বিজেপিৰ সদস্য ৬০ লাখলৈ বৃদ্ধিৰ লক্ষ্য -ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ

pc- Gplus

 বিজেপিৰ সদস্য ৬০ লাখলৈ বৃদ্ধিৰ লক্ষ্য -ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ

অনলাইন বাৰ্ত্তাসেৱা–  আগন্তুক দিনত ৬০ লাখ কাৰ্যকৰ্তা বৃদ্ধি কৰাটোৱে বিজেপিৰ লক্ষ্য। এনে কাৰ্যকৰ্তাৰ জৰিয়তে লোকসভা নিৰ্বাচনৰ আগে আগে তৃণমূল পৰ্যায়ৰ ভেটি যথেষ্ট শক্তিশালী হ’ব। যুৱ মৰ্চাকে ধৰি ছয়তা মৰ্চাক একত্ৰিত কৰিব পাৰিলে নিবাচনত কোনোদিনে বিজেপিয়ে উভতি চাব লগা নহ’ব। কমলপুৰত দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত জিলা কাৰ্যনিৰ্বাহক সভাত এই মন্তব্য কৰি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে বিজেপি এডাল বৃহৎ বটবৃক্ষ, যাক কেন্দ্ৰ কৰি বুথ, মণ্ডল পৰ্যায়ৰ প্ৰতি গৰাকী সদস্যই নিজৰ পৰিচয় দাঙি ধৰিব পাৰে। তেওঁ কয়- দলৰ সৰু-সুৰা কিছু সংস্কাৰ প্ৰয়োজন আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত সভাপতিগৰাকীয়ে স্পষ্টকৈ জানিবলৈ দিয়ে যে অনাগত পাঁচ বছৰত অসম, ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত স্থান পোৱাটো নিশ্চিত। উত্তৰ কামৰূপৰ সভাপতি নন্দন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাষ্ট্ৰীয় সম্পাদক তথা মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই কয় যে বিশ্বৰ দৰবাৰত ভাৰতক প্ৰতিষ্ঠা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শিতা আৰু ৰাজনৈতিক সক্ৰিয়তাৰ বাবে দেশৰ অৰ্থনীতি কোঙা হোৱা নাই, হালি পৰা নাই। যাক অনুকৰণ কৰি মাত্ৰ ৬৭টা দিনতে ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰণালীবদ্ধ উন্নয়নৰে এক গতি আনিবলৈ সক্ষম হৈছে।