মহাকাশত সফলতাৰে উৎক্ষেপণ ৰকেট বিক্ৰম-১ৰ
ৰঙিলী বাৰ্ত্তাসেৱা– ভাৰতৰ মহাকাশ খণ্ডই আনুষ্ঠানিকভাৱে নতুন যুগত প্ৰৱেশ কৰিছে ৷ ভাৰতৰ প্ৰথম ঘৰুৱাভাৱে নির্মিত ব্যক্তিগত খণ্ডৰ অৰবিটেল ৰকেট বিক্রম-১ শনিবাৰে উৎক্ষেপণ কৰা হয়। অন্ধ্রপ্রদেশৰ শ্ৰীহৰিকোটা উৎক্ষেপণ কেন্দ্ৰৰ পৰা মহাকাশলৈ ৰাওনা হ’ল ভাৰতৰ প্ৰথমটো বেচৰকাৰী স্পেচ ৰকেট ‘বিক্রম-১’। শনিবাৰে ১২.০৫ বজাত এই ৰকেটৰ সফল উৎক্ষেপণ হয়। ‘মিছন আগমন’ৰ অধীনত এই ৰকেটৰ উৎক্ষেপণ কৰা হয়। ল’ আর্থ অৰবিটত ৩৫০ কেজি পর্যন্ত পেল’ড বহন কৰিবলৈ সক্ষম বিক্রম-১। বিক্রম-১য়ে দ্রুতগতিত আকাশলৈ উঠি যোৱাৰ লগে লগে সূচনা হ’ল এক ঐতিহাসিক মুহূৰ্তৰ। কেইবাবছৰৰ কাৰিকৰী প্ৰচেষ্টা, পৰীক্ষা-নিৰীক্ষা আৰু উদ্ভাৱনী প্ৰয়াসৰ এক চূড়ান্ত মুহূৰ্তৰ সাক্ষী হ’ল যেন সমগ্র দেশ। এই বিৰল মুহূৰ্তটোৱে মহাকাশ পৰিবহণৰ ক্ষেত্ৰত ভাৰতৰ ভৱিষ্যতক এক নতুন মাত্রা প্রদান কৰিব পাৰে। স্কাইকট এৰ’স্পেচৰ দ্বাৰা নিৰ্মিত ৰকেটটো মূলতঃ মহাকাশত কৃত্রিম উপগ্রহ উপনীত কৰোৱাৰ কামত ব্যৱহৃত হ’ব। নির্দিষ্ট কক্ষপথত উপগ্রহসমূহক স্থাপন কৰাৰ বাবে ৰকেটটো বিশেষভাৱে নিৰ্মাণ কৰা হৈছে। ই সম্পূর্ণ কাৰ্বন কম্প’জিট কাঠামোৰ মাধ্যমত গঠিত। এই ৰকেট নির্মাণত ব্যৱহৃত উপাদান ৰকেট-গ্রেড ষ্টীলতকৈ পাতল আৰু বহু বেছি মজবুত। ফলত অন্যান্য ৰকেটতকৈ ইয়াৰ কার্যক্ষমতাও বেছি বুলি দাবী কৰিছে নির্মাতাসকলে। বিক্রম-১ৰ সৈতে যি কার্ড আছে তাত দিয়া হৈছে প্ৰধানমন্ত্ৰীৰ বাৰ্তা-বন্দে মাতৰম। তদুপৰি সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰতৰ মহাকাশ অভিযানৰ বাবে আহিছে শুভেচ্ছা বার্তা। সেইবোৰকো কাৰ্ডৰ সৈতে পঠিওৱা হৈছে। বিক্রম-১ৰ সৈতে গৈছে বিক্ৰম চাৰাভাই, চি ভি ৰমন আৰু এপিজে আব্দুল কালামৰ সৰু সৰু তিনিটা মূর্তি। এই ৰকেটৰ সৈতে যি পেল’ডসমূহ মহাকাশলৈ পঠিওৱা হৈছে তাৰ ভিতৰত অন্যতম ‘এম্ব্রেছ মিছন’। মহাকাশৰ কক্ষপথ আৰু সংলগ্ন এলেকা আৱৰ্জনামুক্ত কৰি ৰাখিবলৈ বিজ্ঞানীসকলে ৰবটিক আৰ্ম প্ৰযুক্তিৰ জৰিয়তে এটা বিশেষ যন্ত্ৰ নিৰ্মাণ কৰিছে। এই যন্ত্ৰটো বিক্ৰম-১ৰ সৈতে পঠিওৱা হৈছে। এইদৰে ভাৰতৰ প্ৰথম বেচৰকাৰী স্পেচ ৰকেটটোৰ সৈতে নতুন এই যন্ত্ৰটোৰো পৰীক্ষা কৰি চোৱা হৈছে। স্কাইৰুট এৰ’স্পেচে এই অভিযানৰ নাম দিছে ‘মিছন আগমন’। ৰকেট উৎক্ষেপণৰ অন্তিম ১০ ছেকেণ্ডৰ কাউন্ট ডাউন আৰম্ভ হয় শ্রীহৰিকোটাত। কাউন্ট ডাউন শেষ হোৱাৰ লগে লগে উজ্জ্বল কমলা ৰঙৰ শিখা বিয়পাই প্রচণ্ড গতিত আকাশ অভিমুখে অগ্ৰসৰ হয় বিক্রম-১। ঘন শুকুলা ধোঁৱাই ঢাকি ধৰে সমগ্ৰ এলেকাটো। উৎক্ষেপণৰ ভিডিঅ’ প্ৰকাশ কৰিছে ভাৰতৰ মহাকাশ গবেষণা সংস্থা ইছৰোৱে। স্কাইৰুটৰ এই উদ্যোগৰ জৰিয়তে বেচৰকাৰী মহাকাশ গৱেষণাৰ জগতখনত ভাৰতৰ অৱস্থান অধিক সুদৃঢ় হ’ল। ইছৰোৱে জনাইছে যে বিক্রম-১ৰ সৈতে ভাৰতত বাণিজ্যিক মহাকাশ উৰণৰ যুঁজ আৰম্ভ হৈ গ’ল। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমখন ব্যক্তিগতভাৱে নিৰ্মিত উৎক্ষেপণ বাহন বিক্ৰম-১ৰ প্ৰথমটো কক্ষপথত উৎক্ষেপণৰ প্ৰশংসা কৰি ইয়াক দেশৰ মহাকাশ যাত্ৰাত ‘ঐতিহাসিক নতুন মাইলৰ খুঁটি’ আৰু ভাৰতৰ যুৱ প্ৰজন্মৰ প্ৰতিভা আৰু উদ্যোগী মনোভাৱৰ প্ৰতীক বুলি অভিহিত কৰে । এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভাৰতৰ মহাকাশ যাত্ৰাৰ বাবে এক ঐতিহাসিক নতুন আৰম্ভণি ! স্কাইৰুট এৰ’স্পেছে ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত উৎক্ষেপণ বাহন বিক্ৰম-১ৰ প্ৰথমটো কক্ষপথৰ উৎক্ষেপণ কৰিব ।” তেওঁ লগতে কয়, “চাৰিটা পৰ্যায়ৰ ৰকেটটো দ্ৰুত আৰু নিৰ্মিত উৎক্ষেপণ সেৱা প্ৰদানৰ বাবে ডিজাইন কৰা হৈছে । এই অভিযানে আমাৰ যুৱক-যুৱতীসকলৰ প্ৰতিভা, দৃঢ়তা, আৰু উদ্যোগী মনোভাৱক প্ৰদৰ্শন কৰে । ইয়াৰ উপৰিও ই কেনেদৰে সংস্কাৰ সাধন কৰে, সেইয়া প্ৰদৰ্শন কৰে । আমাৰ মহাকাশ খণ্ডই উদ্ভাৱন আৰু উদ্যোগৰ বাবে নতুন সুযোগ মুকলি কৰিছে ।”
