অতীত বনাম বৰ্তমান: হেৰাই যোৱা পোহৰ আৰু আৱেগহীন কোলাহলৰ দীপাৱলী – শচীন্দ্ৰ কুমাৰ দাস

Pc StockCake

অতীত বনাম বৰ্তমান: হেৰাই যোৱা পোহৰ আৰু আৱেগহীন কোলাহলৰ দীপাৱলী

— এক আত্ম-অৱলোকন

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

শৰতৰ শেৱালি-সৰা নিশাৰ আকাশখন যেতিয়া নিয়ৰৰ কোমল পৰশত স্নান কৰি স্নিগ্ধ হৈ পৰে, ঠিক তেনে এক পবিত্ৰ ক্ষণতে ধৰালৈ নামি আহে পোহৰৰ উৎসৱ দীপাৱলী। ই কেৱল এক উৎসৱেই নহয়, ই আছিল চেতনাৰ এক গভীৰ আধ্যাত্মিক জাগৰণ। ত্ৰেতা যুগৰ সেই ঐতিহাসিক ক্ষণটোৰ কথা মনলৈ আনিলে আজিও হৃদয় শ্ৰদ্ধাৰে আপ্লুত হৈ পৰে। চৈধ্যটা দীঘলীয়া বছৰ কাল দুৰ্গম বনবাসৰ যাতনা নেওচি, লংকাধিপতি ৰাৱণৰ আসুৰিক অহংকাৰক ধূলিস্যাৎ কৰি যেতিয়া মৰ্যাদা পুৰুষোত্তম ভগৱান শ্ৰীৰামচন্দ্ৰই সীতাদেৱী আৰু ভ্ৰাতৃ লক্ষ্মণৰ সৈতে নিজৰ আপোন পবিত্ৰ ধাম অযোধ্যালৈ প্ৰত্যাৱৰ্তন কৰিছিল, তেতিয়া সমগ্ৰ অযোধ্যাবাসী আৱেগ আৰু ভক্তিৰে আত্মহাৰা হৈ পৰিছিল। সেই পবিত্ৰ আগমনক আদৰিবলৈকে তেওঁলোকে মাটিৰ চাকিৰ স্নিগ্ধ পোহৰেৰে নগৰীৰ প্ৰতিটো চুক-কোণ আলোকিত কৰি তুলিছিল; আন্ধাৰ ফালি উদযাপিত হৈছিল পোহৰৰ মহোৎসৱ। সত্যৰ চিৰন্তন জয় আৰু অসত্যৰ চিৰদিনীয়া পৰাজয়ৰ সেই মহান বাৰ্তাকে বুকুত বান্ধি ভাৰতবৰ্ষৰ সনাতন পৰম্পৰাই যুগ যুগ ধৰি দীপাৱলী উদযাপন কৰি আহিছে। কিন্তু কালৰ কুটিল প্ৰৱাহ আৰু আধুনিকতাৰ কদৰ্য ধামখুমীয়াত পৰি আজি সেই পবিত্ৰ ঐতিহ্যৰ অন্তৰ্নিহিত সৌন্দৰ্য যেন ম্লান পৰি গৈছে। অতীতৰ সেই শান্ত, সমাহিত দীপাৱলী আৰু বৰ্তমানৰ উন্মত্ত, আৱেগহীন কোলাহলপূৰ্ণ দীপাৱলীৰ মাজত আজি আকাশ-পাতাল পাৰ্থক্য স্পষ্ট হৈ ধৰা দিছে।

অতীতৰ দীপাৱলীৰ বুকুত আছিল এক নিভাজ আৱেগ, পবিত্ৰতা আৰু আন্তৰিকতাৰ সুবাস। উৎসৱ অহাৰ বহু দিনৰ আগৰে পৰাই চহা জীৱনৰ ঘৰ-দুৱাৰবোৰ চাফ-চিকুণ কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সূচনা কৰা হৈছিল। কাতি বা আঘোণৰ সেই সন্ধান নামি অহাৰ লগে লগে ঘৰৰ আবাল-বৃদ্ধ-বনিতা সকলোৱে মিলি কেঁচা মাটিৰ চাকিত সৰিয়হ তেল ঢালি আৰু মৰমেৰে কটা কপাহৰ শলিতা দি পদূলিয়ে পদূলিয়ে চাকি স্থাপন কৰিছিল। সেই মাটিৰ চাকিৰ কঁপি থকা মৃদু শিখাবোৰৰ মাজত যেন মানুহৰ মনৰ ভক্তি আৰু বিনম্ৰতাহে প্ৰতিফলিত হৈছিল। তেলৰ সেই সুগন্ধ আৰু চাকিৰ শান্ত পোহৰে সমাজখনলৈ এক অপূৰ্ব আধ্যাত্মিক প্ৰশান্তি কঢ়িয়াই আনিছিল। ওচৰ-চুবুৰীয়াৰ মাজত কোনো প্ৰাচীৰ নাছিল; মানুহে ইজনে আনজনৰ ঘৰলৈ গৈ মৰমেৰে বাৰ্তা লৈছিল আৰু চেনেহৰ থলুৱা পিঠা-পনাৰ সোৱাদ ভগাই লৈছিল। ফটকাৰ প্ৰচলন আছিল যদিও তাৰ মাজত আছিল এক নান্দনিক সংযম আৰু পাৰস্পৰিক মৰ্যাদা। মুঠৰ ওপৰত, আনন্দ আছিল মানুহৰ হৃদয়ে হৃদয়ে, য’ত কোনো দেখুৱাব লগা কৃত্ৰিমতা বা অহংকাৰৰ স্থান নাছিল।

কিন্তু হায়! আজি যান্ত্ৰিকতাৰ কৰাল গ্ৰাসত পৰি দীপাৱলীৰ সেই পুৰণি আত্মা ক’ৰবাত নিচিহ্ন হৈ পৰিছে। বৰ্তমানৰ দীপাৱলী যেন কেৱল ‘প্ৰদৰ্শনপ্ৰিয়তা’ আৰু ‘উন্মত্ততা’ৰ এক কৃত্ৰিম প্ৰতিযোগিতাহে। হেঁপাহৰ মাটিৰ চাকিৰ স্থান আজিকালি কাঢ়ি ল’লে প্লাষ্টিকৰ কৃত্ৰিম ‌লাইটে। কেৱল এটা বুটাম টিপিলেই সমগ্ৰ ঘৰখন পোহৰ হয় ঠিকে, কিন্তু সেই যান্ত্ৰিক পোহৰৰ মাজত পুৰণি দিনৰ সেই আত্মিক আনন্দ আৰু পৰম্পৰাৰ সজীৱ স্পৰ্শ ক’তো বিচাৰি পোৱা নাযায়। মানুহৰ ব্যস্ততা এতিয়া সামাজিক মাধ্যমৰ চাঞ্চল্যৰ মাজত আৱদ্ধ—কোনে কিমান আড়ম্বৰপূৰ্ণ পাৰ্টী কৰিলে বা কোনে কাক কিমান দামী উপহাৰ দিলে, তাৰ ফটো দিয়াতহে আজিৰ সমাজ বেছি উদগ্ৰীব।

আটাইতকৈ ভয়াৱহ আৰু বেদনাদায়ক দিশটো হ’ল, উৎসৱৰ এই পবিত্ৰ আনন্দক সম্পূৰ্ণ কৰুণ ট্ৰেজেডিলৈ ৰূপান্তৰিত কৰি আজিৰ দীপাৱলীত ভয়াবহ দুৰঘটনা আৰু অঘটনসমূহ এক নিয়মীয়া ঘটনাত পৰিণত হৈছে। উৎসৱৰ নিশা একাংশ যুৱপ্ৰজন্মই নৈতিকতা বিসৰ্জন দি, মদ আৰু বিভিন্ন নিচাজাতীয় দ্ৰব্য সেৱন কৰি ৰাজপথত উন্মত্তৰ দৰে গাড়ী চালনাত লিপ্ত হয়। ইয়াৰ ভয়াৱহ পৰিণতিত সংঘটিত হোৱা পথ দুৰ্হটনাই কত উদীয়মান শিক্ষাৰ্থী আৰু যুৱক-যুৱতীৰ সম্ভাৱনাপূৰ্ণ জীৱন নিমিষতে কাঢ়ি লৈ যায় আৰু কত নিৰীহ পৰিয়ালৰ বুকুলৈ চিৰদিনৰ বাবে অন্ধকাৰ নমাই আনে। আনহাতে, আকাশলংঘী আতচবাজী আৰু কাণফটা বোমাৰ অহংকাৰী শব্দই সমগ্ৰ পৰিৱেশক এক নৰকসদৃশ অৱস্থালৈ লৈ যায়। কেৱল ফটকাৰ ফিৰিঙতিৰ বাবে থায়ে থায়ে ভয়ংকৰ অগ্নিকাণ্ডৰ সূচনা হয়; চকুৰ পচাৰতে ছাৰখাৰ হৈ যায় অসংখ্য নিৰীহৰ ঘৰ-দুৱাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কোটি কোটি টকাৰ সম্পত্তি। বহু অসহায় লোক নিজৰ সুৰক্ষিত ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ চৰম যাতনা ভোগ কৰিবলগা হয়।

উৎসৱৰ নামত চলা এই কদৰ্য উন্মত্ততাই মানুহৰ জীৱন আৰু স্বাস্থ্যৰ সৈতেও হেতালি খেলিছে। ফটকা ফুটাবলৈ গৈ অসৱধানতাৰ বাবে অবোধ কিশোৰৰ কৰুণ মৃত্যু পৰ্যন্ত সংঘটিত হৈছে। আকাশ ছাটি ধৰা ক’লা আৰু বিষাক্ত ধোঁৱাৰ বাবে বায়ুৰ মানদণ্ড ইমানেই ভয়ংকৰভাৱে অৱনমিত হয় ধৰা দিছে যে ই শিশু, বৃদ্ধ আৰু ৰোগীসকলৰ বাবে এক জৰুৰীকালীন স্বাস্থ্য সংকটৰ সৃষ্টি কৰে। আনফালে, ফটকাৰ তীব্ৰ বিস্ফোৰণত চকু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ প্ৰতিবছৰে বহু নিৰীহ শিশু আৰু ব্যক্তিয়ে চিৰদিনৰ বাবে নিজৰ চকুৰ দৃষ্টি হেৰুৱাই অন্ধকাৰ জীৱন সাৱটি ল’বলগা হয়। তাতকৈও লজ্জাজনক কথাটো হ’ল, উৎসৱৰ দিনা সুৰাৰ ৰাগীত মাতাল হৈ হাই-কাজিয়াত লিপ্ত হোৱা আৰু ৰাজপথত ফটকা ফুটোৱাত বাধা দিয়াৰ বাবে কৰ্তব্যৰত আৰক্ষী প্ৰশাসনৰ ওপৰত উন্মত্ত জাকে কৰা আক্ৰমণে সমাজৰ নৈতিক স্খলন আৰু বৰ্বৰতাৰ চৰম ৰূপটো উদঙাই দিয়ে।

উৎসৱৰ পৰৱৰ্তী পুৱাটো আজি চৰম যাতনাৰ দাপোণ হৈ পৰিছে। দূৰদৰ্শনৰ পৰ্দা খুলিলেই কেৱল ধ্বংস আৰু হাহাকাৰৰ খবৰ। সংবাদ মাধ্যমৰ ৰূপালী পৰ্দাত ভাঁহি আহে অঘটনৰ সেই কৰুণ ছবি—অগ্নিকাণ্ডত সৰ্বস্বান্ত হোৱা মানুহৰ কান্দোন, চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডত চিঞৰি থকা দগ্ধ শিশু আৰু ৰাজপথত পৰি থকা ডেকা তেজৰ দাগ। দীপাৱলীৰ নিশাৰ বতৰীয়ে সমাজৰ এক বিকৃত ৰূপটোহে ডাঙৰকৈ উদঙাই দেখুৱায়।

বাহ্যিক পোহৰেৰে সমগ্ৰ অট্টালিকা আলোকিত কৰিলেও যদি আমাৰ মনৰ ভিতৰৰ আন্ধাৰ, হিংসা, লোভ আৰু অহংকাৰ দূৰ কৰিব নোৱাৰোঁ, তেন্তে তেনে দীপাৱলী উদযাপন কৰাৰ কোনো নৈতিক অধিকাৰ আমাৰ নাই। দীপাৱলী পোহৰৰ উৎসৱ, তেজৰ বা বিষাক্ত ধোঁৱাৰ বিভীষিকা নহয়। যদি আমি আমাৰ হেৰাই যোৱা সেই পবিত্ৰ, শান্ত আৰু স্নিগ্ধ দীপাৱলীখন পুনৰ ঘূৰাই আনিব নোৱাৰোঁ, তেন্তে ভৱিষ্যত প্ৰজন্মই উৎসৱৰ প্ৰকৃত আধ্যাত্মিক অৰ্থই পাহৰি পেলাব। ইয়াৰ বাবে কেৱল চৰকাৰী বাধা-নিষেধ বা আৰক্ষীৰ ওপৰত নিৰ্ভৰ কৰিলে নহ’ব, প্ৰতিটো পৰিয়ালে নিজৰ সন্তানক ধৰ্মীয় উৎসৱৰ প্ৰকৃত অন্তৰ্নিহিত মহত্ব বুজাব লাগিব। আহক, আমি সকলোৱে মিলি সংকল্প লওঁ—ফটকা আৰু নিচামুক্ত এক ‘সেউজ আৰু পবিত্ৰ দীপাৱলী’ উদযাপন কৰাৰ, য’ত যান্ত্ৰিকতাৰ কোলাহলৰ পৰিৱৰ্তে কেৱল চাকিৰ শান্ত পোহৰ আৰু মানুহৰ মাজত নিৰ্ভেজাল মৰম-আন্তৰিকতাহে চিৰকাললৈ বিয়পি পৰিব।