্ৰক্ৰিয়া ১ অক্টোবৰৰ পৰা ৩১জুলাইৰ ভিতৰত সম্পূৰ্ণ কোভিড প্ৰট’কল মানি অনুষ্ঠিত কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে। অৱশ্যে এইক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ কৰ্তৃত্ব থাকিব। কেন্দ্ৰ বা ৰাজ্য চৰকাৰে কোভিডকেন্দ্ৰীক পবিৱেশৰ ওপৰত গ্ৰহণ কৰা সিদ্ধান্তৰ ভিত্তিতহে এই পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব।

(Richa)