ৰূপনগৰত কিউআৰ স্কেন কৰি ব্যৱসায়ীক লুট

Pc Barix Help Center

ৰূপনগৰত কিউআৰ স্কেন কৰি ব্যৱসায়ীক লুট

ৰঙিলী বাৰ্ত্তাসেৱা- ডিজিটেল লেনদেনৰ সুবিধাক প্ৰৱঞ্চনাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে একাংশ অসাধু-চক্রই। গুৱাহাটীৰ ৰূপনগৰত কিউআৰ কোড স্কেন কৰি অনলাইনযোগে ধন পৰিশোধ কৰাৰ ভুৱা দাবী কৰি এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীক ৬ হাজাৰ টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাক কেন্দ্ৰ কৰি ভঙাগড় থানাত এজাহাৰ দাখিল হোৱাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে, ৰূপনগৰ এলপি স্কুলৰ সমীপত এখন সৰু দোকান চলাই জীৱিকা নিৰ্বাহ কৰা গায়িত্রী শীল নামৰ যুৱতীগৰাকীৰ দোকানলৈ এজন ব্যক্তি আহি সামগ্রী ক্রয় কৰে। ইয়াৰ পিছত তেওঁ কিউআৰ কোড স্কেন কৰি ৬ হাজাৰ টকা অনলাইনযোগে ট্রেন্সফাৰ কৰা বুলি দাবী কৰি দোকানৰ পৰা সামগ্ৰী লৈ ওলাই যায়। কিন্তু কিছু সময় অপেক্ষা কৰাৰ পিছতো ধন গায়িত্রী শীলৰ বেংক একাউণ্টত জমা নোহোৱাত তেওঁ সন্দেহ, প্রকাশ কৰে। ম’বাইলত লেনদেনৰ তথ্য পৰীক্ষা কৰি তেওঁ বুজি পায় যে কোনো ধন ট্রেন্সফাৰ হোৱা নাই আৰু তেওঁ প্ৰৱঞ্চনাৰ বলি হৈছে। ইফালে, অভিযুক্ত ব্যক্তিজনে দোকানৰ পৰা পলায়ন কৰে। ঘটনাৰ পিছত ভুক্তভোগী যুৱতীগৰাকীয়ে ভঙাগড় থানাত এখন এজাহাৰ দাখিল কৰে।