শৃংখলাবদ্ধ – পংকজ দাস

Pc Unsplash

শৃংখলাবদ্ধ 

পংকজ দাস,গহপুৰ

আঘোণ মাহ। পথাৰবোৰ সোণালী হৈ পৰিছে। মানুহবোৰ ব্যস্ত। ধান দাই মানুহে ডাঙৰি কঢ়িয়াই ঘৰলৈ নিলে, সকলো ব্যস্ত মৰণা মৰাত, ধান ভঁৰালত ভৰোৱাত। পথাৰত পৰি ৰ’ল মাথোঁ লঠঙা নৰাবোৰ।কিন্তু সৰুকণ ব্যস্ত হৈ আছে লঠঙা নৰাবোৰৰ মাজে মাজে লেচেৰি বুটলাত।

ৰাতিপুৱা স্কুললৈ যোৱাৰ আগত আৰু স্কুলৰ পৰা অহাৰ পাছত সৰুকণে পথাৰৰ আলিয়ে আলিয়ে ঘূৰি ফুৰে। গাত ফটা চোলা, হাতত এখন পুৰণি মোনা। এটা এটাকৈ সৰি পৰা ধানৰ থোকবোৰ বুটলি মোনাত ভৰায়।

এনেকৈ সৰুকণে পথাৰত মোনা লৈ ঘূৰি ফুৰা দেখি বিদ্যালয়ত লগৰবোৰে জোকায় -‘সৰুকণ, তই ভিখাৰী নেকি? মোনা লৈ লেচেৰি বুটলি ফুৰ যে পথাৰে পথাৰে ।’

সৰুকণে হাঁহি মাৰি কয়,

নহয় অ’, মোৰ মায়ে কৈছে — ধান হ’ল লক্ষী। মাটিত পৰি থকা লক্ষীক এৰি দিব নাপায়, সেয়ে মই বুটলি আনো। তাতে তঁহতৰ কি হ’ল? তেতিয়া লগৰবোৰৰ মুখত মাত নাইকিয়া হ’ল।

সৰুকণৰ ঘৰত মাক আৰু সৰু ভনীয়েক। দেউতাক ঢুকাইছে দুবছৰ আগতে। মাকে দিন হাজিৰা কৰি যেনেতেনে ঘৰখনত দুবেলা দুমুঠি চাউল যোগাৰ কৰে। সৰুকণৰ পঢ়া খৰচ দিব নোৱাৰা বাবে সি তাৰ পঢ়া-শুনাৰ খৰচ নিজে উলিয়ায়। লেচেৰি বুটলা ধান বেচি কলম-কাগজ নিজেও কিনে আৰু ভনীয়েককো দিয়ে।

এদিন পথাৰত সৰুকণে মোনালৈ ধান ভৰাই থকা দেখি ৰমেন ককাই খঙেৰে ক’লে -ঐ ল’ৰা, মোৰ পথাৰত কি কৰিছ? ধানবোৰ এনেকৈ যে মোনাত ভৰাইছ কিয়?

সৰুকণে ভয়ে ভয়ে ক’লে- ককা, মই চোৰ কৰা নাই। আপুনি ধান দাই যাওঁতে এৰি যোৱা লেচেৰিখিনিহে বুটলিছোঁ। তেতিয়া ৰমেন ককাৰ মনটো সেমেকি গ’ল। তেওঁ নিজৰ ডাঙৰিৰ পৰা এমুঠি ধান সৰুকণৰ মোনাত ভৰাই দি ক’লে-বোপাই, আজিৰ পৰা পথাৰত লেচেৰি বুটলিবলৈ আহিবি, কোনেও বাধা নিদিয়ে তোক। কোনোবাই কিবা ক’লে মোক জনাবি। তই ভাল কাম কৰিছ। পথাৰত নষ্ট হোৱা ধানবোৰ বুটলি, নহ’লে এইবোৰ পথাৰতেই নষ্ট হৈ যাব।

সেইদিনা সৰুকণে মোনাটো কান্ধত লৈ ঘৰলৈ দৌৰিলে। তেতিয়া যেন আঘোণৰ ৰ’দত তাৰ মুখখন সোণৰ দৰে জিলিকি উঠিল। মাকে সুধিলে- আজি ইমান ধান ক’ত পালি? কাৰোবাৰ ডাঙৰি আনিলি নেকি? লোকৰ ধান এনেকৈ আনিব নাপায় বোপাই।

সৰুকণে ক’লে-মা, আজি লক্ষীয়ে নিজেই আহি মোৰ মোনাত সোমালহি।” মাকে কথাটো বুজি পোৱা নাছিল। গালি পাৰিছিল। তেতিয়া সি ৰমেন ককাই নিজে দিয়া বুলি বুজাই দিলে।

সৰুকণ ষষ্ঠ শ্ৰেণীত পঢ়ে। সি পঢ়াত ইমান চোকা নহয়, মধ্যমীয়া ।শিক্ষক-শিক্ষয়িত্ৰীৰ সকলো কথা সি মন দি শুনে। স্কুলৰ ক্ষতি নকৰে। নিয়মীয়াকৈ স্কুললৈ আহে। ছাৰ-বাইদেউয়ে দিয়া হোমৱৰ্ক সদায়ে কৰি আনে। সৰুকণ শ্ৰেণীত প্ৰথম হ’ব নোৱাৰিলেও, নম্বৰতকৈ তাৰ স্বভাৱটোহে ডাঙৰ। সেয়ে তাক সকলো শিক্ষকে মৰম কৰে।

এদিন ক্লাছত অংক ছাৰে সুধিলে- মই কৰিব দিয়া হোমৱৰ্ক কোনে কোনে কৰি আনিছা? বহীবোৰ লৈ আহা। তেতিয়া শ্ৰেণীটোৰ পৰা মাথোঁ তিনিজন ছাত্ৰ-ছাত্ৰীয়েহে বহী লৈ ছাৰৰ ওচৰলৈ আহিল। তাৰে ভিতৰত সৰুকণেও বহীখন লৈ ছাৰৰ ওচৰত জমা দিলে। ছাৰে চাই দেখিলে তাৰ অংক দুটাৰ বাহিৰে সকলো ভুল। ছাৰে তাক ক’লে-সৰুকণ, তোমাক ধন্যবাদ জনালোঁ। তোমাৰ অংক ভুল হৈছে যদিও বহীখন মোক দেখুৱাইছা। তুমি মোৰ কথা শুনিছা। ছাৰে ক্লাছত সকলোকে ক’লে,

তোমালোকে হোমৱৰ্ক কৰি নানিলা, মোৰ কথা নুশুনিলা সৰুকণে কিন্তু শুনিলে সকলো হোমৱৰ্ক কৰিলে। সি শ্ৰেণীটোৰ ভিতৰতেই শৃংখলাবদ্ধ ছাত্ৰ।সেইদিনা লগৰবোৰে বুজিলে — অংক ভুল হ’ব পাৰে, কিন্তু চেষ্টা কেতিয়াও ভুল নহয়। পথাৰে পথাৰে‌ লেচেৰি বুটলা ল’ৰাটোৱে সকলোকে শিকালে।